হে ঈশ্বৰ, তুমি মোৰ ভিতৰত শুদ্ধ অন্তৰ সৃষ্টি কৰা; মোৰ অন্তৰত এক নতুন আৰু সুস্থিৰ আত্মা স্থাপন কৰা।
লেবীয়া 16:30 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 কিয়নো সেই দিনা তোমালোকক শুচি কৰিবৰ অৰ্থে তোমালোকক প্ৰায়শ্চিত্ত কৰা হ’ব; আৰু তোমালোক সকলোৱেই পাপৰ পৰা যিহোৱাৰ সাক্ষাতে শুচি হ’বা। |
হে ঈশ্বৰ, তুমি মোৰ ভিতৰত শুদ্ধ অন্তৰ সৃষ্টি কৰা; মোৰ অন্তৰত এক নতুন আৰু সুস্থিৰ আত্মা স্থাপন কৰা।
আৰু যি অপৰাধৰ দ্বাৰাই তেওঁলোকে মোৰ অহিতে পাপ কৰিলে, তেওঁলোকৰ সেই সকলো অপৰাধ মই ধুই পেলাম; আৰু যি নানা অপৰাধেৰে তেওঁলোকে মোৰ অহিতে পাপ কৰিলে, আৰু যাৰ দ্বাৰাই তেওঁলোকে অধৰ্ম–আচৰণ কৰিলে, মই তেওঁলোকৰ সেই সকলো অপৰাধ ক্ষমা কৰিম।
“সেই সপ্তম মাহৰ দশম দিন অৱশ্যে প্ৰায়শ্চিত্তৰ দিন হ’ব; সেই দিনা তোমালোকে যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ সভা পালন কৰিবা; তোমালোকে উপবাস ৰাখিবা আৰু যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰিবা।
আৰু সেই দিনা তোমালোকে কোনো প্ৰকাৰৰ কাম নকৰিবা কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আগত তোমালোকক প্ৰায়শ্চিত্ত কৰিবলৈ সেয়ে প্ৰায়শ্চিত্তৰ দিন হ’ব।
আমাক সকলো অধৰ্মৰ পৰা মুক্ত আৰু শুচি কৰিবলৈ যীচুৱে নিজকে উৎসর্গ কৰিলে, যাতে আমি মূল্যৱান ব্যক্তি সকলৰ দৰে সকলো সৎকর্মত উদ্যোগী হওঁ।