লেবীয়া 13:45 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 যি কুষ্ঠৰোগীৰ গাত কুষ্ঠৰোগৰ ঘা থাকে, তেওঁ ফলা বস্ত্ৰ পিন্ধিব, আৰু তেওঁৰ মূৰৰ চুলি মুকলিকৈ ৰখা হ’ব, আৰু তেওঁ নিজৰ ওপৰ ওঁঠ ঢাকিব, আৰু ‘অশুচি, অশুচি,’ বুলি চিঞৰিব। |
তেতিয়া তামাৰে নিজৰ মুৰত ছাঁই ল’লে, আৰু নিজৰ গাত থকা সেই দীঘল অলংকাৰপূর্ণ চোলা ফালি মুৰত হাত দি চিঞৰি কান্দি কান্দি গুচি আহিল।
সেই সময়ত নগৰৰ প্রৱেশদ্বাৰৰ বাহিৰত চাৰিজন কুষ্ঠৰোগত আক্রান্ত লোক আছিল; তেওঁলোকে ইজনে সিজনক ক’লে, “আমি নমৰালৈকে ইয়াতে কিয় বহি থাকিব লাগে?
তেতিয়া ইয়োব উঠিল আৰু নিজৰ চোলা ফালিলে। পাছত মুৰ খুৰাই, মাটিত পৰি প্ৰণিপাত কৰি ক’লে,
তোমালোকে এৰি যোৱা, এৰিযোৱা; তাৰ পৰা ওলাই যোৱা, কোনো অশুচি বস্তু নুচুবা; তাৰ মাজৰ পৰা ওলাই যোৱা; তোমালোক যিসকলে যিহোৱাৰ পাত্ৰ কঢ়িয়াইছা, নিজকে শুচি কৰা।
মই তেতিয়া কলোঁ, মোৰ সন্তাপ হওক! কিয়নো মই দণ্ডপ্রাপ্ত হৈছোঁ, কাৰণ মই অশুচি ওঠৰ মানুহ, আৰু মই অশুচি ওঁঠৰ মানুহৰ মাজত বাস কৰিছোঁ; কাৰণ মই নিজৰ চকুৰে ৰজা, যিহোৱা, বাহিনীসকলৰ যিহোৱাক দেখিছোঁ।
কিয়নো আমি সকলোৱেই অশুচি লোকৰ সদৃশ হলোঁ, আৰু আমাৰ সকলো ধাৰ্মিকতা চুৱা কাপোৰৰ দৰে হল; আমি সকলোৱে পাতৰ দৰে জয় পৰিছোঁ, আৰু আমাৰ অপৰাধবোৰে বতাহৰ দৰে আমাক উড়ুৱাই লৈ গৈছে।
সেয়ে আমি আমাৰ লাজস্বৰূপ বিছনাত শোওঁ আৰু আমাৰ অপমানে আমাক ঢাকক; কিয়নো আমাৰ পূৰ্বপুৰুষসকলে, আৰু আমিও লৰা কালৰে পৰা আজিলৈকে নিজৰ ঈশ্বৰ যিহোৱাৰ অহিতে পাপ কৰিলোঁ, আৰু নিজৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা পালন নকৰিলোঁ।”
লোকসকলে সিহঁতক ৰিঙিয়াই কৈছিল, “গুচ, হে অশুচি, গুচ, গুচ, নুচুবি!” সিহঁতে পলাই ভ্ৰমণ কৰোঁতে, লোকসকলে জাতিবোৰৰ মাজত কৈছিল, “সিহঁত এই ঠাইত পুনৰ বিদেশী হৈ নাথাকিব!”
তুমি নিৰৱে হুমুনিয়াহ পেলাবা। মৃত লোকৰ বাবে শোক নকৰিবা। তোমাৰ মূৰত পাগুৰি বান্ধা আৰু ভৰিত জোতা পিন্ধা, তোমাৰ মুখমণ্ডল নাঢাকিবা আৰু পত্নীসকলক হেৰোৱাই শোক কৰা লোকসকলে দিয়া পিঠা নাখাবা।”
তেতিয়া মই কৰাৰ দৰে তোমালোকেও কৰিবা: তোমালোকে তোমালোকৰ ওঁঠ নাঢাকিবা বা শোক কৰি থকা লোকসকলে দিয়া পিঠা নাখাবা!
আৰু তোমালোকে তোমালোকৰ বস্ত্ৰ নিছিৰি, হৃদয় ছিৰা, তোমালোকৰ ঈশ্বৰ যিহোৱালৈ ঘুৰা। কিয়নো তেওঁ কৃপাময় আৰু দয়ালু, ক্ৰোধত ধীৰ আৰু দয়াত মহান, আৰু অমঙ্গলৰ পৰা নিজকে ঘূৰাওঁতা।
তেতিয়া মোচিয়ে হাৰোণক আৰু তেওঁৰ পুত্ৰ ইলিয়াজৰ আৰু ঈথামৰক ক’লে, “তোমালোক যেন নমৰা আৰু গোটেই মণ্ডলীলৈ যেন তেওঁৰ ক্ৰোধ প্ৰজ্বলিত নহয়, এই কাৰণে তোমালোকে নিজ নিজ মূৰৰ চুলি মুকলিকৈ নাৰাখিবা আৰু নিজ নিজ কাপোৰ নাফালিবা; কিন্তু যিহোৱাৰ ক্ৰোধাগ্নি জ্বলাৰ বাবে তোমালোকৰ ভাই গোটেই ইস্ৰায়েল বংশই ক্ৰন্দন কৰক।
তেন্তে তেওঁ কুষ্ঠ ৰোগী আৰু অশুচি; অৱশ্যে পুৰোহিতে তেওঁক অশুচি বুলি ক’ব; তাৰ কুষ্ঠৰোগৰ ঘা তেওঁৰ মূৰতে আছে।
আৰু নিজ ভাইসকলৰ মাজত যি প্ৰধান পুৰোহিতৰ মুৰত যি অভিষেকাৰ্থক তেল ঢলা গ’ল আৰু পবিত্ৰ বস্তুবোৰ পিন্ধিবৰ কাৰণে নিযুক্ত কৰা হ’ল, তেওঁ নিজৰ মুৰৰ চুলি মুকলিকৈ নাৰাখিব আৰু নিজৰ কাপোৰ নাফালিব।
দৰ্শকসকলক লাজত পেলোৱা হ’ব, আৰু ভৱিষ্যৎ গণনা কৰা সকল বিভ্রান্ত হ’ব। তেওঁলোক সকলোৱে নিজৰ মুখ ঢাকিব; কাৰণ মোৰ পৰা তেওঁলোকলৈ একো উত্তৰ নাহিব;”
“তুমি প্ৰতিজন কুষ্ঠৰোগীক, আৰু গাৰ ঘাৰ পৰা কিবা বৈ থকা প্ৰতিজন ৰোগীক, আৰু মৰা শ চুই অশুচি হোৱা প্ৰতিজন লোককে ছাউনিৰ পৰা বাহিৰ কৰিবলৈ, ইস্ৰায়েলৰ সন্তান সকলক আজ্ঞা দিয়া।
ইয়াকে দেখি চিমোন পিতৰে যীচুৰ চৰণত পৰি ক’লে, “প্ৰভু মই এজন পাপী মানুহ, আপুনি মোৰ ওচৰৰ পৰা আতৰি যাওক।”