যদি কোনোৱে ধন্যবাদাৰ্থক বলি উৎসৰ্গ কৰে, তেনেহলে তেওঁ বলিৰ সৈতে, তেল মিহলোৱা খমীৰ নিদিয়া বিন্ধা থকা কেইটামান পিঠা, তেল নিদিয়া খমীৰ কেইটামান পাতল চকলীয়া পিঠা আৰু তেলত ভজা মিহি আটাগুড়িৰে কৰা তেল মিহলোৱা বিন্ধা থকা কেইটামান পিঠা উৎসৰ্গ কৰিব।
তেতিয়া হিষ্কিয়াই উত্তৰ দি ক’লে, “এতিয়া আপোনালোকে যিহোৱাৰ উদ্দেশ্যে নিজকে পবিত্ৰ কৰিলে; আপোনালোক ওচৰলৈ আহক আৰু যিহোৱাৰ গৃহলৈ মঙ্গলাৰ্থক আৰু ধন্যবাদাৰ্থক বলি আনক।” তেতিয়া সমাজে মঙ্গলাৰ্থক আৰু ধন্যবাদাৰ্থক বলি অানিলে আৰু যিমান লোকৰ ইচ্ছা আছিল, সেই সকলোৱেও হোম-বলি আনিলে।
তেওঁ যিহোৱাৰ বেদী মেৰামত কৰি তাৰ ওপৰত মঙ্গলাৰ্থক বলি আৰু ধন্যবাদাৰ্থক বলি উৎসৰ্গ কৰিলে আৰু ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ আৰাধনা কৰিবলৈ যিহূদাক আজ্ঞা দিলে।
সেই দিনা লোকসকলে মহৎ বলিদান কৰি আনন্দ কৰিলে; কাৰণ ঈশ্বৰে তেওঁলোকক মহা-আনন্দেৰে আনন্দিত কৰিছিল। মহিলা আৰু ল’ৰা-ছোৱালীয়েও আনন্দ কৰিলে। এই হেতুকে বহুত দুৰলৈকে যিৰূচালেমৰ আনন্দ-ধ্বনি শুনা গৈছিল।
মানুহৰ প্রতি যিহোৱাৰ আচৰিত কার্যৰ কাৰণে আৰু তেওঁৰ গভীৰ প্রেমৰ কাৰণে তেওঁলোকে তেওঁৰ প্ৰশংসা কৰক।
মই তোমাৰ উদ্দেশ্যে ধন্যবাদাৰ্থক বলি উৎসৰ্গ কৰিম; মই যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিম।
যি মানুহে জীৱনত ধন্যবাদৰ বলি উৎসৰ্গ কৰে, তেৱেঁই মোক গৌৰৱাম্বিত কৰে; যি মানুহে সঠিক পথত চলে, মই তেওঁক ঈশ্বৰৰ পৰিত্ৰাণ দেখিবলৈ দিম।
আকৌ আনন্দৰ ধ্বনি, উল্লাসৰ ধ্বনি, দৰা-কন্যা ধ্বনি আৰু “বাহিনীসকলৰ যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো যিহোৱা মঙ্গলময়, কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে,” এই বুলি কোৱাসকলৰ ধ্বনি, আৰু যিহোৱাৰ গৃহলৈ ধন্যবাদাৰ্থক বলি অনাসকলৰ ধ্বনি পুনৰায় শুনা যাব। কিয়নো, মই এই দেশৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰি আগৰ দৰে কৰিম। কিয়নো যিহোৱাই এই কথা কৈছে।
মন পালটনৰ বাক্য লগত লোৱা আৰু যিহোৱালৈ ঘূৰি তেওঁক কোৱা, “আমাৰ সকলো পাপ-অপৰাধ দূৰ কৰক আৰু আমাৰ যি উত্তম, তাক গ্ৰহণ কৰক; যাতে আমি আমাৰ ওঁঠেৰে আপোনাৰ প্রশংসা কৰিব পাৰোঁ।
যেতিয়া তুমি তন্দুৰত তাও দিয়া ভক্ষ্য নৈবেদ্য উপহাৰস্বৰূপে উৎসৰ্গ কৰিবা, তেতিয়া তেল মিহলোৱা মিহি আটাগুড়িৰে কৰা খমিৰ নিদিয়া বিন্ধা থকা কেইটামান পিঠা, বা তেল ঢলা খমিৰ নিদিয়া কেইটামান পাতল চকলীয়া পিঠা দিব লাগিব।
আৰু যদি তাৱাত তাও দিয়া ভক্ষ্য নৈবেদ্য তোমাৰ উপহাৰ হয়, তেন্তে খমীৰ নিদিয়া তেল মিহলোৱা মিহি আটাগুড়িৰে কৰা পিঠা হ’ব।
তোমালোকে যি সময়ত যিহোৱাৰ উদ্দেশ্যে অনুগ্ৰহ মনা বলি উৎসৰ্গ কৰিবা সেই সময়ত, গ্রহণ হবৰ বাবেহে তাক উৎসৰ্গ কৰিবা।
ইয়াৰ অৱশিষ্ট ভাগ হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে ভোজন কৰিব; খমীৰ নিদিয়াকৈ কোনো পবিত্ৰ ঠাইত সেই ভাগ ভোজন কৰিব।
ধন্যবাদ দিয়াৰ উদ্দেশ্যে দিয়া মঙ্গলাৰ্থক বলিৰ মাংসৰ উপহাৰ উৎসৰ্গ কৰাৰ দিনাখনে ভোজন কৰিব লাগিব; তাৰ অলপো ৰাতিপুৱালৈ ৰাখিব নোৱাৰিব।
তোমালোকে ধন্যবাদৰ অর্থে খমিৰ দিয়া পিঠা উৎসর্গ কৰা আৰু ইচ্ছাকৃতভাৱে দিয়া উৎসর্গৰ বিষয়ে প্ৰচাৰ কৰা; সেইবোৰৰ বিষয়ে ঘোষণা কৰা; কিয়নো, হে ইস্ৰায়েলৰ লোক সমূহ, তোমালোকে এই সকলো কৰিয়েই সন্তোষ পোৱা।” প্রভু যিহোৱাই এই কথা কৈছে।
আৰু সেই জন্তুবোৰৰ সৈতে একেৰাহি খমিৰ নিদিয়া পিঠা অৰ্থাৎ তেল মিহলোৱা মিহি আটাগুড়িৰ বিন্ধা থকা পিঠা কেইটামান, আৰু খমীৰ নিদিয়া তেল ঢলা পাতল চকলীয়া পিঠা কেইটামান, আৰু তাৰ লগত ভক্ষ্য আৰু পেয় নৈবেদ্য উপহাৰৰ সৈতে এই সকলো উপহাৰ যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিবলৈ আনিব।
আৰু যীচুৰ চৰণত উবুৰি হৈ পৰি তেওঁৰ স্তুতি কৰিবলৈ ধৰিলে; সেই লোক জন, চমৰীয়া আছিল।
এই অন্য জাতিৰ মানুহ জনৰ বাহিৰে আন কোনো এজনো কিয় ঈশ্বৰৰ মহিমাক স্তুতি কৰিবলৈ উলটি নাহিল?”
কিয়নো ঈশ্বৰৰ বিষয়ে জানিও, তেওঁক ঈশ্বৰ বুলি তেওঁলোকে স্তুতি বা ধন্যবাদো নকৰিলে; কিন্তু নিজৰ তৰ্ক-বিতৰ্কত অজ্ঞানী হ’ল আৰু তেওঁলোকৰ অবোধ হৃদয় অন্ধকাৰময় হ’ল।
সদায় আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ নামেৰে সকলো বিষয়ৰ কাৰণে পিতৃ ঈশ্বৰৰ ধন্যবাদ কৰক।
এতেকে আহক, আমি তেওঁৰেই দ্বাৰাই সদায় ঈশ্বৰৰ উদ্দেশ্যে স্তৱৰূপ যজ্ঞ, তেওঁৰ নাম স্বীকাৰকাৰী ওঁঠৰ ফল উৎসৰ্গ কৰোঁহক।
আপোনালোকে নিজেও জীৱন্ত শিলৰ দৰে গঁথা হৈ, যীচু খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰৰ পৰমগ্ৰাহ্য আত্মিক যজ্ঞ উৎসৰ্গ কৰিবলৈ, পবিত্ৰ পুৰোহিত সমূহ হ’বৰ অৰ্থে এক আত্মিক ঘৰ হৈ উঠিছে।