সেই লোকজনে জানো নিজেই মোক কোৱা নাছিল ‘তাই মোৰ ভনী’ বুলি? এনেকি সেই মহিলাগৰাকীয়েও কৈছিল, ‘তেওঁ মোৰ ককাই’ বুলি। মই মোৰ সৰল মনেৰে আৰু নির্দোষী হাতেৰেহে এই কাম কৰিলোঁ।”
ৰোমীয়া 2:15 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 এনেদৰে তেওঁলোকে বিধানৰ যি প্ৰয়োজনীয় কৰ্ম নিজ নিজ হৃদয়ত লিখা থকা দেখুৱাইছে; আৰু তেওঁলোকৰ বিবেকেও সেই বিষয়ে সাক্ষ্য দি তেওঁলোকৰ মনৰ ভাৱেৰে নিজকে হয়তো অভিযুক্ত বা সমর্থন কৰে, |
সেই লোকজনে জানো নিজেই মোক কোৱা নাছিল ‘তাই মোৰ ভনী’ বুলি? এনেকি সেই মহিলাগৰাকীয়েও কৈছিল, ‘তেওঁ মোৰ ককাই’ বুলি। মই মোৰ সৰল মনেৰে আৰু নির্দোষী হাতেৰেহে এই কাম কৰিলোঁ।”
ৰজাই চিমিয়ীক পুনৰ ক’লে, “মোৰ পিতৃ দায়ূদলৈ কৰা তোমাৰ যি দুষ্টতাৰ বিষয়ে তোমাৰ মনে সাক্ষ্য দি আছে, সেই বিষয়ে তুমি জানি আছা; এতেকে এতিয়া যিহোৱাই তোমাৰ দুষ্টতাৰ ফল তোমাৰ নিজ মূৰতে দিব।
এই কথা শুনি তেওঁলোকৰ বয়সীয়া সকলৰ পৰা আৰম্ভ কৰি শেষৰ জনলৈকে এজন এজনকৈ সকলো বাহিৰলৈ ওলাই গ’ল৷ অৱশেষত কেৱল যীচু আৰু তেওঁলোকৰ মাজত থিয় হৈ থকা সেই মহিলা গৰাকীহে সেই ঠাইত থাকিল।
পৌলে মহাসভালৈ পোনপটীয়াকৈ চাই ক’লে, “হে ভাইসকল, মই সকলো বিষয়তে উত্তম বিবেকেৰে ঈশ্বৰৰ প্ৰজাৰ দৰে আজিলৈকে আচৰণ কৰি আছোঁ৷”
এই কাৰণে ঈশ্বৰলৈ আৰু মানুহলৈ নির্ব্বিঘ্নে বিবেক ৰক্ষা কৰিবলৈ ময়ো সদায় যত্ন কৰি আছোঁ।
কাৰণ যেতিয়া বিধানহীন অনা-ইহুদী সকলে স্বভাৱতে বিধানৰ কৰ্ম কৰে, তেতিয়া সেই বিধানহীন সকলৰ বিধান তেওঁলোকেই হয়।
আৰু বিধান পালনকাৰী স্বাভাৱিক অচুন্নৎ জনে, চুন্নৎ হয়ো বিধান উলঙ্ঘন কৰা যি আপুনি, অাপোনাৰ সোধ-বিচাৰ শাস্ত্ৰ অনুসাৰে তেওঁ নকৰিব নে?
মই খ্ৰীষ্টৰ অধীনত সত্য কওঁ, মিছা নকওঁ, আৰু মোৰ বিবেকেও পবিত্ৰ আত্মাৰ অধীনত মোৰ পক্ষে সাক্ষ্য দিছে যে,
এতিয়া আমাৰ শ্লাঘা এয়ে যে, আমাৰ বিবেকে সাক্ষ্য দিয়ে, মাংসিক জ্ঞানেৰে নহয়, কিন্তু ঈশ্বৰৰ অনুগ্ৰহেৰে জগতলৈ, এনে কি, অধিক পৰিমাণে আপোনালোকলৈ ঈশ্বৰে দিয়া পবিত্ৰতা আৰু অকপটতাৰে সৈতে আমি আচৰণ কৰিলোঁ।
এই কাৰণে প্ৰভুৰ ভয় কি, ইয়াক জানিবলৈ পোৱাত আমি লোক সকলক প্ৰবৃত্তি কৰাইছোঁ; কিন্তু ঈশ্বৰৰ আগত আমি প্ৰকাশিত হৈ আছোঁ আৰু মই আশা কৰোঁ যে, আপোনালোকৰ বিবেকতো আমি প্ৰকাশিত হৈ আছোঁ৷
কপট অাচৰণেৰে মিছা কথা কোৱা সকলৰ দ্বাৰাই এইবোৰ শিক্ষা দিয়া হব৷ এনে লোক সকলে নিজৰ বিবেকৰ বিৰুদ্ধে তপত লোৰ দাগ দি নিজক অসাৰ কৰে৷
নিৰ্মল সকলৰ বাবে সকলোৱেই শুচি; কিন্তু কলুষিত আৰু অবিশ্বাসী সকলৰ বাবে একোৱেই শুচি নহয়৷ বৰং তেওঁলোকৰ মন আৰু বিবেক, এই উভয়ে কলুষিত।