হিতো 21:23 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 যি জনে নিজৰ মুখ আৰু জিভা চম্ভালি ৰাখে, তেওঁ সঙ্কটৰ পৰা নিজকে ৰক্ষা কৰে। |
যিজনে নিজৰ মুখ চম্ভালে, তেওঁ নিজৰ প্ৰাণ ৰক্ষা কৰে; কিন্তু যিজনে মুখ বহলকৈ মেলে, তেওঁৰ সৰ্ব্বনাশ হয়।
ন্যায়পৰায়ণ লোকৰ ৰাজপথ পাপৰ পৰা আঁতৰি থাকে; যি জনে নিজৰ জীৱন সুৰক্ষিত কৰে, তেওঁ নিজৰ পথৰ তত্বাৱধান কৰে।
জিভাৰ শক্তিত মৃত্যু আৰু জীৱন থাকে; আৰু যিসকলে তাক ভাল পায়, তেওঁলোকে তাৰ ফল ভোগ কৰিব।
কোনোৱে যদি নিজকে ধাৰ্মিক বুলি মানে, কিন্তু নিজৰ জিভা দমন নকৰি নিজৰ হৃদয়ক ভুলায়, তেনেহলে সেই মানুহৰ ধৰ্ম-কৰ্ম ব্যৰ্থ।