Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



1 কৰি 5:1

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

আমি শুনিছোঁ যে, আপোনালোকৰ মাজত ব্যভিচাৰ আছে; যি ব্যভিচাৰী কার্য অনা-ইহুদী সকলৰ মাজতো নাই। এনে কি শুনিবলৈ পাইছোঁ আপোনালোকৰ মাজৰ এজনে নিজৰ পিতৃৰ ভার্য্যাকে ৰাখিছে।

অধ্যায়টো চাওক কপি কৰক

32 পৰস্পৰ সংযোগসমূহ  

ইস্ৰায়েলে সেই দেশত নিবাস কৰা সময়ত ৰূবেণে তেওঁৰ বাপেকৰ উপপত্নী বিলহাৰ লগতে শয়ন কৰিলে; সেই কথা ইস্ৰায়েলৰ কাণত পৰিল। যাকোবৰ পুত্ৰ আছিল বাৰজন।

যাকোবৰ বংশৰ বৃত্তান্ত এইধৰণৰ। যোচেফ যেতিয়া সোঁতৰ বছৰ বয়সৰ এজন যুবক, তেতিয়া তেওঁ ককায়েকসকলৰ সৈতে পশুৰ জাকবোৰ চৰাইছিল। তেওঁ মাহী মাক বিলহা আৰু জিল্পাৰ পুতেকসকলৰ লগত আছিল আৰু বাপেকৰ আগত তেওঁলোকৰ বেয়া কার্যবোৰৰ বিষয়ে সংবাদ দিছিল।

তুমি উতলা পানীৰ নিচিনা হোৱা বাবে তোমাৰ প্ৰাধান্যতা নাথাকিব; কিয়নো তুমি নিজ পিতৃৰ শোৱা বিচনালৈ উঠি গৈছিলা। তেতিয়া তুমি অপবিত্ৰ কৰ্ম কৰিছিলা। সি মোৰ শয্যালৈ উঠি গৈছিল।

পাছে অবচালোমৰ বাবে গৃহৰ শীৰ্ষ স্হানত এটা তম্বু তৰি দিয়া হ’ল আৰু অবচালোমে সকলো ইস্ৰায়েলৰ সাক্ষাতে নিজ পিতৃৰ উপপত্নীবোৰত গমণ কৰিলে।

পাছত যেতিয়া দায়ুদ যিৰূচালেমলৈ নিজৰ ঘৰলৈ আহিল তেতিয়া তেওঁ ঘৰ ৰাখিবৰ অৰ্থে নিজৰ যি দহ জনী উপপত্নী থৈ গৈছিল, তেওঁলোকক আনি এটা ঘৰত পহৰা দি বন্ধ কৰি হ’ল। তেওঁ তেওঁলোকৰ প্ৰয়োজনৰ ব্যৱস্থা কৰিছিল, কিন্তু তেওঁলোকৰ সৈতে আৰু গমন নকৰিলে। এই দৰে তেওঁলোক বিধৱা অৱস্থাত মৰণ কাললৈকে আবদ্ধ হৈ থাকিল।

ৰূবেণ ইস্ৰায়েলৰ প্রথম সন্তান আছিল, তেওঁ আছিল ইস্রায়েলৰ প্রথম পুত্র; কিন্তু তেওঁৰ পিতৃৰ শয্যা কলুষিত কৰা বাবে তেওঁ নিজৰ জেষ্ঠাধিকাৰ হেৰুৱাইছিল, আৰু ইস্ৰায়েলৰ পুত্ৰ যোচেফৰ সন্তানক সেই অধিকাৰ দিয়া হৈছিল। সেয়ে বংশাৱলীত তেওঁৰ নাম জেষ্ঠৰ শ্ৰেণীত লিখা নহ’ল।

তুমি প্ৰেম বিচাৰিবলৈ কেনে সুন্দৰৰূপে নিজ পথ যুগুত কৰিছা। এই কাৰণে দুষ্ট স্ত্রীসকলকো তুমি নিজ পথ শিকালা।

তথাপি তুমি তেওঁলোকৰ আচাৰ-ব্যৱহাৰত যে চলিলা, বা তেওঁলোকৰ ঘিণলগীয়া কাৰ্য অনুসাৰে যে কাৰ্য কৰিলা, সেয়ে নহয়; কিন্তু তাক অতি ক্ষুদ্ৰ বুলি ভাবি তোমাৰ আটাই আচাৰ-ব্যৱহাৰত তুমি তেওঁলোকতকৈ অধিক ভ্ৰষ্টা থ’লো।

তোমাৰ মাজত পিতৃৰ উলঙ্গতা প্ৰকাশ কৰে। তোমাৰ মাজত ঋতু-স্নান হোৱা স্ত্রীক বলাৎকাৰ কৰে।

তোমাৰ পিতৃৰ ভাৰ্য্যাৰ উলঙ্গতা অনাবৃত নকৰিবা; সেইদৰে তোমাৰ পিতৃক লজ্জিত নকৰিবা।

আৰু যি মানুহে নিজ পিতৃ-ভাৰ্য্যাৰে সৈতে শয়ন কৰিব, তেওঁ নিজ পিতৃৰ উলঙ্গতা প্ৰকাশ কৰে। অৱশ্যে সিহঁত দুয়োৰো প্ৰাণদণ্ড হব। তেওঁলোকৰ ৰক্তপাতৰ দোষ তেওঁলোকৰ গাতে লাগি থাকিব।

তেওঁলোকে দৰিদ্রৰ মূৰবোৰ মাটিৰ ধূলিত গছকে আৰু পীড়িতসকলক পথৰ পৰা দূৰলৈ ঠেলি পঠায়। পিতৃ আৰু পুত্রই একেজনী যুৱতীৰ সৈতে শয়ন কৰে আৰু এইদৰে মোৰ পবিত্ৰ নাম অপবিত্ৰ কৰে।

বৰং আমি তেওঁলোকলৈ এই কথা লিখি জনাওঁ যে, তেওঁলোকে যেন মূর্তি পূজা বিষয়ক কোনো অশুচিতা, ব্যভিচাৰ আৰু টেঁটু চেপি মৰা প্রাণীৰ মাংস আৰু তেজ খোৱা, এই সকলোবোৰৰ পৰা পৃথকে থাকে।

আপোনালোকে মূর্তিৰ ওচৰত উৎসর্গ কৰা প্ৰসাদৰ পৰা বিৰত থাকক। তেজ আৰু টেটু-চেপা দি মৰা কোনো প্রাণীৰ মাংস আৰু তেজ নাখাব; কোনো ব্যভিচাৰ নকৰিব। এই সকলোবোৰৰ পৰা নিজক আতৰাই ৰাখিলে, আপোনালোকৰ মঙ্গল হ’ব। ইতি।”

মোৰ ভাই-ভনী সকল, মই ক্লোয়ীৰ ঘৰৰ লোক সকলৰ পৰা শুনিবলৈ পাইছো যে, আপোনালোকৰ মাজত নানা বাক-বিতণ্ডা হৈ আছে।

মই এতিয়া আপোনালোকলৈ লিখিছোঁ যে, খ্রীষ্টত ভাই বা ভনী বুলি পৰিচিত কোনো মানুহ যদি ব্যভিচাৰী, লুভীয়া, মূৰ্তিপূজক, নিন্দক, মতলীয়া, প্রৱঞ্চক হয়, তেনেহলে তেওঁৰে সৈতে আলাপ-ব্যৱহাৰ, এনে কি, খোৱা বোৱাও নকৰিব।

“পেটৰ কাৰণেই আহাৰ; আহাৰৰ কাৰণেও পেট”; কিন্তু ঈশ্বৰে এই দুয়োকো লোপ কৰিব। তথাপি শৰীৰ ব্যভিচাৰৰ কাৰণে নহয়, প্ৰভুৰ কাৰণেহে আৰু প্রভুও শৰীৰৰ কাৰণেহে;

ব্যভিচাৰৰ পৰা পলাওক। মানুহে যি পাপ কার্য কৰে, সেইবোৰ তেওঁৰ শৰীৰৰ বাহিৰত কৰে; কিন্তু যি কোনোৱে যৌনপাপ কৰে, তেওঁ নিজৰ শৰীৰৰ বিৰুদ্ধেই পাপ কৰে।

যি সকলে অধর্ম আচৰণ কৰে তেওঁলোক যে ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী নহ’ব, সেই সেই বিষয়ে নাজানে নেকি? আপোনালোক ভ্ৰান্ত নহ’ব; যি সকল অনৈতিক যৌনাচাৰত ব্যভিচাৰী, অধৰ্মি, মূৰ্তিপূজক, পৰস্ত্ৰীগামী, পুৰুষ বেশ্যা, পুংমৈথুনী আদি অভ্যাসত লিপ্ত হয়,

তাতে পুনৰ আহিলে, মোৰ ঈশ্বৰে আপোনালোকৰ আগত মোক সৰু কৰিব; আৰু মই সেই অনেক লোকৰ কাৰণে শোক কৰিব লাগিব৷ কাৰণ যি সকলে আগেয়ে পাপ কৰিছিল, তেওঁলোকে সেই অশুচি কাৰ্যবোৰৰ পৰা মন-পালটন নকৰি, ব্যভিচাৰ আৰু লম্পট আচৰণত যেনেদৰে চলি আছিল, তেনেদৰে চলি থাকিল৷

কিন্তু কোনোৱে যদি দুখ দি থাকে, তেনেহলে তেওঁ অকল মোক দুখ দিলে এনে নহয়; বেছি বঢ়াই নকলেও মই এটা কথা কওঁ যে, তেওঁ আপোনালোক সকলোকে দুখ দিলে।

যদিওঁবা মই আপোনালোকলৈ লিখিছিলো, তথাপি অন্যায় কৰা জনৰ কাৰণে বা অপকাৰ পোৱা জনৰ কাৰণে নহয়, কিন্তু আমাৰ অৰ্থে আপোনালোকৰ যি যত্ন, সেয়ে ঈশ্বৰৰ দৃষ্টিত আপোনালোকৰ বাবে যেন প্ৰকাশিত হয়, এই কাৰণেহে লিখিছিলোঁ।

এতিয়া মাংসৰ কাৰ্যবোৰ দৃশ্যমান৷ সেয়ে ব্যভিচাৰ, অশুচি কাৰ্য, লম্পট আচৰণ,

আপোনালোকৰ মাজত যেন ব্যভিচাৰ আদি কোনো ধৰণৰ অনৈতিক বা অশুচি কৰ্ম আৰু লোভ নাথাকক; সেইবোৰৰ বিষয়ে কথা-বার্তাও নহওক; ঈশ্বৰৰ পবিত্ৰ লোকৰ এয়ে উচিত;

পুৰুষে বাপেকৰ কোনো ভার্যাকে নিজৰ কৰি গ্ৰহণ নকৰিব; তেওঁ বাপেকৰ বৈবাহিক অধিকাৰৰ আৱৰণ নুগুচাব।

যি কোনোৱে বাপেকৰ ভার্যাৰে সৈতে ব্যভিচাৰ কৰে, তেওঁ বাপেকৰ অধিকাৰ লোৱাৰ কাৰণে অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’

এতেকে আপোনালোকে, পৃথিৱীত থকা এই সকলোকে মাৰি পেলাওঁক; নিজ নিজ অঙ্গ-প্ৰত্যঙ্গ স্বৰূপ যি ব্যভিচাৰ, অশুচিতা, কামাভিলাষ, কু-অভিলাষ আৰু লোভ, যেনে মূৰ্তিপূজা৷

কিয়নো ঈশ্বৰে আমাক অপবিত্রতালৈ নহয়, কিন্তু পবিত্ৰতালৈহে আমন্ত্ৰণ কৰিলে।

মন-পালটন কৰিবলৈ মই তেওঁক সময় দিলোঁ, কিন্তু তেওঁ নিজ ব্যভিচাৰৰ পৰা মন পালটাবলৈ ইচ্ছা নকৰে।

কিন্তু যি সকল ভয়াতুৰ, অবিশ্বাসী, ঘিণলগীয়া, নৰবধী, ব্যভীচাৰি, মায়াবী, মূৰ্তিপূজক আৰু সকলো মিছলীয়া সকলে জ্বলি থকা গন্ধক আৰু জুইৰ সৰোবৰত নিজ নিজ ভাগ পাব৷ সেয়াই দ্বিতীয় মৃত্যু।”

হে মোৰ বোপাহঁত, তোমালোকে শুনা তোমালোকে এনে কৰ্ম নকৰিবা; কিয়নো মই যি কথা শুনিছোঁ, সেয়ে ভাল নহয়। তোমালোকে যিহোৱাৰ লোকসকলক আজ্ঞা লঙ্ঘন কৰাইছাহঁক।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন