লূক 11 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 201911 অধ্যায় প্ৰাৰ্থনাৰ বিষয়ে শিক্ষা 1 এদিন যীচুৱে এঠাইত প্ৰাৰ্থনা কৰি আছিল৷ প্ৰার্থনা শেষ হোৱাৰ পাছত তেওঁৰ এজন শিষ্যই ওচৰলৈ আহি ক’লে, “হে প্ৰভু, যোহনে যেনেকৈ তেওঁৰ শিষ্য সকলক প্ৰার্থনা কৰিবলৈ শিকালে; তেনেকৈ আপুনিও আমাক শিকাওঁক।” 2 তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “তোমালোকে প্ৰাৰ্থনা কৰা সময়ত এইদৰে ক’বা, ‘হে পিতৃ, তোমাৰ নাম পূজনীয় হওক; তোমাৰ ৰাজ্য হওক; 3 আমাৰ প্ৰয়োজনীয় দৈনিক আহাৰ আমাক প্ৰতিদিনে দিয়া। 4 আমাৰ পাপ ক্ষমা কৰা কিয়নো আমিও নিজৰ নিজৰ ধৰুৱাক ক্ষমা কৰিলোঁ। আৰু আমাক পৰীক্ষালৈ নিনিবা’।” 5 ইয়াৰ পাছত যীচুৱে তেওঁলোকক ক’লে, “ধৰা হওক, তোমালোকৰ মাজৰ কোনো এজনৰ বন্ধু আছে৷ তুমি যদি মাজনিশা বন্ধু জনৰ ওচৰত গৈ কোৱা, ‘হে বন্ধু, মোক তিনিটা পিঠা ধাৰে দিয়া; 6 কিয়নো এইমাত্ৰ মোৰ ঘৰলৈ এজন পঠিক বন্ধু আহিছে৷ তেওঁক আহাৰ দিবলৈ মোৰ একো আহাৰ নাই৷’ 7 তেতিয়া সেই বন্ধু জনে ভিতৰৰ পৰা উত্তৰ দি কব পাৰে ‘মোক বিৰক্ত নকৰিবা৷ এতিয়া দুৱাৰ বন্ধ আৰু মোৰ সন্তান সকল শুই আছে৷ তোমাক পিঠা দিবলৈ উঠিব নোৱাৰো৷’ 8 কিন্তু মই তোমালোকক কওঁ, বন্ধু হোৱা হেতুকে তেওঁ উঠি আহি নিদিলেও তুমি বাৰে বাৰে খুজি থকাত, এটা সময়ত তেওঁ উঠি আহি তোমাৰ যিমান প্ৰয়োজন সিমানেই পিঠা তোমাক দিব। 9 মই তোমালোকক পুনৰ কওঁ, খোজা তেতিয়া তোমালোকক দিয়া হ’ব, বিচাৰা তেতিয়া পাবা, টুকুৰিওৱা তেতিয়া তোমালোকৰ বাবে দুৱাৰ মুকলি কৰা হ’ব। 10 কিয়নো খোজা লোকে পায়, বিচৰা জনে দেখে আৰু যি জনে টুকুৰিয়াই, তেওঁলৈ দুৱাৰ মুকলি কৰা হয়। 11 তোমালোকৰ মাজত কোন জন পিতৃয়ে পুত্ৰই পিঠা খুজিলে, শিল দিব? বা মাছ খুজিলে, মাছৰ সলনি সাপ দিব? 12 নাইবা কণী খুজিলে তাক কেঁকোৰা-বিছা দিব? 13 এতেকে তোমালোক দুর্জন হৈয়ো নিজ নিজ সন্তান সকলক যদি ভাল বস্তু দিব জানা তেনেহলে তাতকৈয়ো তোমালোকৰ স্বৰ্গত থকা পিতৃয়ে তেওঁৰ ওচৰত খোজা লোক সকলক পবিত্ৰ আত্মা নিদিব নে?” ভূতবোৰৰ বিষয়ে শিক্ষা 14 এক সময়ত যীচুৱে এজন বোবা মানুহৰ পৰা এটা ভূত খেদাইছিল আৰু ভূতটো বাহিৰ হৈ যোৱাত, সেই বোবা মানুহ জনে কথা ক’বলৈ ধৰিলে৷ তাকে দেখি লোক সকলে বিস্ময় মানিলে। 