সি যদি মোৰ সৈতে যুদ্ধ কৰি জয়ী হৈ মোক বধ কৰে, তেনেহলে আমি সকলো তহঁতৰ বন্দী হ’ম; কিন্তু যদি মই তাক পৰাজয় কৰি তাক বধ কৰোঁ, তেনেহলে তহঁত আমাৰ বন্দী হৈ আমাৰ দাসৰ কাম কৰিবি।”
এদিন নেৰৰ পুত্ৰ অবনেৰ আৰু চৌলৰ পুত্ৰ ঈচ্বোচতৰ দাসবোৰে মহনয়িমৰ পৰা গিবিয়োনলৈ গৈছিল৷
অম্মোনীয়া নাহচে উঠি আহি যাবেচ-গিলিয়দৰ বিৰুদ্ধে ছাউনি পাতিলে। যাবেচৰ আটাই লোকে নাহচক ক’লে, “আপুনি আমাৰ সৈতে এটা চুক্তি কৰক; তেতিয়াহে আমি আপোনাৰ অধীনত থাকিম।”
পলেষ্টীয়াজনে পুনৰ ক’লে, “আজি মই ইস্ৰায়েলৰ সৈন্যসকলক প্ৰত্যাহ্ৱান জনাইছোঁ, তহঁতে মোক এজন মানুহ দে, যাতে আমি দুয়ো একেলগে যুদ্ধ কৰোঁ।”