28 আৰু সেই দিনা তোমালোকে কোনো প্ৰকাৰৰ কাম নকৰিবা কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আগত তোমালোকক প্ৰায়শ্চিত্ত কৰিবলৈ সেয়ে প্ৰায়শ্চিত্তৰ দিন হ’ব।
তথাপি যিহোৱাই তেওঁক আঘাতপ্রাপ্ত কৰি গুড়ি কৰিবলৈ ইচ্ছা কৰিলে; কিন্তু তোমালোকে যদি তেওঁৰ জীৱন পাপৰ বাবে উৎসর্গ কৰিব খুজিছা, তেনেহ’লে তুমি নিজৰ সন্তান সকলক দেখিবা, তেওঁৰ আয়ুস দীঘল হ’ব, আৰু যিহোৱাৰ উদ্দেশ্য তেওঁৰ যোগেদি সিদ্ধ কৰিব।
অধৰ্ম শেষ কৰিবলৈ, পাপৰ অন্ত কৰিবলৈ, পাপৰ প্ৰায়শ্চিত কৰিবলৈ, চিৰস্থায়ী ধাৰ্মিকতা আনিবলৈ, দৰ্শন আৰু ভাববাণী ক’বলৈ, আৰু মহাপবিত্ৰ স্থান অভিষেক কৰিবলৈ, তোমাৰ লোক আৰু তোমাৰ পবিত্র স্থানৰ বাবে সত্তৰ সপ্তাহ নিৰ্ধাৰণ কৰা হৈছে।
কিয়নো সেই দিনা তোমালোকক শুচি কৰিবৰ অৰ্থে তোমালোকক প্ৰায়শ্চিত্ত কৰা হ’ব; আৰু তোমালোক সকলোৱেই পাপৰ পৰা যিহোৱাৰ সাক্ষাতে শুচি হ’বা।
আৰু তেওঁ পবিত্ৰ-স্থান প্ৰায়শ্চিত্ত কৰিব, সাক্ষাৎ কৰা তম্বু আৰু বেদী প্ৰায়শ্চিত্ত কৰিব। আৰু পুৰোহিতসকলৰ আৰু গোটেই সমাজৰ বাবে প্রায়শ্চিত্ত কৰিব।
ইস্ৰায়েলৰ সন্তান সকল, তেওঁলোকৰ সকলো পাপৰ কাৰণে বছৰৰ ভিতৰত এবাৰ প্ৰায়শ্চিত্ত কৰাটোৱেই তোমালোকৰ বাবে চিৰস্থায়ী বিধি হ’ব।” তেতিয়া হাৰোণে মোচিক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰেই কাৰ্য কৰিলে।
“সেই সপ্তম মাহৰ দশম দিন অৱশ্যে প্ৰায়শ্চিত্তৰ দিন হ’ব; সেই দিনা তোমালোকে যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ সভা পালন কৰিবা; তোমালোকে উপবাস ৰাখিবা আৰু যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰিবা।
এতিয়া যিহোচূৱাৰ আগত মই স্থাপন কৰা শিলটোলৈ চোৱা। এইটো শিলৰ ওপৰতেই সাতোটা চকু ৰখা হৈছে’, বাহিনীসকলৰ যিহোৱাই কৈছে, ‘চোৱা, মই তাৰ উপযুক্ত শিলালিপি খোদিত কৰিম, ‘আৰু এই দেশৰ পাপসমূহ একেদিনাই মচি পেলাম’।
সেইদৰে দ্বিতীয়টো স্থাপিত হোৱাৰ যোগেদি ঈশ্বৰৰ ইচ্ছাৰে আমি যীচু খ্ৰীষ্টৰ শৰীৰ বলিদান স্বৰূপে একেবাৰে উৎসৰ্গ কৰাৰ দ্বাৰাই পবিত্ৰীকৃত হলোঁ।
কাৰণ তেওঁ পবিত্ৰ কৰা সকলক একমাত্ৰ নৈবেদ্যৰ দ্বাৰাই সদাকালৰ অৰ্থে পবিত্ৰীকৃত কৰিলে।
ছাগলীৰ আৰু দামুৰিৰ তেজৰ গুণে নহয়, কিন্তু তেওঁ নিজৰ তেজৰ গুণে খ্ৰীষ্ট একেবাৰতে সকলোৰে কাৰণে অতি পবিত্ৰ স্থানত সোমাই আমাৰ বাবে অনন্তকাল স্থায়ী মুক্তি উপাৰ্জ্জন কৰিলে।
সেয়ে হোৱা হলে জগত স্থাপনৰে পৰা তেওঁ অনেকবাৰ দুখভোগ কৰিব লাগিলহেঁতেন; কিন্তু এতিয়া তেওঁ আত্ম-বলিদানৰ দ্বাৰাই পাপ নাশৰ অৰ্থে যুগবোৰৰ শেষত এবাৰ মাথোন প্ৰকাশিত হ’ল।
তেৱেঁই আমাৰ পাপৰ প্ৰায়শ্চিত্ত কৰোঁতা; কেৱল আমাৰেই নহয়, গোটেই জগতৰে,
ঈশ্বৰক যে আমি প্ৰেম কৰিলোঁ, এনে নহয়; কিন্তু তেওঁহে আমাক প্ৰেম কৰিলে আৰু আমাৰ পাপৰ প্ৰায়শ্চিত্ত হ’বলৈ নিজ পুত্ৰক পঠাই দিলে, ইয়াতেই প্ৰেম আছে।
জল আৰু তেজেদি অহা জন তেৱেঁই; তেওঁ হ’ল যীচু খ্ৰীষ্ট; তেওঁ কেৱল জলেৰে নহয়, কিন্তু জল আৰু তেজ, এই উভয়েৰে আহিল। এই সাক্ষ্য আত্মা দিয়ে, কাৰণ আত্মা সত্য।