ইহুদী সকলে তেওঁক ক’লে, “এতিয়া আমি সঁচাই বুজিছো যে তোমাৰ গাত ভূত আছে। অব্ৰাহাম আৰু ভাৱবাদী সকল মৰি গ’ল, কিন্তু তুমি কৈছা, ‘কোনোৱে যদি মোৰ বাক্য পালন কৰে, তেওঁ কোনো কালে মৃত্যুভোগ নকৰিব।’
লোক সকলৰ মাজত যীচুৰ বিষয়ে নানা ধৰণৰ আলোচনা হবলৈ ধৰিলে। কোনো কোনোৱে ক’লে, “তেওঁ এজন ভাল মানুহ।” আন কিছুমানে আকৌ ক’লে, “নহয়, নহয়, তেওঁ লোক সকলক ভুল পথত লৈ গৈছে।”
তাতে বিধানৰ অধ্যাপক আৰু ফৰীচী সকলে এই আলোচনা কৰিবলৈ ধৰিলে, “ঈশ্বৰক নিন্দা কৰি কথা কোৱা এই জন কোন হয়? একমাত্র ঈশ্বৰৰ বাহিৰে আন কোনে পাপ ক্ষমা কৰিব পাৰে?”