তুমি বৰ্ষপূৰ্তি উৎসৱৰ পাছত হোৱা বছৰৰ লেখ অনুসাৰে লোকৰ পৰা মাটি কিনিবা, আৰু শস্য উৎপন্ন হোৱা বছৰৰ সংখ্যা অনুসাৰে তেওঁ তোমাক বেচিব।
লেবীয়া 25:16 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 বৰ্ষপূৰ্তি উৎসৱলৈ বেছি বছৰ থাকিলে বেছি দাম কৰিবা আৰু কম বছৰ থাকিলে কম দাম কৰিবা; কিয়নো নতুন গৰাকীৰ ভুমিত শস্য উৎপন্ন হোৱা বছৰৰ সংখ্যা অনুসাৰে তেওঁ তোমাক মাটি বেচে। |
তুমি বৰ্ষপূৰ্তি উৎসৱৰ পাছত হোৱা বছৰৰ লেখ অনুসাৰে লোকৰ পৰা মাটি কিনিবা, আৰু শস্য উৎপন্ন হোৱা বছৰৰ সংখ্যা অনুসাৰে তেওঁ তোমাক বেচিব।
তেন্তে তেওঁ তাক বেচা বছৰ লেখ কৰি, বাকী থকা ধন বেচাজনক ওলোটাই দিব; তেতিয়া তেওঁ পুনৰায় তেওঁৰ নিজৰ উত্তৰাধীকাৰ পাব।
যদি অনেক বছৰ বাকী থাকে, তেন্তে সেই বছৰৰ সংখ্যা অনুসাৰে যিমান ধন দি তেওঁক কিনা হৈছিল, তেওঁ সেই ধনৰ পৰা নিজকে মুকলি কৰা ধন ওলোটাই দিব।
আৰু যদি তেওঁ যোৱেল বছৰৰ কিছু কালৰ পাছত নিজৰ মাটি পবিত্ৰ কৰে, তেন্তে পুৰোহিতে যোৱেল বছৰলৈকে বাকী থকা বছৰৰ সংখ্যা অনুসাৰে তালৈ হিচাপ কৰিব আৰু নিৰূপিত মূল্য কম কৰা হ’ব।