নতুবা, ঈশ্বৰৰ বাক্য আপোনালোকৰ মাজৰ পৰা ওলাইছিল নে? বা অকল আপোনালোকৰ ওচৰলৈহে আহিছিল নে?
অনেক লোক আহিব আৰু ক’ব, “আহাঁ, আমি যিহোৱাৰ পৰ্ব্বতলৈ, আৰু যাকোবৰ ঈশ্বৰৰ গৃহলৈ উঠি যাওহঁক; সেয়ে তেওঁ আমাক তেওঁৰ কিছুমান পথৰ বিষয়ে শিক্ষা দিব; তাতে আমি তেওঁৰ পথত গমন কৰিব পাৰিম।” কিয়নো চিয়োনৰ পৰা বিধান আৰু যিৰূচালেমৰ পৰা যিহোৱাৰ বাক্য ওলাই যাব।
আৰু সেইদিনা যিৰূচালেমৰ পৰা জীৱন্ত জল সমূহ ওলাব, তাৰ আধা পূৱ সমুদ্ৰৰ ফালে, আধা পশ্চিম সমুদ্ৰৰ ফালে যাব; সেয়ে গৰম বা জাৰকালতো থাকিব।
ইয়াৰ পাছত তেওঁলোক আম্ফিপলি আৰু আপল্লোনিয়া নগৰৰ মাজেদি থিচলনীকি চহৰলৈ গ’ল। তাত ইহুদী সকলৰ এটা নাম-ঘৰ আছিল।
যি সকল লোকে পৌলক লগত লৈ গৈছিল, তেওঁলোকে তেওঁক আথিনী চহৰলৈ লৈ গ’ল আৰু পৌলক তাতে এৰিলে। পাছত তেওঁলোকে পৌলৰ পৰা চীল আৰু তীমথিয়ৰ কাৰণে এই আদেশলৈ আহিল যে, তেওঁলোকে যেন অতি সোনকালে পৌলৰ লগ লয়।
কিন্তু তেওঁলোকে যদি কিবা সুধি শিক্ষা পাব খোজে, তেনেহলে ঘৰতে নিজ নিজ স্বামীক সোধক; কিয়নো মণ্ডলীত মহিলা মানুহে কথা কোৱা লাজৰ বিষয়।
কোনোৱে যদি নিজকে নিজে ভাববাদী বা আত্মিক বুলি মানে, তেনেহলে মই আপোনালোকলৈ যিবোৰ কথা লিখিছোঁ, সেইবোৰ ঈশ্বৰৰ আদেশ বুলি তেওঁ জানক।
কিয়নো আপুনি যে আন লোক সকলতকৈ বিশিষ্ট সেয়া কোনে দেখা পায়? ঈশ্বৰৰ পৰা যি দান হিচাপে পোৱা নাই, তেনে কি বস্তুৱেই বা আপোনাৰ আছে? আপুনি যেতিয়া দান হিচাপে পাই, তেতিয়া দান যেন পোৱা নাই, এনে দ্বিধাবোধ কৰি অহংকাৰ কিয় কৰে?
মাত্র মাকিদনিয়া আৰু আখায়া অঞ্চলতে যে আপোনালোকৰ পৰা প্ৰভুৰ বাক্য বিয়পি পৰিছে এনে নহয়, কিন্তু ঈশ্বৰৰ প্ৰতি আপোনালোকৰ যি বিশ্বাস, সেই বাৰ্তা সকলো ঠাইতে বিয়পি পৰিছে। এই বিষয়ে আমি একো কোৱাৰ প্ৰয়োজন নাই।