162 মই এনেকৈ তোমাৰ বাক্যত আনন্দ কৰোঁ, যেনেকৈ যুদ্ধত বহুত লুটদ্ৰব্য পোৱা জনে আনন্দ কৰে।
মই তোমাৰ বাক্যবোৰ পোৱা মাত্ৰকে অতি আগ্ৰহেৰে গ্ৰহণ কৰিলোঁ, আৰু তোমাৰ বাক্যবোৰ মোৰ পক্ষে মোৰ মনৰ আনন্দ আৰু উল্লাসজনক হল, কিয়নো হে বাহিনীসকলৰ ঈশ্বৰ যিহোৱা, মই তোমাৰ নামেৰে প্ৰখ্যাত।
তোমাৰ মুখৰ ব্যৱস্থাবোৰ মোৰ ওচৰত হাজাৰ হাজাৰ সোণ আৰু ৰূপতকৈয়ো বহুমূল্য।
তোমাৰ আজ্ঞাবোৰ মোৰ চিৰকালৰ আধিপত্য; সেইবোৰ মোৰ মনৰ আনন্দজনক।
পাছত সেই মিচৰীয়াজনে দায়ূদক নমাই লৈ গ’ল; সেই সময়ত তেওঁলোকে গোটেই দেশত উৎসৱ পাতি ভোজন পান কৰি আছিল।
তুমি সেই দেশৰ লোক বহু সংখ্যক কৰিলা, তুমি তেওঁলোকৰ আনন্দ বৃদ্ধি কৰিলা; শস্য দোৱাৰ সময়ত আনন্দ কৰাৰ দৰে, আৰু লুটদ্ৰব্য ভাগ-বাঁটি লোৱাত আনন্দ কৰা দৰে, তেওঁলোকে তোমাৰ সাক্ষাতে আনন্দ কৰে।
অহংকাৰী সকলৰ সৈতে লুটদ্ৰব্য ভাগ কৰি লোৱাতকৈ, দৰিদ্ৰ সকলৰ সৈতে নম্ৰ হোৱাই ভাল।
ধন-সম্পদত লোকে যিমান আনন্দ পায়, তোমাৰ আজ্ঞাৰ পথত চলি মই তাতোকৈ অধিক আনন্দ পাওঁ।