Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




1 ৰাজা 2:44 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

44 ৰজাই চিমিয়ীক পুনৰ ক’লে, “মোৰ পিতৃ দায়ূদলৈ কৰা তোমাৰ যি দুষ্টতাৰ বিষয়ে তোমাৰ মনে সাক্ষ্য দি আছে, সেই বিষয়ে তুমি জানি আছা; এতেকে এতিয়া যিহোৱাই তোমাৰ দুষ্টতাৰ ফল তোমাৰ নিজ মূৰতে দিব।

অধ্যায়টো চাওক কপি কৰক




1 ৰাজা 2:44
14 পৰস্পৰ সংযোগসমূহ  

এতিয়া যিহোৱাৰ নামেৰে দিয়া শপত আৰু মই তোমাক দিয়া আজ্ঞা তুমি কিয় পালন কৰা নাই?”


যিহূদাৰ ৰজা অহজিয়াৰ মাক অথলিয়াই যেতিয়া দেখিলে যে তেওঁৰ পুত্রৰ মৃত্যু হ’ল, তেতিয়া তেওঁ ৰাজবংশৰ সকলো সন্তানকে বধ কৰিলে।


তাৰ পাছত যিহোয়াদাই ৰাজকোঁৱৰ যোৱাচক বাহিৰলৈ উলিয়াই আনি তেওঁৰ মূৰত মুকুট পিন্ধাই হাতত ব্যৱস্থা-পুস্তকখন দিলে। তেওঁলোকে তেওঁক ৰাজপদত অভিষেক কৰিলে। তাতে সকলোৱে হাত তালি দি সমস্বৰে ক’লে, “মহাৰাজ চিৰজীৱি হওঁক।”


মোৰ যি বিৰোধীবিলাকে মোৰ বিৰুদ্ধে বেয়া কথা কয়, তেওঁলোকে যিহোৱাৰ পৰা যেন এই প্ৰতিফল পায়।


তেওঁলোকে কৰা ষড়যন্ত্রবোৰৰ ধ্বংস নিজৰ মূৰৰ ওপৰলৈকে ঘূৰি আহে, তেওঁলোকে যি অনিষ্ট কৰে, সেয়া নিজৰ মূৰৰ ওপৰলৈকে নামি আহে।


এজন দুষ্ট লোক নিজৰ অপৰাধতে ধৰা পৰে; তেওঁক নিজৰ পাপৰূপ জৰীয়ে বান্ধি ৰাখে।


এই কাৰণে ‘প্ৰভু যিহোৱাই এই কথা কৈছে - ‘মোৰ জীৱনৰ শপত, মোৰ শপত আৰু তেওঁ ভঙা মোৰ নিয়মটিৰ তুচ্ছ কৰা নাছিল নে? এই কাৰণে তেওঁ পাবলগীয়া শাস্তি মই তেওঁৰ ওপৰত ফলিওৱাম।


এই হেতুকে, যেনেকৈ লোকসকল, তেনেকৈ পুৰোহিতসকলৰো হ’ব; দুয়োকো তেওঁলোকৰ দুষ্ট পথৰ বাবে মই শাস্তি দিম। মই তেওঁলোকৰ কাৰ্যবোৰৰ বাবে তেওঁলোকক প্ৰতিফল দিম।


এই কথা শুনি তেওঁলোকৰ বয়সীয়া সকলৰ পৰা আৰম্ভ কৰি শেষৰ জনলৈকে এজন এজনকৈ সকলো বাহিৰলৈ ওলাই গ’ল৷ অৱশেষত কেৱল যীচু আৰু তেওঁলোকৰ মাজত থিয় হৈ থকা সেই মহিলা গৰাকীহে সেই ঠাইত থাকিল।


এনেদৰে তেওঁলোকে বিধানৰ যি প্ৰয়োজনীয় কৰ্ম নিজ নিজ হৃদয়ত লিখা থকা দেখুৱাইছে; আৰু তেওঁলোকৰ বিবেকেও সেই বিষয়ে সাক্ষ্য দি তেওঁলোকৰ মনৰ ভাৱেৰে নিজকে হয়তো অভিযুক্ত বা সমর্থন কৰে,


আৰু আমাৰ অন্তৰে আমাক দোষী কৰিলেও তেওঁৰ উপস্থিতিত আমাৰ অন্তৰ আশ্বাসত থাকিব৷ কাৰণ ঈশ্বৰ আমাৰ হৃদয়তকৈ মহান আৰু তেওঁ সকলো জানে।


দায়ূদে নাবলৰ মৃত্যুৰ কথা শুনি ক’লে, “যিহোৱা ধন্য; নাবলৰ পৰা পোৱা অপমানৰ বিষয়ে মোৰ গোচৰ তেওঁ নিষ্পতি কৰিলে, আৰু নিজ দাসক কুকাৰ্যৰ পৰা ৰক্ষা কৰিলে; আৰু নাবলৰ যি দুষ্কৰ্ম, তাৰ প্ৰতিফল যিহোৱাই তাৰ মূৰত দিলে।” তাৰ পাছত দায়ূদে অবীগলক নিজৰ ভাৰ্যা কৰিবৰ বাবে তেওঁক আনিবলৈ মানুহ পঠালে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন