Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



1 চমূ 14:27

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

কিন্তু যোনাথনে তেওঁৰ পিতৃয়ে লোকসকলক দিয়া শপতৰ কথা শুনা নাছিল। সেই কাৰণে তেওঁ নিজৰ হাতত থকা লাখুটিৰ আগ মৌ-ছাকৰ মাজত সোমোৱাই দিলে আৰু হাতত লৈ মুখত দিলে; তাতে তেওঁৰ চকু উজ্জ্বল হ’ল।

অধ্যায়টো চাওক কপি কৰক

6 পৰস্পৰ সংযোগসমূহ  

হে মোৰ পুত্র, মৌ খোৱা, কাৰণ ই ভাল, আৰু মৌচাকৰ পৰা নিগৰি অহা মৌ তোমাৰ জিভাৰ বাবে সুস্বাদু।

ঘোলা পানীৰ নিজৰা, বা নষ্ট হৈ যোৱা ভুমুক যেনে, দুষ্ট লোকৰ সন্মুখত ভাল মানুহো থৰক-বৰক হোৱাও তেনে।

তেতিয়া লোকসকলৰ মাজৰ এজনে ক’লে, “আপোনাৰ পিতৃয়ে লোকসকলক শপত দি এই দৃঢ় আজ্ঞা কৰিছিল যে, যিজনে আজি আহাৰ কৰিব, সি অভিশপ্ত হব; যদিও লোকসকল ভোকত দুৰ্বল হ’য়।”

তেতিয়া যোনাথনে ক’লে, “মোৰ পিতৃয়ে ৰাজ্যক সঙ্কটত পেলাইছে। চোৱা, এই অকণমান মৌ চাকি চোৱাত মোৰ চকু কেনেদৰে উজ্জ্বল হৈ গ’ল!

তেতিয়া চৌলে যোনাথনক ক’লে, “তুমি কি কৰিলা, সেই বিষয়ে মোক কোৱা;” তাতে যোনাথনে তেওঁক ক’লে, “মোৰ হাতত থকা লাখুটিৰ আগেৰে যৎকিঞ্চিৎ মৌৰস লৈ সঁচাকৈ চাকিছিলোঁ হয়; চাওঁক, মই মৰিব লগা হওঁ।”

বিশেষকৈ তেওঁলোকে তেওঁক এটা ডিমৰুৰ পিঠা আৰু দুথোপা শুকান দ্ৰাক্ষাগুটি খাবলৈ দিলে, সেইবোৰ খোৱাৰ পাছত তেওঁ পুনৰ শক্তি পালে; কিয়নো তেওঁ তিনি দিন-ৰাতি একো খোৱা নাছিল।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন