যেতিয়া তেওঁ ইস্রায়েলৰ দায়িত্বভাৰ তোমাৰ ওপৰত দিব তেতিয়া কেৱল যিহোৱাই তোমাক বুদ্ধি আৰু বিবেচনা দিয়ক, যাতে তুমি তোমাৰ ঈশ্ৱৰ যিহোৱাৰ বিধি পালন কৰিব পাৰিবা।
হিতো 2:3 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তুমি যদি বুজিবৰ বাবে কান্দা; আৰু ইয়াৰ বাবে উচ্চ স্বৰে ৰিঙিওৱা, |
যেতিয়া তেওঁ ইস্রায়েলৰ দায়িত্বভাৰ তোমাৰ ওপৰত দিব তেতিয়া কেৱল যিহোৱাই তোমাক বুদ্ধি আৰু বিবেচনা দিয়ক, যাতে তুমি তোমাৰ ঈশ্ৱৰ যিহোৱাৰ বিধি পালন কৰিব পাৰিবা।
হে যিহোৱা, মোৰ কাতৰোক্তি তোমাৰ সন্মুখত উপস্থিত হওক; তোমাৰ বাক্য অনুসাৰে মোক বোধ-শক্তি দান কৰা।
তুমি মোক জ্ঞান দিয়া যাতে মই তোমাৰ ব্যৱস্থাবোৰ মানি চলিব পাৰোঁ, সমস্ত হৃদয়েৰে সৈতে তাক পালন কৰিব পাৰোঁ।
তোমাৰ হাতেই মোক স্ৰজিলে, মোক গঠন কৰিলে; তোমাৰ আজ্ঞাবোৰ শিকিবলৈ মোক জ্ঞান-বুদ্ধি দান কৰা।
যিসকলে মোক প্ৰেম কৰে, ময়ো তেওঁলোকক প্ৰেম কৰোঁ, আৰু যিসকলে মোক আগ্রহেৰে বিচাৰে, তেওঁলোকে মোক বিচাৰি পায়।
এতেকে তোমালোক দুর্জন হৈয়ো নিজ নিজ সন্তান সকলক যদি ভাল বস্তু দিব জানা তেনেহলে তাতকৈয়ো তোমালোকৰ স্বৰ্গত থকা পিতৃয়ে তেওঁৰ ওচৰত খোজা লোক সকলক পবিত্ৰ আত্মা নিদিব নে?”
কিন্তু আপোনালোকৰ কাৰোবাৰ যদি জ্ঞানৰ অভাৱ হয় তেনেহলে যি জন দিওঁতা ঈশ্ৱৰ, যি জনে গৰিহণা নকৰাকৈ মুক্তহস্তে সকলোকে দান কৰে, তেওঁক যাচনা কৰক আৰু তাতে আপোনালোকক দিয়া হ’ব।