হিতো 14:12 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 কোনো কোনো পথ মানুহৰ দৃষ্টিত সৰল বোধ হয়; কিন্তু শেষত সেয়ে মৃত্যুৰ পথ। |
এই কাৰণে ৰজাই পৰামর্শ লৈ সোণৰ দুটা দামুৰি নিৰ্মাণ কৰিলে; তেওঁ লোকসকলক ক’লে, “তোমালোক যিৰূচালেমলৈ অহা-যোৱা কৰা বৰ বহুল্য; এতেকে হে ইস্ৰায়েল, চোৱা, যি জনে মিচৰ দেশৰ পৰা তোমালোকক উলিয়াই আনিলে, তোমালোকৰ সেই ঈশ্বৰ এৱেঁই।”
“ঠেক দুৱাৰেদি সোমাবলৈ বহুত কষ্ট, প্ৰাণপণে চেষ্টা কৰা; মই তোমালোকক কওঁ, অনেক লোকে তাত সোমাবৰ বাবে যত্ন কৰিব, কিন্তু নোৱাৰিব৷
তেনেহলে যি যি বিষয়ত এতিয়া আপোনালোকে লাজ পাই আছে, তেতিয়া সেইবোৰত আপোনালোকৰ ফল কি আছিল? কিয়নো সেইবোৰৰ পৰিণাম আছিল মৃত্যু।
অনৰ্থক বাক্যৰ দ্বাৰা আপোনালোকক ভুলাবলৈ কাকো নিদিব; কিয়নো এইবোৰৰ কাৰণে অবাধ্যতাৰ সন্তান সকলৰ ওপৰলৈ ঈশ্বৰৰ ক্ৰোধ নামি আহে।