17 আৰু তোমালোকে ইজনে সিজনক অন্যায় নকৰিবা, কিন্তু নিজ ঈশ্বৰক ভয় কৰিবা; কিয়নো মই তোমালোকৰ ঈশ্বৰ যিহোৱা।
তুমি পকামুৰীয়া জনৰ আগত উঠি থিয় হ’বা, বৃদ্ধলোকক সমাদৰ কৰিবা আৰু নিজ ঈশ্বৰলৈ ভয় ৰাখিবা; মই যিহোৱা।
তুমি কলাক শাও নিদিবা আৰু অন্ধৰ আগত উজুতি খোৱা মুঢ়া নথবা, কিন্তু তোমাৰ ঈশ্বৰলৈ ভয় ৰাখিবা; মই যিহোৱা।
তুমি তেওঁলোকলৈ কঠিন ব্যৱহাৰ নকৰিবা, কিন্তু নিজ ঈশ্বৰক ভয় কৰিবা।
তেতিয়া মোচিয়ে তেওঁলোকক ক’লে, “ভয় নকৰিব; আপোনালোকে যেন ঈশ্বৰলৈ ভয়ভক্তি ৰাখে আৰু পাপ নকৰে, সেই বাবে আপোনালোকক পৰীক্ষা কৰিবলৈ তেওঁ আপোনালোকৰ ওচৰলৈ আহিল।”
তৃতীয় দিনা যোচেফে তেওঁলোকক ক’লে, “তোমালোকে মই কোৱাৰ দৰে কৰি প্রাণ ৰক্ষা কৰা; কিয়নো মই ঈশ্বৰ ভয়কাৰী লোক হওঁ।
এই বিষয়ত কোনেও যেন সীমা পাৰ নহয় আৰু তেওঁৰ ভাইক নঠগায়; আমি আগেয়ে আপোনালোকক জনাইছিলোঁ আৰু সাৱধান কৰি দিছিলোঁ যে, এই সকলো পাপ বিষয়ৰ কাৰণে প্রভুৱে তেওঁলোকক দণ্ড দিব।
সঁচা, তেওঁলোকৰ অবিশ্বাসৰ কাৰণে সেইবোৰ ভাঙি পেলোৱা হ’ল, আপুনি হ’লে বিশ্বাসৰ দ্বাৰাই স্থিৰ হৈ আছে। উচ্চমনা নহ’ব, বৰং ভয় কৰক৷
সিহঁতৰ চকুৰ আগত ঈশ্বৰলৈ ভয় নাই৷”
বৰং সকলো জাতিৰ মাজত যি জনে তেওঁলৈ ভয় ৰাখি ধাৰ্মিক আচৰণ কৰে, সেই জন তেওঁৰ গ্ৰহণযোগ্য হয়৷
তেওঁ এজন ভক্ত লোক আছিল, তেওঁৰ ঘৰৰ সকলোৱে ঈশ্বৰলৈ ভয় ৰাখিছিল৷ তেওঁ আন লোক লোকক দান কৰিছিল আৰু সদায় ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছিল৷
সেই সময়ত গোটেই যিহুদীয়া, গালীল, আৰু চমৰীয়া দেশৰ মণ্ডলী সমূহ শান্তিত আছিল; বিশ্বাসী সকল সংখ্যাত বৃদ্ধি হৈ প্ৰভুৰ ভক্তিত আৰু পবিত্ৰ আত্মাই দিয়া উদগণিত জীৱন-যাপন কৰিছিল ৷
কিন্তু কোন জনক ভয় কৰিব লাগে সেই বিষয়ে মই তোমালোকক জনাওঁ৷ ভয় সেই জনক কৰিবা, যি জনৰ বধ কৰাৰ পাছত নৰকতো পেলাবৰ ক্ষমতা আছে৷ হয়, মই তোমালোকক কওঁ; তেওঁলৈকে ভয় কৰা।
বাহিনীগণৰ যিহোৱাই কৈছে, “তেতিয়া মই বিচাৰ কৰিবৰ কাৰণে তোমালোকৰ ওচৰলৈ আহিম; সেই সময়ত মায়াবী, ব্যভিচাৰী, মিছা সাক্ষী আৰু যিসকলে বনুৱাৰ পাৰিশ্রমিকত অন্যায় কৰে, বিধৱা আৰু পিতৃহীনক অত্যাচাৰ কৰে, বিদেশীৰ প্রতি অবিচাৰ কৰে আৰু যিসকলে মোক ভয় নকৰে, সেই লোকসকলৰ বিৰুদ্ধে মই এক দ্রুত সাক্ষী হৈ আহিম।”
তেওঁ দুখী-দৰিদ্ৰৰ বিচাৰ কৰাতে তেওঁৰ মঙ্গল হৈছিল; যিহোৱাই কৈছে, মোক জনাৰ প্ৰমাণ এয়ে নাছিল নে?
