Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



1 চমূ 15:35

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

কিন্তু তেতিয়াৰে পৰা মৃত্যুলৈকে চমূৱেলে চৌলক পুনৰ দেখা নকৰিলে, কাৰণ চমূৱেলে চৌলৰ বাবে শোক কৰিলে। আৰু যিহোৱাই ইস্ৰায়েলৰ ওপৰত চৌলক যে ৰজা পাতিলে, তাৰ বাবে তেওঁ বেজাৰ কৰিলে।

অধ্যায়টো চাওক কপি কৰক

10 পৰস্পৰ সংযোগসমূহ  

পৃথিৱীত মানুহ সৃষ্টি কৰি যিহোৱা দুঃখিত হ’ল আৰু অন্তৰত বেজাৰ পালে।

এতেকে চৌলৰ জীয়েক মীখলৰ মৰণ কাললৈকে কোনো সন্তান নহ’ল।

মোৰ চকুৰ পৰা চকুলোৰ নদী বৈ গৈছে; কিয়নো লোকসকলে তোমাৰ ব্যৱস্থা পালন নকৰে।

মই বিশ্বাস ঘাতকবোৰক দেখি ঘিণ কৰোঁ; কাৰণ তেওঁলোকে তোমাৰ বাক্য পালন নকৰে।

মই আপোনালোকক বাৰে বাৰে কৈছোঁ, এতিয়াও চকুলো তুকিয়েই কওঁ, আপোনালোকৰ অনেকে জীয়াই থাকিও, খ্ৰীষ্টৰ ক্ৰুচৰ শত্ৰু হৈ আছে;

“চৌলক যে মই ৰজা পাতিলোঁ তাৰ বাবে মই দুখিত; কিয়নো তেওঁ মোৰ পৰা বিমুখ হ’ল আৰু মোৰ আজ্ঞাবোৰ পালন নকৰিলে।” তেতিয়া চমূৱেলৰ খং উঠিল, তেওঁ গোটেই ৰাতি যিহোৱাৰ আগত ক্ৰন্দন কৰিলে।

যিহোৱাই চমূৱেলক ক’লে, “মই চৌলক অগ্ৰাহ্য কৰি ইস্ৰায়েলৰ ওপৰত দিয়া তেওঁৰ ৰাজপদ গুচাই দিয়া দেখি তুমি নো কিমান সময় চৌলৰ কাৰণে শোক কৰি থাকিবা? তোমাৰ শিংটো তেলেৰে পুৰ কৰি লোৱা; এতিয়া মই তোমাক বৈৎলেহেমীয়া যিচয়ৰ ওচৰলৈ পঠাওঁ; কিয়নো মই তেওঁৰ পুত্ৰ সকলৰ মাজৰ এজনক ৰজা হ’বৰ অৰ্থে বাচি ললোঁ।”

আৰু নিজৰ কাপোৰ সোলোকাই চমূৱেলৰ আগত ভাববাণী প্ৰচাৰ কৰিলে, গোটেই ৰাতি আৰু দিন উদং গাৰে পৰি থাকিল। এই কাৰণে লোকসকলে কলে, “চৌলো জানো ভাববাদীসকলৰ মাজৰ এজন?”




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন