Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




গননা 5:2 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

2 “তুমি প্ৰতিজন কুষ্ঠৰোগীক, আৰু গাৰ ঘাৰ পৰা কিবা বৈ থকা প্ৰতিজন ৰোগীক, আৰু মৰা শ চুই অশুচি হোৱা প্ৰতিজন লোককে ছাউনিৰ পৰা বাহিৰ কৰিবলৈ, ইস্ৰায়েলৰ সন্তান সকলক আজ্ঞা দিয়া।

অধ্যায়টো চাওক কপি কৰক




গননা 5:2
15 পৰস্পৰ সংযোগসমূহ  

সেই সময়ত নগৰৰ প্রৱেশদ্বাৰৰ বাহিৰত চাৰিজন কুষ্ঠৰোগত আক্রান্ত লোক আছিল; তেওঁলোকে ইজনে সিজনক ক’লে, “আমি নমৰালৈকে ইয়াতে কিয় বহি থাকিব লাগে?


যি কুষ্ঠৰোগীৰ গাত কুষ্ঠৰোগৰ ঘা থাকে, তেওঁ ফলা বস্ত্ৰ পিন্ধিব, আৰু তেওঁৰ মূৰৰ চুলি মুকলিকৈ ৰখা হ’ব, আৰু তেওঁ নিজৰ ওপৰ ওঁঠ ঢাকিব, আৰু ‘অশুচি, অশুচি,’ বুলি চিঞৰিব।


যিমান দিন তেওঁৰ গাত সেই কুষ্ঠৰোগ ঘা থাকিব, সিমান দিন তেওঁ অশুচি হৈ থাকিব; তেওঁ অশুচি হোৱাত আৰু তেওঁৰ সেই ৰোগ যেন ব্যাপি নাযায় সেই কাৰণে তেওঁ অকলে থাকিব; তেওঁৰ থকা ঠাই ছাউনিৰ বাহিৰত হ’ব।


তেতিয়া পুৰোহিতে সেই ঘা চাই যদি তেওঁৰ চোকোৰা বন্ধা ঘা ছালত বিয়পি যোৱা দেখে, তেতিয়া তেওঁ লোকজনক অশুচি বুলি জনাব; সেয়ে কুষ্ঠৰোগ।


আৰু সেই শুচি হ’বলগীয়া লোক জনে নিজ বস্ত্ৰ ধুই, চুলি দাড়ি আদি গাৰ আটাই নোম খুৰাই পানীত গা ধুব আৰু তাৰ পাছত তেওঁ শুচি হ’ব। এই বোৰ কৰাৰ পাছত তেওঁ ছাউনিত সোমাব, কিন্তু তেওঁ সাত দিন নিজ তম্বুৰ বাহিৰত থাকিব লাগিব।


পাছত যিহোৱাই মোচিক ক’লে: “তুমি পুৰোহিতসকলক অৰ্থাৎ হাৰোণৰ পুত্ৰসকলক কোৱা, ‘নিজ লোকসকলৰ মাজৰ কোনো মানুহ মৰিলে, তেওঁৰ বাবে কোনেও নিজকে অশুচি কৰিব নালাগে।


কিয়নো যিকোনোৱে সেই দিনা উপবাস নাৰাখে, তেওঁক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।


পাছে তম্বুৰ ওপৰৰ পৰা মেঘ গুচিলত, চোৱা, মিৰিয়মৰ গাত হিমৰ দৰে কুষ্ঠৰোগ হ’ল - তেতিয়া হাৰোণে মিৰিয়মৰ ফাললৈ মুখ ঘূৰাই চাই তেওঁক কুষ্ঠৰোগ হোৱাতো তেওঁ দেখিলে।


পাছত যিহোৱাই মোচিক ক’লে, “তেওঁৰ বাপেকে তেওঁৰ মুখত যদি কেৱল থুই পেলালেহেঁতেন, তেনেহলে তেওঁৰ জানো সাত দিনলৈকে লাজ কৰি নাথাকিলহেঁতেন? এই হেতুকে তেওঁ সাত দিন ছাউনিৰ বাহিৰে বন্ধ হৈ থাওঁক, পাছত তেওঁক পুনৰায় ভিতৰলৈ আনিবা।”


তোমালোকে সাত দিনলৈকে ছাউনিৰ বাহিৰত ছাউনি পাতি থাকা; তোমালোকৰ যিমান লোকে বধ কৰিছা বা হত হোৱা লোককো চুইছা, তোমালোকৰ সেই সকলোৱে আৰু বন্দী কৰি অনা লোকসকলক তৃতীয় আৰু সপ্তম দিনা শুচি কৰা।


তাৰ পাছত যিহোৱাই মোচিক কলে,


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন