এতেকে লোকৰ ক্ষেত্ৰতো ঠিক তেনে ধৰণৰেই, আপোনালোকে আত্মাৰ বিবিধ বৰলৈ হাবিয়াহ কৰিছে যেতিয়া, মণ্ডলীক ধৰ্মত বৃদ্ধি কৰিবৰ বাবে উপচি পৰিবলৈ যত্ন কৰক।
এতেকে শান্তিজনক আৰু পৰস্পৰৰ উন্নতি সাধক যি যি আছে, সেইবোৰহে অনুসৰণ কৰোঁ আহক।
কিন্তু উত্তম উত্তম বৰলৈ হাবিয়াহ কৰা; তথাপি তাতকৈয়ো এক উত্তম পথ মই আপোনালোকক দেখুৱাওঁ।
কিন্তু হিতৰ কাৰণে প্ৰতিজনকে আত্মা-প্ৰকাশক গুণ দিয়া হৈছে।
আপোনালোকে প্ৰেমৰ পাছে পাছে যাওঁক; আৰু আত্মিক বৰবোৰলৈ একান্ত মনেৰে হাবিয়াহ কৰক, বিশেষকৈ ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰিবৰ হাবিয়াহ কৰক।
এই কাৰণে যি জনে পৰভাষা কয়, তেওঁ যেন অৰ্থও বুজাই দিব পাৰে, তাৰ কাৰণে প্ৰাৰ্থনা কৰক।
এতেকে হে প্ৰিয় ভাই আৰু ভনী সকল আপোনালোকে কি কৰিব? যেতিয়া আপোনালোক এঠাইত গোট খায়, তেতিয়া কোনো জনে গীত, কোনো জনে উপদেশ, কোনো জনে প্ৰকাশিত বাক্য, কোনো জনে পৰভাষা, কোনো জনে তাৰ অৰ্থ ভাঙণি কৰি কথা ক’ব। কিন্তু এই সকলো যেন মণ্ডলী বৃদ্ধি কৰিবলৈ কৰা হয়।
আপোনালোকে যেন পৰভাষা কয়, এই মোৰ ইচ্ছা; কিন্তু তাতকৈ ভাবোক্তি যেন প্ৰচাৰ কৰে, ইয়ালৈ মোৰ বৰ ইচ্ছা; আৰু পৰভাষা কোৱা জনে, মণ্ডলীয়ে ধৰ্মত বৃদ্ধি পাবলৈ যদি অৰ্থ নুবুজায়, তেনেহলে এনে জনতকৈ ভাবোক্তি প্ৰচাৰ কৰা জন শ্ৰেষ্ঠ।
আমাক সকলো অধৰ্মৰ পৰা মুক্ত আৰু শুচি কৰিবলৈ যীচুৱে নিজকে উৎসর্গ কৰিলে, যাতে আমি মূল্যৱান ব্যক্তি সকলৰ দৰে সকলো সৎকর্মত উদ্যোগী হওঁ।