কিন্তু তোমালোকে যদি বেয়া আচৰণ কৰা, তেন্তে তোমালোক আৰু তোমালোকৰ ৰজা উভয়ে বিনষ্ট হ’বা।
কিন্তু যদি তেওঁবিলাকে নুশুনে তেন্তে অস্ত্ৰাঘাতত বিনষ্ট হয়, আৰু জ্ঞানৰ অভাৱত প্ৰাণত্যাগ কৰে।
কিন্তু যদি তোমালোক অসন্মত হৈ বিদ্ৰোহ আচৰণ কৰা, তেনেহ’লে তৰোৱালৰ দ্বাৰাই গ্ৰাস কৰা হ’ব,” কিয়নো যিহোৱাৰ মুখে এই কথা ক’লে।
দুষ্ট লোকৰ সন্তাপ হ’ব; তেওঁৰ অমঙ্গল হ’ব; কাৰণ তেওঁৰ হাতৰ কাৰ্যৰ ফল তেওঁ পাব।
তেতিয়া তেওঁলোকে অৱশ্যেই ক’ব, “আমি যিহোৱাক ভয় নকৰাৰ কাৰণে আমাৰ কোনো ৰজা নাই; কিন্তু ৰজা থাকিলেও, তেওঁ আমাৰ কাৰণে কি কৰিব পাৰিলেহেঁতেন?”
যিহোৱাই আপোনালোকে মনোনীত কৰা ৰজাক আৰু আপোনালোকক এনে এটা জাতিৰ ওচৰলৈ লৈ যাব, যাক আপোনালোকে আৰু আপোনালোকৰ পূর্বপুৰুষসকলেও নাজানে। সেই ঠাইত আপোনালোকে কাঠ আৰু শিলৰ আন দেৱতাবোৰৰ মুৰ্ত্তিক সেৱাপূজা কৰিব।
আপোনালোকে যদি কেতিয়াবা আপোনালোকৰ ঈশ্বৰ যিহোৱাক পাহৰি গৈ আন দেৱতাবোৰৰ পাছত চলে আৰু সেইবোৰৰ সেৱা-পূজা কৰে, তেন্তে আজি মই আপোনালোকৰ বিৰুদ্ধে এই কথা নিশ্চয় কৰি কৈছো যে, আপোনালোক ধ্বংস হৈ যাব।
নিজ ঈশ্বৰ যিহোৱাই তোমালোকক আদেশ কৰা নিয়মটি যদি তোমালোকে লঙ্ঘন কৰা আৰু তোমালোকে যদি আন দেৱতাবোৰক পূজা কৰা আৰু সেইবোৰৰ আগত প্ৰণিপাত কৰা, তেন্তে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ ক্ৰোধ তোমালোকৰ বিৰুদ্ধে জ্বলি উঠিব আৰু তেওঁ তোমালোকক দিয়া এই উত্তম দেশৰ পৰা, তোমালোক সোনকালে বিনষ্ট হ’বা।”
তোমালোকে যদি যিহোৱাক ত্যাগ কৰি বিজাতীয় দেৱতাক পূজা কৰা, তেন্তে তেওঁ তোমালোকক মঙ্গল কৰাৰ পৰা ঘূৰি, তোমালোকৰ অমঙ্গলহে কৰিব আৰু তোমালোকক সংহাৰ কৰিব।”
চৌলে ত্ৰিশ বছৰ বয়সত ৰাজ্য শাসন কৰিবলৈ আৰম্ভ কৰে, আৰু তেওঁ ইস্ৰায়েলৰ লোকসকলক দুবছৰ শাসন কৰে।