ইলীচাই উত্তৰ দিলে, “আপুনি তেওঁলোকক বধ নকৰিব। আপুনি আপোনাৰ তৰোৱাল আৰু ধনুৰে যিসকলক বন্দী কৰি আনিলে, সেই লোকসকলক জানো আপুনি বধ কৰিব? তেওঁলোকৰ আগত পিঠা আৰু পানী দিয়ক, যাতে তেওঁলোকে খাই বৈ তেওঁলোকৰ প্ৰভুৰ ওচৰলৈ ঘূৰি যাব পাৰে।”
হিতো 25:21 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তোমাৰ শত্ৰু যদি ক্ষুধাতুৰ হয়, তেনেহ’লে তেওঁক আহাৰ খাবলৈ দিয়া; আৰু তেওঁ যদি তৃষ্ণাতুৰ হয়, তেনেহ’লে তেওঁক পানী খাবলৈ দিয়া। |
ইলীচাই উত্তৰ দিলে, “আপুনি তেওঁলোকক বধ নকৰিব। আপুনি আপোনাৰ তৰোৱাল আৰু ধনুৰে যিসকলক বন্দী কৰি আনিলে, সেই লোকসকলক জানো আপুনি বধ কৰিব? তেওঁলোকৰ আগত পিঠা আৰু পানী দিয়ক, যাতে তেওঁলোকে খাই বৈ তেওঁলোকৰ প্ৰভুৰ ওচৰলৈ ঘূৰি যাব পাৰে।”
পাছত অধ্যক্ষসকলৰ দ্ৱাৰাই যিসকলক নাম ধৰি নিযুক্ত কৰা হৈছিল, সেই লোকসকল উঠি আহিল। তেওঁলোকে বন্দী কৰি অনা লোকসকলক লৈ আহিল আৰু সেই লুটদ্ৰব্যৰ বস্তুবোৰ ল’লে, পাছত উদঙে থকা লোকসকলক তেওঁলোকে কাপোৰ পিন্ধালে৷ তেওঁলোকৰ গাত কাপোৰ আৰু ভৰিত পাদুকা দিলে৷ তেওঁলোকক ভোজন পান কৰালে৷ তেওঁলোকৰ আঘাত পোৱা ঘা-বোৰত তেল লগালে আৰু তেওঁলোকৰ মাজৰ অতিশয় দুর্বল লোকসকলক গাধবোৰৰ ওপৰত তুলি দিলে৷ পাছত সেই লোকসকলক যিৰীহো নগৰত থকা তেওঁলোকৰ পৰিয়ালবোৰৰ ওচৰলৈ তেওঁলোকে লৈ গ’ল৷ এই ঠাইক খেজুৰৰ নগৰ বুলি কোৱা হয়৷ তাৰ পাছত তেওঁলোক চমৰিয়ালৈ ঘূৰি আহিল।
তেওঁ সিহঁতক নিৰ্ভয়ে থাকিবলৈ দিয়াত, সিহঁত অতি শান্তিৰে থাকে; আৰু তেওঁৰ চকু সিহঁতৰ পথৰ ওপৰত থাকে।
যেতিয়া তোমাৰ শত্ৰুৰ পতন হয়, তেতিয়া আনন্দ নকৰিবা, আৰু যেতিয়া তেওঁ উজুতি খায়, তেতিয়া তোমাৰ মনক উল্লাসিত হ’বলৈ নিদিবা।
এইদৰে নকবা, “তেওঁ মোলৈ যিদৰে কৰিলে, মইয়ো তালৈ সেইদৰেই কৰিম; তেওঁ যি কৰিলে তাৰ প্রতিফল মই তেওঁক দিম।”
কোনো এজনে মনৰ বেজাৰত গীত গোৱা যেনে, জাৰ কালিত কপোৰ সোলোকাই থোৱা মানুহ, বা খাৰৰ ওপৰত দিয়া ভিনেগাৰো তেনে।
কিন্তু মই তোমালোকক কওঁ, তোমালোকৰ শত্ৰুক প্ৰেম কৰিবা আৰু তোমালোকক তাড়না কৰা সকলৰ বাবে প্ৰাৰ্থনা কৰিবা,
এতিয়া মই জানিছোঁ যে, তুমি নিশ্চয় ৰজা হ’বা, আৰু ইস্ৰায়েলৰ ৰাজ্য তোমাৰ হাতত স্থাপন কৰা হ’ব।”