হিতো 22:18 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 কাৰণ তুমি যদি সেইবোৰক তোমাৰ অন্তৰত ৰাখা, আৰু যদি সেই সকলোবোৰ তোমাৰ ওঁঠত থাকে, তেনেহ’লে সেয়ে তোমাৰ বাবে সুখজনক হ’ব। |
সেইবোৰ সোণতকৈ, এনেকি নিভাঁজ সোণতকৈয়ো বাঞ্ছনীয়; সেইবোৰ মৌতকৈও সোৱাদ, এনেকি ৰহঘৰাৰ পৰা জৰি জৰি ওলোৱা মৌতকৈয়ো সোৱাদ।
সত্যতাৰে কাৰ্য কৰা লোকৰ ওঁঠে অনেকক প্ৰতিপালন কৰে; কিন্তু জ্ঞানশূন্যতাৰ বাবে মূৰ্খলোকৰ মৃত্যু হয়।
যিজন হৃদয়েৰে জ্ঞানী, তেওঁক সুবিবেচক বুলি কোৱা হয়, আৰু মৃদু কথাই শিক্ষা দিয়া সক্ষমতা বৃদ্ধি কৰে।
সেয়ে তোমাৰ বিশ্বাস যাতে যিহোৱাত হ’ব পাৰে, মই আজি সেইবোৰ তোমাক শিকালোঁ, এনে কি কেৱল তোমাকেই এই সকলো শিকালোঁ।
মই তোমাৰ বাক্যবোৰ পোৱা মাত্ৰকে অতি আগ্ৰহেৰে গ্ৰহণ কৰিলোঁ, আৰু তোমাৰ বাক্যবোৰ মোৰ পক্ষে মোৰ মনৰ আনন্দ আৰু উল্লাসজনক হল, কিয়নো হে বাহিনীসকলৰ ঈশ্বৰ যিহোৱা, মই তোমাৰ নামেৰে প্ৰখ্যাত।
এজন পুৰোহিতৰ ওঁঠে জ্ঞান ৰক্ষা কৰিব লাগে আৰু মানুহে তেওঁৰ মুখৰ পৰা আদেশ বিচাৰিব লাগে; কাৰণ তেঁৱেই মোৰ অর্থাৎ বাহিনীসকলৰ যিহোৱাৰ বার্তাবাহক।
যি কোনোৱে মোত বিশ্বাস কৰে, ধৰ্মশাস্ত্ৰত কোৱাৰ দৰে, তেওঁৰ ভিতৰৰ পৰা জীৱনময় জলৰ নৈবোৰ ওলাই বৈ যাব।”
এতেকে আহক, আমি তেওঁৰেই দ্বাৰাই সদায় ঈশ্বৰৰ উদ্দেশ্যে স্তৱৰূপ যজ্ঞ, তেওঁৰ নাম স্বীকাৰকাৰী ওঁঠৰ ফল উৎসৰ্গ কৰোঁহক।