13 পাপী জনক তেওঁৰ কুকথাই ফান্দত পেলাই; কিন্তু সত্যতাত চলাজন সঙ্কটৰ পৰা ৰক্ষা পায়।
যি দূতে সকলো আপদৰ পৰা মোক মুক্ত কৰিলে, তেৱেঁই এই ল’ৰাহঁতক আশীৰ্ব্বাদ কৰক। মোৰ নাম আৰু মোৰ ওপৰ-পিতৃ অব্ৰাহাম আৰু ইচহাকৰ নাম এওঁলোকৰ দ্বাৰাই প্ৰখ্যাত হওক। এওঁলোক বাঢ়ি বাঢ়ি পৃথিবীৰ মাজত বহুবংশ হওক।”
কিন্তু দায়ূদে বেৰোতীয়া ৰিম্মোনৰ পুতেক ৰেখব আৰু তাৰ ককায়েক বানাক এই উত্তৰ দি ক’লে, “যিজন সৰ্ব্বশক্তিমান ঈশ্বৰে সকলো সঙ্কটৰ পৰা মোৰ প্ৰাণ উদ্ধাৰ কৰিলে, সেই যিহোৱাৰ জীৱনৰ শপত,
তেতিয়া চলোমন ৰজাই যিহোৱাৰ নামেৰে শপত লৈ ক’লে, “অদোনিয়াই যদি নিজৰ প্ৰাণ হানি হোৱাকৈ এই কথা কোৱা নাই, তেনেহ’লে ঈশ্বৰে মোলৈকো সেইদৰে কৰক বা তাতকৈয়ো অধিক দণ্ড দিয়ক।
ধাৰ্মিক লোকৰ বিপদ অনেক হলেও, সেই সকলোৰে পৰা যিহোৱায়েই তেওঁক উদ্ধাৰ কৰে।
যিহোৱাই তেওঁৰ সকলো অস্থি ৰক্ষা কৰে; তাৰ মাজৰ এডালিও ভগ্ন নহয়।
যিসকলে মিছা কথা কয় তেওঁলোকক তুমি বিনষ্ট কৰিবা; যিহোৱাই ৰক্তপাতকাৰী আৰু ছলনাকাৰীক ঘৃণা কৰে।
তেওঁলোকৰ পাপ, মুখৰ আৰু ওঁঠৰ কথা, তেওঁলোকে শাও দিয়া আৰু মিছা কথা কোৱাৰ কাৰণে; তেওঁলোকে তেওঁলোকৰ অহংকাৰত ধৰা পৰক।
তুমি ক্ৰোধত তেওঁলোকক সংহাৰ কৰা যাতে তেওঁলোক আৰু নাথাকে; যাকোবৰ মাজত ঈশ্বৰে যে শাসন কৰে, পৃথিবীৰ সীমালৈকে যে শাসন কৰে, তাক তেওঁলোকে জানক। [চেলা]
তেওঁলোকে অন্যায় কাম কৰাৰ কাৰণে, তেওঁলোকৰ জিভা তেওঁলোকৰ বিৰোধী হ’ল। যি সকলে তেওঁলোকক অস্থিৰ হোৱা দেখিব; তেওঁলোক সকলোৱে তাকে দেখি মূৰ জোকাৰিব।
যিসকল লোক সচেতন, তেওঁলোকে আজ্ঞা পালন কৰে; কিন্তু অধিক কথা কোৱা মূৰ্খলোক ধ্বংসৰ পথত যায়।
সৎ কাৰ্য কৰা জনে সঙ্কটৰ পৰা ৰক্ষা পায়; কিন্তু ইয়াৰ পৰিৱৰ্তে দুষ্টলোকলৈ সঙ্কট আহে।
জ্ঞানীলোকৰ জিভাই জ্ঞানৰ প্ৰশংসা কৰে; কিন্তু অজ্ঞানীৰ মুখে অজ্ঞানতাৰ কথা কয়।
জিভাৰ শক্তিত মৃত্যু আৰু জীৱন থাকে; আৰু যিসকলে তাক ভাল পায়, তেওঁলোকে তাৰ ফল ভোগ কৰিব।
যি জনে নিজৰ মুখ আৰু জিভা চম্ভালি ৰাখে, তেওঁ সঙ্কটৰ পৰা নিজকে ৰক্ষা কৰে।
তেনেহ’লে তুমি নিজে কৰা প্রতিজ্ঞাৰ দ্বাৰাই ফান্দত পৰিবা, আৰু তুমি নিজৰ মুখৰ কথাৰ দ্বাৰাই ধৰা পৰিবা।
এই জ্ঞানৰ কথা তুমি ধৰি ৰখা ভাল; এটাকো হাতৰ পৰা যাবলৈ নিদিবা; যি লোকে ঈশ্বৰক ভয় কৰে, তেওঁ সকলো কঠিনতাত কৃতকার্য হ’ব।
ৰজাই আজ্ঞা দিয়াত, দানিয়েলৰ অহিতে অভিযোগ কৰা সকলৰ সৈতে তেওঁলোকৰ সন্তান সকল, আৰু ভাৰ্যা সকলক সিংহৰ গাতত পেলোৱা হ’ল। তাতে তেওঁলোক গাতৰ তলত নাপাওঁতেই সিংহবোৰে তেওঁলোকক আক্ৰমণ কৰি তেওঁলোকৰ হাড়বোৰ ভাঙি ডোখৰ ডোখৰ কৰিলে।
তাতে সকলোৱে উত্তৰ দি ক’লে, ‘তেওঁৰ তেজে আমাক আৰু আমাৰ সন্তানবোৰক পাওঁক’।
গতিকে যি সকল ঈশ্বৰভক্ত লোক, তেওঁলোকক কেনেদৰে পৰীক্ষাৰ পৰা উদ্ধাৰ কৰিব লাগে, প্রভুৱে জানে। যি সকলে ঈশ্বৰক ভক্তি নকৰে, অধার্মিক লোক; তেওঁলোকক কেনেদৰে বিচাৰৰ দিনা শাস্তি দিয়া হ’ব, সেই বিষয়েও প্রভুৱে জানে।