অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




হিতো 16:32 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

ক্ৰোধত ধীৰ লোক বীৰতকৈ উত্তম; আৰু নিজৰ মনক দমন কৰা লোক নগৰ জয়কাৰীতকৈয়ো শ্ৰেষ্ঠ।

অধ্যায়টো চাওক



হিতো 16:32
16 পৰস্পৰ সংযোগসমূহ  

ইস্ৰায়েলৰ সকলো নদীতকৈ জানো দম্মেচকৰ অবানা আৰু ফাৰ্পৰ নদী উত্তম নহয়? মই জানো সেইবোৰত গা ধুই শুচি হ’ব নোৱাৰিম?” এই বুলি তেওঁ প্রচণ্ড খঙেৰে সৈতে ঘূৰি গুচি গ’ল।


যিহোৱা স্নেহশীল আৰু কৃপাময়। তেওঁ ক্ৰোধত ধীৰ আৰু দয়াত মহান।


ধৈৰ্যশীল লোকৰ বিবেচনা শক্তি অধিক; কিন্তু বেগাই খং উঠা লোকে নিজৰ মুৰ্খতা প্রকাশ কৰে।


ক্রোধি লোকে বিতৰ্কৰ সৃষ্টি কৰে; কিন্তু ক্ৰোধত ধীৰ লোকে বিবাদ ক্ষান্ত কৰে।


অহংকাৰী সকলৰ সৈতে লুটদ্ৰব্য ভাগ কৰি লোৱাতকৈ, দৰিদ্ৰ সকলৰ সৈতে নম্ৰ হোৱাই ভাল।


পকা চুলি গৌৰৱৰ মুকুট। সৎ পথত চলাৰ দ্বাৰাই ইয়াক পোৱা যায়।


চিঠি-খেলৰ গুটি কোঁচত পৰে, কিন্তু সিদ্ধান্ত যিহোৱাৰ পৰা হয়।


মানুহৰ বিবেচনাই তেওঁক ক্ৰোধত ধীৰ কৰে, আৰু অপৰাধ অৱমাননা কৰা তেওঁৰ গৌৰৱ।


ধৈৰ্যেৰে শাসনকৰ্ত্তাই প্ৰত্যয় জন্মাব পাৰে, আৰু নম্র জিভাই হাড় ভাঙিব পাৰে।


যি জনে নিজৰ মনক দমন নকৰে, তেওঁ গড় ভগা বা গড় নথকা নগৰৰ দৰে।


কোনো কাৰ্যৰ আৰম্ভণতকৈ তাৰ শেষ ভাল, আৰু অহংকাৰী আত্মাতকৈ ধৈর্যশীল আত্মা ভাল।


তোমাৰ আত্মাক হঠাৎ খং উঠিবলৈ নিদিবা; কিয়নো খং অজ্ঞানীবোৰৰ হৃদয়ত বাস কৰে।


কুকৰ্মৰ দ্বাৰাই পৰাজিত নহৈ, ভাল কৰ্মৰ দ্বাৰাই কুকৰ্মক পৰাজয় কৰক।


এতেকে আপোনালোক ঈশ্বৰৰ প্ৰিয় সন্তান হিচাপে তেওঁৰ অনুকাৰী হওক।


হে মোৰ প্ৰিয় ভাইসকল, অাপোনালোকে এই কথা জানিব যে, প্ৰত্যেক ব্যক্তি শুনিবলৈ প্ৰস্তুত থাকিব, ক’বলৈ ধীৰ আৰু ক্ৰোধলৈয়ো ধীৰ হওক,


মই নিজে যেনেকৈ জয় কৰি মোৰ পিতৃৰ সৈতে তেওঁৰ সিংহাসনত বহিলোঁ, তেনেকৈ যি জনে জয় কৰে, তেওঁকো মোৰে সৈতে মোৰ সিংহাসনত মই বহিবলৈ দিম।