26 তেতিয়া যাৰবিয়ামে নিজৰ মনতে ভাবিলে, “এতিয়া দায়ূদৰ বংশলৈ ৰাজ্য পুনৰায় ঘূৰি আহিব৷
আৰু যদি তুমি মোৰ দাস দায়ূদে কৰাৰ দৰে, মোৰ বিধি আৰু আজ্ঞা পালন কৰিবলৈ মোৰ সকলো আদেশত মনোযোগ দি মোৰ পথত চলা আৰু মোৰ দৃষ্টিত যি ভাল তাকে কৰা, তেতিয়া মই তোমাৰ লগত থাকিম; আৰু মই যেনেকৈ দায়ূদৰ কাৰণে কৰিলোঁ, তেনেকৈ তোমাৰ কাৰণেও এক দৃঢ় বংশ স্থাপন কৰিম আৰু ইস্ৰায়েলক তোমাক দিম।
পাছত যাৰবিয়ামে ইফ্ৰয়িম পৰ্বতীয়া অঞ্চলত চিখিম নগৰ সাজি তাৰ মাজতে বাস কৰিলে৷ তেওঁ তাৰ পৰা গৈ পনুৱেল নগৰো সাজিলে।
এই লোকসকলে যদি যিৰূচালেমত থকা যিহোৱাৰ গৃহত বলি উৎসৰ্গ কৰিবলৈ যায়, তেতিয়া তেওঁলোকৰ প্ৰভু যিহূদাৰ ৰজা ৰহবিয়ামলৈ পুনৰায় এই লোকসকলৰ মন ঘূৰিব; তেতিয়া তেওঁলোকে মোক বধ কৰি পুনৰায় যিহূদাৰ ৰজা ৰহবিয়ামৰ ফলীয়া হ’ব।”
ইস্ৰায়েলৰ ৰজা বাচাই যিহূদাৰ বিৰুদ্ধে হিংসাত্মকভাবে আক্রমণ কৰিছিল, আৰু ৰামাক সাজি দৃঢ় কৰিবলৈ ধৰিলে যাতে কোনো লোক যেন যিহূদাৰ ৰজা আচাৰ দেশলৈ আহিব বা এৰি যাব নোৱাৰে৷
যিহোৱাৰ দৃষ্টিত যি বেয়া তেওঁ তাকেই কৰিছিল আৰু নবাটৰ পুতেক যাৰবিয়ামে ইস্রায়েলৰ দ্বাৰাই যিসকলো পাপ কার্য কৰাইছিল, তেওঁ তাকেই কৰিছিল; তাৰ পৰা তেওঁ আঁতৰি অহা নাছিল।
পাছত তেওঁলোকে ৰাতিপুৱাতে উঠি তকোৱাৰ মৰুপ্ৰান্তলৈ ওলাই গ’ল৷ ওলাই যোৱা সময়ত, যিহোচাফটে থিয় হৈ ক’লে, “হে যিহূদা আৰু যিৰূচালেম নিবাসীসকল, মোলৈ কাণ দিয়া! তোমালোকে নিজ ঈশ্বৰ যিহোৱাত বিশ্বাস কৰা, তাতে তোমালোক সমর্থন পাবা আৰু তেওঁৰ ভাববাদীসকলত বিশ্বাস কৰা, তাতে তোমালোক কৃতকাৰ্য হ’বা।”
এজন অজ্ঞানীয়ে, তেওঁৰ অন্তৰত কয়, “ঈশ্বৰ বুলি কোনো নাই।” তেওঁলোক ভ্রষ্ট হৈছে, তেওঁলোকে জঘন্য কার্যবোৰ কৰে; তেওঁলোকৰ মাজত সৎ কার্য কৰোঁতা কোনো নাই;
কোনো কোনো পথ মানুহৰ দৃষ্টিত সৰল বোধ হয়; কিন্তু শেষত সেয়ে মৃত্যুৰ পথ।
আৰু ইফ্ৰয়িমৰ নেতৃত্বত চমৰীয়া, আৰু চমৰিয়াৰ নেতৃত্বত ৰমলিয়াৰ পুত্র তোমালোক যদি বিশ্বাসত দৃঢ় হৈ নাথাকা, তেন্তে তোমালোক নিশ্চয় নিৰাপদে থাকিব নোৱাৰিবা”।’”
তেওঁক নিমন্ত্ৰণ কৰা ফৰীচীয়ে ইয়াকে দেখি নিজৰ মনতে ক’লে, ‘এওঁ ভাববাদী হোৱা হলে, এওঁক স্পৰ্শ কৰা এইজনী তিৰোতা কোন আৰু এওঁ কেনে তিৰোতা, অৰ্থাৎ তেওঁ যে পাতকী, ইয়াক তেওঁ জানিলেহেঁতেন’।
তাতে ফৰীচী সকলে ইজনে সিজনৰ মাজত কোৱা-কুই কৰি ক’লে, “তোমালোকে দেখিলা, আমাৰ সকলো চেষ্টা ব্যর্থ হল৷ চোৱা, গোটেই জগত খনে তেওঁৰ পাছত গ’ল।”
পাছত দায়ূদে মনতে ভাবিলে, ‘মই এতিয়া কোনো এদিন চৌলৰ হাতত বিনষ্ট হ’ম। পলেষ্টীয়াসকলৰ দেশলৈ পলাই যোৱাৰ বাহিৰে, মোৰ আন কোনো উপায় নাই; তালৈ গ’লে চৌলে ইস্ৰায়েলৰ সকলো অঞ্চলত মোক বিচাৰিবলৈ ক্ষান্ত হ’ব, আৰু মই তেওঁৰ হাতৰ পৰা ৰক্ষা পাম’।