দৰিদ্ৰ লোকৰ বস্তু কাঢ়ি নলবা, কিয়নো তেওঁ দৰিদ্র; বা দুৱাৰত থকা অভাবি লোকক দমন নকৰিবা।
যিহোৱালৈ ভয় ৰখাই জ্ঞানৰ আৰম্ভণ, অজ্ঞানীলোকে প্রজ্ঞা আৰু অনুশাসন হেয়জ্ঞান কৰে।
যিহোৱা বিষয়ক যি ভয়, সেয়ে শুচি আৰু চিৰস্থায়ী; যিহোৱাৰ শাসন-প্ৰণালীবোৰ সম্পূর্ণভাৱে সত্য আৰু ধাৰ্মিক।
কিন্তু পূৰ্বতে থকা দেশাধ্যক্ষসকল যিসকল মোৰ আগতে আছিল, তেওঁলোকে লোকসকলৰ ওপৰত গধুৰ বোজা দিছিল, আৰু তেওঁলোকৰ দৈনিক খোৱা বস্তু আৰু দ্ৰাক্ষাৰস বাবে লোকসকলৰ পৰা তেওঁলোকে চল্লিশ চেকল ৰূপ লৈছিল। তাৰ উপৰিও তেওঁলোকৰ দাস সকলে লোকসকলৰ ওপৰত অত্যাচাৰ কৰিছিল। কিন্তু মই সেইদৰে কৰা নাই, কাৰণ মই ঈশ্বৰলৈ ভয় কৰোঁ।
মই পুনৰ ক’লোঁ, “আপোনালোকে যি কৰি আছে সেয়া ভাল নহয়। আমাৰ দেশৰ শত্রুবোৰে আমাক নিন্দা কৰাটো নিষেধ কৰিবলৈ আপোনালোকে আমাৰ ঈশ্বৰলৈ ভয় ৰাখি চলা উচিত নহয় নে?
এতেকে এতিয়া তোমালোকে যিহোৱালৈ ভয় ৰাখিবা; তোমালোকে সাৱধান হৈ কাৰ্য কৰা কিয়নো আমাৰ ঈশ্বৰ যিহোৱাৰ গুৰিত অন্যায়, কি মুখ চোৱা, কি ভেটি খোৱা নহয়।”
তোমালোকে কেৱল যিহোৱালৈ ভয় ৰাখা আৰু সত্যতাৰে সকলো হৃদয়েৰে তেওঁৰ আৰাধনা কৰা; আৰু তেওঁ তোমালোকৰ অৰ্থে কৰা মহৎ কর্মৰ কথা বিবেচনা কৰা।
আপোনালোক শ্রান্ত আৰু ক্লান্ত হৈ থকা অৱস্থাত যি দুর্বল লোকসকল পাছত গৈ আছিল, কেনেকৈ তেওঁলোকে বাটত লগ পাই আক্রমণ কৰিছিল, তাক সোঁৱৰণ কৰক। তেওঁলোকে ঈশ্বৰক ভয় কৰা নকৰিছিল।
যদি তুমি নিজ চুবুৰীয়াক কোনো মাটি বেচা, বা তেওঁলোকৰ পৰা কিনা, তেতিয়া তোমালোকে ইজনে সিজনক অন্যায় নকৰিবা।
এই ঘৰত মোৰ ওপৰত আন কোনো নাই; তেওঁ মোক নিদিয়াকৈ একোকে ধৰি ৰখা নাই; কিন্তু কেৱল আপোনাকহে মোক দিয়া নাই; কাৰণ আপুনি তেওঁৰ ভাৰ্যা; তেন্তে মই কেনেকৈ ইমান ডাঙৰ এটা জঘন্য কাম কৰি ঈশ্বৰৰ বিৰুদ্ধে পাপ কৰিব পাৰোঁ?”
দূতে ক’লে, “তুমি ল’ৰাটোৰ গাত হাত নিদিবা আৰু তাৰ একো হানি নকৰিবা; কিয়নো তুমি যে ঈশ্বৰৰ ভয়কাৰী লোক, সেই বিষয়ে মই এতিয়া জানিছোঁ; কাৰণ তুমি তোমাৰ একেটি পুত্ৰকো মোৰ বাবে বলি দিবলৈ অসন্মত নহলে।”
তেতিয়া অব্ৰাহামে ক’লে, “মই ভাৱিছিলো, এই ঠাইৰ লোকসকলৰ ঈশ্বৰৰ প্রতি নিশ্চয়ে ভয়-ভীতি নাই; সেয়ে মোৰ ভার্য্যাক পাবলৈ তেওঁলোকে মোকেই বধ কৰিব’।
যি লোকে দৰিদ্ৰক অত্যাচাৰ কৰে, তেওঁ নিজৰ সৃষ্টিকৰ্ত্তাক শাও দিয়ে; কিন্তু যি জনে অভাৱীলোকক দয়া কৰে, তেওঁ তেওঁক সন্মান কৰে।
তুমি নিজ চুবুৰীয়াক অত্যাচাৰ নকৰিবা আৰু তেওঁৰ বস্তু অপহৰণ নকৰিবা; বেচলৈ কাম কৰা চাকৰৰ বেচ গোটেই ৰাতি নিদিয়াকৈ থাকি ৰাতিপুৱালৈ নাৰাখিবা।
তেওঁৰ পৰা সুত বা বাঢ়ি নলবা, কিন্তু নিজ ঈশ্বৰক ভয় কৰিবা যাতে তোমাৰ ভাই তোমাৰ লগত জীৱন-ধাৰণ কৰি থাকে।
বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য চুক্তিৰ দ্বাৰাই অপৰাধৰ প্ৰায়শ্চিত্ত হয়, আৰু যিহোৱালৈ ৰখা ভয়ৰ দ্বাৰাই মানুহ বেয়াৰ পৰা আঁতৰি আহে।
যিহোৱাই পৰিচাৰকসকল আৰু লোকসকলৰ অধ্যক্ষসকলৰ বিচাৰত কৈছে, “তোমালোকে দ্ৰাক্ষাবাৰীখন খাই পেলাইছিলা, আৰু দৰিদ্ৰসকলৰ পৰা কাঢ়া বস্তু তোমালোকৰ ঘৰতেই আছে।