15 কিন্তু কিছুমান লোকে কলে, “ভূতৰ ৰজা বেলচবূব ৰ সহায়তহে এওঁ ভূতবোৰক এনেদৰে খেদায়।” 16 আন কিছুমানে তেওঁক পৰীক্ষা কৰিবলৈ স্বৰ্গৰ পৰা কোনো পৰাক্ৰম কাৰ্যৰ চিন বিচাৰিলে। 17 কিন্তু যীচুৱে তেওঁলোকৰ মনৰ ভাব বুজি পায় ক’লে, “যদি কোনো ৰাজ্য নিজৰ বিৰুদ্ধে ভিন ভিন হয়, তেনেহলে সেই ৰাজ্য উছন্ন হয় আৰু এখন ঘৰত যদি নিজৰ ভিতৰতে বিভেদ জন্মে, সেই ঘৰ খনো বিনষ্ট হয়৷ 18 চয়তান যদি নিজৰ বিৰুদ্ধে ভিন ভিন হয়, তেনেহলে তাৰ ৰাজ্য কেনেকৈ থাকিব? কাৰণ তোমালোকে কৈছা যে, মই বেলচবূব ৰ দ্বাৰাই ভূতবোৰক খেদাও৷ 19 যদি মই বেলচবূব ৰ দ্বাৰাই ভূতবোৰক খেদাও, তেনেহলে তোমালোকৰ অনুগামী সকলে কাৰ দ্বাৰাই খেদায়? এই কাৰণে তেওঁলোক তোমালোকৰ বিচাৰক হব। 20 কিন্তু মই যদি ঈশ্বৰৰ আঙুলিৰে ভূতবোৰক খেদাও, তেনেহলে ঈশ্বৰৰ ৰাজ্য অৱশ্যে তোমালোকৰ মাজলৈ আহিল। 21 যেতিয়া এজন বলৱান লোকে অস্ত্ৰ-শস্ত্ৰৰে ভালকৈ সুসজ্জিত হৈ নিজৰ ঘৰ খন পহৰা দিয়ে, তেতিয়া তেওঁৰ সম্পত্তি সুৰক্ষিত হৈ থাকে; 22 কিন্তু যেতিয়া তেওঁতকৈ আন এজন বলৱান লোক আহি তেওঁক পৰাজয় কৰে, তেতিয়া সেই বলৱান লোক জনে তেওঁৰ পৰা অস্ত্ৰ-শস্ত্ৰবোৰৰ সৈতে তেওঁৰ সকলো সম্পত্তি লুণ্ঠন কৰে। 23 যি ব্যক্তি মোৰ ফলীয়া নহয়, তেওঁ মোৰ বিপক্ষ আৰু যি কোনোৱে মোৰে সৈতে নচপায়, তেওঁ সিচিঁ পেলায়। 24 যেতিয়া এটা অশুচি আত্মা কোনো মানুহৰ পৰা ওলাই যায়, তেতিয়া সি পানী নথকা ঠাইবোৰত ঘূৰি ফুৰি জিৰণি বিচাৰে আৰু এনে কোনো ঠাই বিচাৰি নাপালে সি কয়, ‘মই যি ঘৰৰ পৰা ওলাই আহিলোঁ সেই ঘৰলৈকে উভতি যাম’। 25 পাছত উভতি আহি সি যেতিয়া সেই ঘৰ খন সৰা পোচা আৰু সজোৱা-পৰোৱা দেখে, 26 তেতিয়া সি গৈ নিজতকৈ দুষ্ট আন সাতোটা ভূতৰ আত্মা লগত লৈ আহে, আৰু তাতে সোমাই নিবাস কৰে আৰু সেই মানুহ জনৰ শেষ অৱস্থা প্ৰথম অৱস্থাতকৈও বেয়া হৈ যায়।” 27 এই কথা কৈ থাকোতে এজনী তিৰোতাই লোক সকলৰ মাজৰ পৰা বৰ মাতেৰে তেওঁক ক’লে, “আপোনাক যি গর্ভই ধাৰণ কৰিলে আৰু যাৰ স্তন আপুনি পান কৰিলে তেওঁ ধন্য।” 28 কিন্তু তেওঁ ক’লে, “হয়, তথাপি যি সকলে ঈশ্বৰৰ বাক্য শুনি পালন কৰে তেওঁলোকহে ধন্য।” সৰলতাৰ বিষয়ে শিক্ষা 29 এনেদৰে অনেক লোক তেওঁৰ ওচৰত গোট খোৱাত, তেওঁ ক’বলৈ ধৰিলে, “এই কালৰ মানুহ, দুর্জন মানুহ৷ ইহতে পৰাক্ৰম কাৰ্যৰ চিন বিচাৰে কিন্তু যোনাৰ চিনৰ বাহিৰে আন কোনো চিন ইহতক দিয়া নহব। 30 কিয়নো যোনা যেনেকৈ নীনবিৰ লোকলৈ চিন হৈছিল, তেনেকৈ এই কালৰ লোকৰ ওচৰত মানুহৰ পুত্ৰই চিন হব। 31 দক্ষিণ দেশৰ ৰাণীয়ে মহা-বিচাৰত এই কালৰ মানুহবোৰৰ সৈতে উঠি তেওঁলোকক দোষী কৰিব কিয়নো তেওঁ চলোমনৰ জ্ঞানৰ কথা শুনিবলৈ পৃথিৱীৰ সীমাৰ পৰা আহিছিল৷ কিন্তু চোৱা, চলোমনতকৈয়ো মহান এজন ইয়াতে আছে। 32 মহা-বিচাৰত নীনবি নগৰৰ লোক সকল এই কালৰ লোক সকলৰ সৈতে থিয় হৈ ইহতক দোষী কৰিব; কিয়নো তেওঁলোকে যোনাৰ ঘোষণাত মন-পালটন কৰিলে, কিন্তু চোৱা যোনাতকৈয়ো মহান এজন ইয়াত আছে। 33 কোনো লোকে চাকি জ্ৱলাই কোনেও গুপুত ঠাইত বা দোণৰ তলত নথয় কিন্তু ভিতৰলৈ সোমোৱাই অহা সকলক পোহৰ দিবলৈ গছাৰ ওপৰতহে থয়। 34 তোমাৰ চকুৱেই শৰীৰৰ প্ৰদীপ; যেতিয়া তোমাৰ চকু ভালে থাকে, তেতিয়া তোমাৰ গোটেই শৰীৰ দিপ্তীময় হয়৷ কিন্তু যেতিয়া বেয়া থাকে, তেতিয়া তোমাৰ শৰীৰ অন্ধকাৰময় হয়। 35 এতেকে তোমাৰ ভিতৰত থকা পোহৰটো যেন অন্ধকাৰ হৈ নপৰে, সেই বিষয়ে মন কৰিবা। 36 এতেকে যদি তোমাৰ গোটেই শৰীৰ দিপ্তীময় আৰু তাৰ কোনো ভাগ অন্ধকাৰময় নহয়, তেনেহলে প্ৰদীপৰ উজ্বল ৰশ্মি তোমাক দিলে যি ৰূপ হয়, সেই ৰূপেই তোমাৰ সকলো শৰীৰে ধাৰণ কৰিব৷” 37 এই কথা কোৱাৰ পাছত এজন ফৰীচীয়ে তেওঁৰ লগত ভোজন কৰিবলৈ তেওঁক অনুৰোধ কৰিলে; তাতে তেওঁ ভিতৰলৈ সোমাই ভোজনত বহিল; 38 আৰু তেওঁক ভোজনৰ আগেয়ে নিজকে ধুই লোৱা নেদেখি, সেই ফৰীচীয়ে বিস্ময় মানিলে। 39 তেতিয়া প্ৰভুৱে তেওঁক ক’লে, “আপোনালোক ফৰীচী সকলে বাটি কাঁহিৰ বাহিৰফাল পৰিষ্কাৰ কৰে, কিন্তু আপোনালোকৰ ভিতৰফাল অপহৰণ আৰু দুষ্টতাৰে পৰিপূর্ণ। 40 হে নির্ব্বোধ সকল! যি জনে বাহিৰফাল নির্মাণ কৰিলে সেই জনে ভিতৰফালো নির্মাণ নকৰিলে নে? 41 ভিতৰত যি আছে, সেইখিনিকে দান কৰা; তেতিয়া সকলো বস্তু তোমালোকলৈ শুচি হব। 42 কিন্তু হায় হায় ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ৷ আপোনালোকে পদিনা, আৰুদ আৰু বাগিছাত হোৱা শাক-পাচলিৰ দশম ভাগ দান কৰে কিন্তু ন্যায়-বিচাৰ আৰু ঈশ্বৰৰ প্ৰেম ত্যাগ কৰে৷ আচলতে অন্যান্য বিষয় সমূহৰ লগতে ন্যায়-বিচাৰ আৰু ঈশ্ৱৰৰ প্ৰেমকো পালন কৰা আপোনালোকৰ প্ৰয়োজন আছিল৷ 43 হায় হায় ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো আপোনালোকে নাম-ঘৰত প্ৰধান আসন আৰু হাট-বজাৰত সন্মানপূর্ণ সম্ভাষণবোৰক প্ৰেম কৰে। 44 হায় হায়! আপোনালোক সন্তাপৰ পাত্ৰ কিয়নো যি অদৃশ্য মৈদামৰ ওপৰত মানুহবোৰে নজনাকৈ খোজ দিয়ে, এনে মৈদামৰ নিচিনা আপোনালোক।” 45 সেই সময়ত বিধান পণ্ডিত এজনে উত্তৰ দি যীচুক ক’লে, “হে গুৰু আপুনি যিবোৰ কথা কৈছে সেই কথাবোৰে আমাক অপমান কৰে।” 46 তেতিয়া যীচুৱে ক’লে, “হায় হায় বিধান পণ্ডিত সকল! আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো আপোনালোকে মানুহৰ ওপৰত অসহনীয় ভাৰৰ বোজা দিয়ে, কিন্তু নিজৰ এটা আঙুলিৰেও সেই ভাৰ নুচুৱে। 47 হায় হায়! আপোনালোক সন্তাপৰ পাত্ৰ, কিয়নো আপোনালোকে ভাববাদী সকলৰ স্মৃতিৰ বাবে মৈদাম নির্মাণ কৰিছে কিন্তু আপোনালোকৰ পূর্বপুৰুষ সকলে তেওঁলোকক বধ কৰিছিল। 48 সেয়েহে ইয়াত আপোনালোক সাক্ষী হৈছে আৰু নিজ পূর্বপুৰুষ সকলৰ কর্মত সন্মতিও জনাইছে, কিয়নো তেখেত সকলে প্ৰকৃততে ভাববাদী সকলক বধ কৰিছিল, সেই কাৰণে এতিয়া আপোনালোকে মৈদাম সাজিছে। 49 ইয়াৰ কাৰণে ঈশ্বৰৰ জ্ঞানেও কলে, “মই তেওঁলোকলৈ ভাববাদী আৰু পাঁচনি সকলক পঠিয়াম আৰু তেওঁলোকে মই পঠিয়োৱা সকলৰ কোনো জনক তাড়না কৰিব আৰু কোনো জনক বধ কৰিব৷ 50 সেই কাৰণে জগত সৃষ্টিৰ আৰম্ভণিৰে পৰা আজিলৈকে যিমান ভাববাদী হত্যা কৰা হৈছে, তেখেত সকলৰ ৰক্তপাতৰ কাৰণে এই সময়ৰ লোক সকল দায়ী৷ 51 হয়, মই আপোনালোকক কওঁ- হেবলৰ ৰক্তপাতৰ পৰা আৰম্ভ কৰি যি জখৰিয়াক যজ্ঞবেদি আৰু মন্দিৰৰ মধ্য স্থানত হত্যা কৰা হৈছিল, সেই জখৰিয়াৰ হত্যা পর্যন্ত সমস্ত ৰক্তপাতৰ বাবে এই কালৰ লোক সকল দায়ী হব৷ 52 হায় হায় বিধানৰ অধ্যাপক সকল! আপোনালোক সন্তাপৰ পাত্ৰ৷ কিয়নো আপোনালোকে জ্ঞানৰ চাবি ধৰি আছে, কিন্তু তাতে প্ৰৱেশ নকৰিলে আৰু প্ৰৱেশ কৰিবলৈ ধৰা সকলকো বাধা দিছে।” 53 যীচুৱে সেই ঠাই এৰি যোৱাৰ পাছত, বিধানৰ অধ্যাপক আৰু ফৰীচী সকলে তেওঁৰ কথাত প্ৰতিৰোধ কৰিলে আৰু তেওঁক লৈ বহু কথাত বিতর্ক কৰি, 54 তেওঁ কোৱা কথাৰেই তেওঁক ফান্দত পেলাব বিচাৰিলে৷ |
Creative Commons License
Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.
Bridge Connectivity Solutions Pvt. Ltd.