হিতো 16:28 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 উচ্ছৃঙ্খল লোকে বিবাদ সৃষ্টি কৰে; পৰচৰ্চ্চাকাৰীয়ে প্ৰণয়ৰ বন্ধুৰ বিচ্ছেদ জন্মায়। |
অত্যাচাৰী লোকে নিজৰ চুবুৰীয়াক মিছা কথা কয়; আৰু যি পথ বেয়া, সেই পথলৈ তেওঁক লৈ যায়।
যি জনে অপৰাধ ঢাকে, তেওঁ প্ৰেমৰ চেষ্টা কৰে; কিন্তু যি কোনোৱে একে বিষয় বাৰে বাৰে কৈ থাকে, তেওঁ প্ৰণয়ৰ বন্ধুৰ বিচ্ছেদ জন্মায়।
যিদৰে গাখীৰ মন্থন কৰিলে মাখন হয়, আৰু নাক মোহাৰিলে তেজ ওলায়, সেইদৰে ক্ৰোধে বিবাদ সৃষ্টি কৰে।
তেওঁলোক সকলো অধাৰ্মিকতা, দুষ্টতা, লোভ আৰু ঈর্ষাৰে ভৰি থকা৷ তেওঁলোক নৰবধী, বিবাদ, ছল আৰু শত্ৰুতাৰে পৰিপূৰ্ণ;
কিয়নো মোৰ ভয় আছে যে, মই আপোনালোকৰ ওচৰলৈ যোৱা সময়ত আপোনালোকক যি ৰূপত দেখিবলৈ ইচ্ছা নকৰোঁ, কিজানি সেইৰূপত দেখিম আৰু আপোনালোকে মোক যিৰূপে দেখিবলৈ ইচ্ছা নকৰে, মোক সেইৰূপত দেখে; তাতে কিজানি আপোনালোকৰ মাজত বাদ-বিবাদ, ঈৰ্ষা, খং-ৰাগ, বিৰোধ, পৰচৰ্চা, দৰ্প, হুৰামুৰা, এই সকলো ঘটিব;
দায়ূদে চৌলক ক’লে, “চাওক, দায়ূদে আপোনাৰ অনিষ্ট কৰিবলৈ চেষ্টা কৰিছে বুলি লোকসকলে কোৱা কথা আপুনি কিয় শুনে?