কিন্তু এতিয়া তোমালৈ এনে হোৱাত তুমি বেজাৰ পাইছা, আৰু সেয়ে তোমাক স্পৰ্শ কৰাত তুমি ব্যাকুল হৈছা।
হিতো 3:11 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 হে মোৰ পুত্র, যিহোৱাৰ নিয়ম প্রণালী হেয়জ্ঞান নকৰিবা; আৰু তেওঁৰ অনুযোগ হেয়জ্ঞান নকৰিবা। |
কিন্তু এতিয়া তোমালৈ এনে হোৱাত তুমি বেজাৰ পাইছা, আৰু সেয়ে তোমাক স্পৰ্শ কৰাত তুমি ব্যাকুল হৈছা।
চোৱা, যি মানুহক ঈশ্বৰে শুধৰায়, সেই মানুহ ধন্য; এই কাৰণে তুমি সৰ্ব্বশক্তিমান জনাৰ শাস্তি হেয়জ্ঞান নকৰিবা।
কিন্তু যাতে আমি জগতৰে সৈতে দণ্ড নাপাম, এই কাৰণে আমাৰ সোধ-বিচাৰ হোৱাত প্ৰভুৰ পৰা শাস্তি পাইছোঁ।
এতেকে আমি এই পৰিচৰ্যা পদ পোৱাত, আৰু একেদৰে দয়া লাভ কৰাত, কেতিয়াও আমি নিৰুৎসাহ নহওঁ;
এই কথা আপোনালোকে অৱশ্যেই মনত ৰখা উচিত যে বাপেকে যেনেকৈ নিজ পুতেকক শাসন কৰে, ঠিক তেনেকৈয়ে আপোনালোকৰ ঈশ্বৰ যিহোৱায়ো আপোনালোকক শাসন কৰিব।
এতেকে আপোনালোকে যেন নিজ নিজ প্ৰাণৰ ক্লান্তিত ক্লান্ত নহব, এই কাৰণে যি জনে নিজৰ বিৰুদ্ধে কৰা পাপী সকলৰ এনে প্ৰতিবাদ সহন কৰিছিল, তেওঁলৈ মনোযোগ কৰোঁ আহক।
যি সকলক মই প্ৰেম কৰোঁ, সেই সকলোৱে কেনেকৈ জীৱন-ধাৰণ কৰা উচিত, তাৰ বাবে মই তেওঁলোকক অনুযোগ কৰোঁ আৰু শাস্তি দিওঁ। এই কাৰণে তুমি উদ্যোগী হৈ মন পালটোৱা।