20 কোনো এজনে মনৰ বেজাৰত গীত গোৱা যেনে, জাৰ কালিত কপোৰ সোলোকাই থোৱা মানুহ, বা খাৰৰ ওপৰত দিয়া ভিনেগাৰো তেনে।
যি সকলে আনন্দ কৰে, তেওঁলোকে সৈতে আনন্দ কৰক; যি সকলে ক্ৰন্দন কৰে, তেওঁলোকে সৈতে ক্ৰন্দন কৰক।
কান্দিবৰ সময় আৰু হাঁহিবৰ সময় আছে; শোক কৰাৰ সময় আৰু নাচিবৰ সময় আছে।
ক্ষুধাতুৰ লোকৰ সৈতে তোমাৰ আহাৰ ভগাই লোৱা, আৰু ঘৰহীনা দুখীয়াসকলক নিজৰ ঘৰত আশ্ৰয় দিয়াই লঘোন নহয় নে? যেতিয়া তুমি চোৱা কোনোএজন বিৱস্ত্রতাত আছে, তুমি তেওঁক বস্ত্র দিয়া উচিত; আৰু তোমাৰ সম্পৰ্কীয় লোকৰ পৰা নিজকে লুকুৱাই ৰখা উচিত নহয়।
তাতে বিশ্বাসমূলক প্ৰাৰ্থনাই সেই নৰিয়া জনক সুস্থ কৰিব আৰু প্ৰভুৱে তেওঁক তুলিব; আৰু যদিও তেওঁ পাপ কৰিলে, তথাপি ক্ষমা কৰা যাব।
ৰজাই নিজৰ ৰাজ গৃহলৈ গ’ল, আৰু গোটেই ৰাতি লঘোনে থাকিলে। ৰজাৰ ওচৰলৈ কোনো বাদ্যযন্ত্ৰ আনিবলৈ দিয়া ন’হল, আৰু তেওঁৰ টোপনি নাহিল।
দাঁতৰ বাবে সিৰ্কা, আৰু চকুৰ বাবে ধোঁৱা যেনেকুৱা, পঠোৱা লোকসকলৰ বাবেও এলেহুৱা তেনেকুৱা।
বেয়া দাঁত অথবা পিছল খোৱা ভৰিৰ যেনে, সঙ্কটৰ সময়ত অবিশ্বাসী লোকক বিশ্বাস কৰাও তেনে।
তোমাৰ শত্ৰু যদি ক্ষুধাতুৰ হয়, তেনেহ’লে তেওঁক আহাৰ খাবলৈ দিয়া; আৰু তেওঁ যদি তৃষ্ণাতুৰ হয়, তেনেহ’লে তেওঁক পানী খাবলৈ দিয়া।