29 তোমালোকে যি সময়ত যিহোৱাৰ উদ্দেশ্যে অনুগ্ৰহ মনা বলি উৎসৰ্গ কৰিবা সেই সময়ত, গ্রহণ হবৰ বাবেহে তাক উৎসৰ্গ কৰিবা।
মই তোমাৰ উদ্দেশ্যে ধন্যবাদাৰ্থক বলি উৎসৰ্গ কৰিম; মই যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিম।
তেওঁলোকে ধন্যবাদাৰ্থক বলি উৎসৰ্গ কৰক; আনন্দ গীতেৰে তেওঁৰ কৰ্মৰাজিৰ বৰ্ণনা কৰক।
তোমালোকে ধন্যবাদৰ অর্থে খমিৰ দিয়া পিঠা উৎসর্গ কৰা আৰু ইচ্ছাকৃতভাৱে দিয়া উৎসর্গৰ বিষয়ে প্ৰচাৰ কৰা; সেইবোৰৰ বিষয়ে ঘোষণা কৰা; কিয়নো, হে ইস্ৰায়েলৰ লোক সমূহ, তোমালোকে এই সকলো কৰিয়েই সন্তোষ পোৱা।” প্রভু যিহোৱাই এই কথা কৈছে।
আপোনালোকে নিজেও জীৱন্ত শিলৰ দৰে গঁথা হৈ, যীচু খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰৰ পৰমগ্ৰাহ্য আত্মিক যজ্ঞ উৎসৰ্গ কৰিবলৈ, পবিত্ৰ পুৰোহিত সমূহ হ’বৰ অৰ্থে এক আত্মিক ঘৰ হৈ উঠিছে।
এতেকে আহক, আমি তেওঁৰেই দ্বাৰাই সদায় ঈশ্বৰৰ উদ্দেশ্যে স্তৱৰূপ যজ্ঞ, তেওঁৰ নাম স্বীকাৰকাৰী ওঁঠৰ ফল উৎসৰ্গ কৰোঁহক।
মন পালটনৰ বাক্য লগত লোৱা আৰু যিহোৱালৈ ঘূৰি তেওঁক কোৱা, “আমাৰ সকলো পাপ-অপৰাধ দূৰ কৰক আৰু আমাৰ যি উত্তম, তাক গ্ৰহণ কৰক; যাতে আমি আমাৰ ওঁঠেৰে আপোনাৰ প্রশংসা কৰিব পাৰোঁ।
সেয়ে একেদিনাই তাক ভোজন কৰিব লাগিব। তোমালোকে ৰাতিপুৱালৈ তাৰ একোকে অৱশিষ্ট নাৰাখিবা। মই যিহোৱা।
যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰা মঙ্গলাৰ্থক বলিৰ নিয়ম এই।