পাছত যিচয়ে অবীনাদবক মাতি আনিলে আৰু চমূৱেলৰ সন্মুখেদি যাবলৈ দিলে। তাতে চমূৱেলে ক’লে, “যিহোৱাই এওঁকো মনোনীত কৰা নাই।”
অবীনাদব সমুদায় দোৰ জিলাত আছিল, তেওঁ চলোমনৰ জীয়েক টাফতক বিয়া কৰাইছিল,
যিচয়ৰ জ্যেষ্ঠ পুত্ৰ ইলীয়াব, দ্বিতীয় অবীনাদব, তৃতীয় চিমিয়া,
যিচয়ৰ তিনিজন ডাঙৰ সন্তান চৌলৰ পাছে পাছে যুদ্ধলৈ গৈছিল; আৰু যুদ্ধলৈ যোৱা তেওঁৰ তিনিজন পুত্ৰৰ নাম আছিল, প্ৰথমজন ইলীয়াব, দ্বিতীয়জনৰ নাম অবীনাদৰ, আৰু তৃতীয়জনৰ নাম চম্মা।
তাৰ পাছত কিৰিয়ৎ-যিয়াৰীমৰ লোকসলকে আহি যিহোৱাৰ নিয়ম-চন্দুক লৈ গ’ল আৰু পৰ্ব্বতত থকা অবীনাদবৰ ঘৰত ৰাখিলে। তাতে তেওঁলোকে যিহোৱাৰ সেই নিয়ম-চন্দুক ৰাখিবৰ বাবে তেওঁৰ পুতেক ইলিয়াজৰক পবিত্ৰ কৰিলে।