Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



1 চমূ 13:16

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

চৌল আৰু তেওঁৰ পুত্ৰ যোনাথন আৰু তেওঁৰ লগৰ লোকসকল বিন্যামীনৰ গেবাত থাকিল। কিন্তু পলেষ্টীয়াসকলে মিকমচত ছাউনি পাতিলে।

অধ্যায়টো চাওক কপি কৰক

4 পৰস্পৰ সংযোগসমূহ  

তেওঁলোকে ঠেক পথ অতিক্রম কৰিলে, আৰু গেবাত অস্থায়ীভাৱে থাকিলে। ৰামা কঁপিছে, চৌলৰ গিবিয়া পলাইছে।

চৌলে ইস্ৰায়েলৰ মাজৰ পৰা তিনি হাজাৰ সৈন্য মনোনীত কৰিলে; তাৰে দুই হাজাৰ সৈন্য মিকমচত আৰু বৈৎএল পৰ্বতত চৌলৰ লগত থাকিল, একহাজাৰ বিন্যামীন প্ৰদেশৰ গিবিয়াত যোনাথনৰ লগত থাকিল, আৰু আনসকলো লোকক তেওঁ নিজ নিজ তম্বুলৈ পঠাই দিলে।

যোনাথনে গেবাত থকা ফিলিষ্টীয়াসকলৰ নগৰ ৰক্ষী সৈন্যদলক পৰাস্ত কৰিলে আৰু পলেষ্টীয়াসকলে এই সকলো কথা শুনিলে। তাৰ পাছত চৌলে দেশৰ সকলোফালে শিঙা বজাই ক’লে, “ইব্ৰীয়াসকলে শুনক।”

সেই সময়ত চৌল গিবিয়াৰ বাহিৰ ভাগৰ মিগ্ৰোণত থকা এজোপা ডালিম গছৰ তলত আছিল। তেওঁৰ লগত প্ৰায় ছশ লোক আছিল,




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন