অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




লেবীয়া 10:14 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

আৰু দোলনীয় উপহাৰ যি সোঁ ফালৰ কৰঙনটো, তাক তুমি তোমাৰ পো-জীসকলেৰে সৈতে কোনো শুচি ঠাইত ভোজন কৰিবা। কিয়নো ইস্ৰায়েলৰ সন্তান সকলৰ মঙ্গলাৰ্থক বলিৰ পৰা তাক তোমাৰ আৰু তোমাৰ সন্তান সকলক পাবলগীয়া ভাগ বুলি দিয়া হ’ল।

অধ্যায়টো চাওক



লেবীয়া 10:14
10 পৰস্পৰ সংযোগসমূহ  

মোৰ পৰিচৰ্যাৰ বাবে তেওঁলোকক পবিত্ৰ কৰিবলৈ আৰু তেওঁলোকৰ প্ৰায়শ্চিত্ত হ’বলৈ, তেওঁলোকে মাংস আৰু পিঠা ভোজন কৰিব। কিন্তু আন কোনো লোকে সেইবোৰ ভোজন কৰিব নালাগে; কাৰণ সেই সকলো পবিত্ৰ বস্তু।


তেতিয়া তেওঁ মোক ক’লে, “পৃথক কৰা ঠাইৰ সন্মুখত থকা উত্তৰ আৰু দক্ষিণৰ কোঁঠালিবোৰ পবিত্ৰ কোঁঠালি; যিহোৱাৰ ওচৰত থকা পুৰোহিতসকলে তাত অতি পবিত্ৰ বস্তু ভোজন কৰে; তাত তেওঁলোকে অতি পবিত্ৰ বস্তুবোৰ, ভক্ষ্য নৈবেদ্য, পাপাৰ্থক বলি আৰু দোষাৰ্থক বলি থয়; কিয়নো সেই ঠাই পবিত্ৰ।


কোনো পবিত্ৰ ঠাইত তাক ভোজন কৰিবা; কিয়নো যিহোৱাৰ অগ্নিকৃত উপহাৰবোৰৰ মাজত সেয়ে তুমি আৰু তোমাৰ পুত্ৰসকলে পাবলগীয়া ভাগ, কাৰণ মই এই আজ্ঞা পালোঁ।


কিন্তু পুৰোহিতৰ জীয়েক যদি বিধৱা বা স্বামীয়ে ত্যাগ কৰা হয় আৰু তাইৰ যদি সন্তান নাথাকে আৰু নিজ পিতৃৰ ঘৰলৈ আহি, জীয়াৰীকালৰ দৰে থাকে, তেন্তে তাই পিতৃৰ আহাৰ খাব পাৰে। কিন্তু পুৰোহিত বংশৰ নোহোৱা লোকে সেই পুৰোহিতৰ আহাৰ ভোজন নকৰিব।


আৰু মোচিৰ আজ্ঞা অনুসাৰে, হাৰোণে যিহোৱাৰ সন্মূখত আমঠু দুটা আৰু সোঁ কৰঙনটো দোলনীয় উপহাৰৰ অৰ্থে দোলালে।


আৰু এইবোৰ তোমাৰ হ’ব: অৰ্থাৎ ইস্ৰায়েলৰ সন্তান সকলে দান দিয়া সকলো উত্তোলনীয় নৈবেদ্য আৰু তেওঁলোকৰ সকলো দোলনীয় নৈবেদ্য; চিৰকালৰ অধিকাৰৰ অৰ্থে মই তোমাৰ আৰু তোমাৰে সৈতে তোমাৰ পো-জীসকলক সেইবোৰ দিলোঁ; তোমাৰ বংশৰ সকলো শুচি লোকে সেইবোৰ ভোজন কৰিব পাৰিব।


আৰু ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকৰ পবিত্ৰ বস্তুৰ মাজৰ যিমান উত্তোলনীয় উপহাৰ মোৰ উদ্দেশ্যে পুৰোহিতৰ গুৰিলৈ আনিব, সেই সকলো সেই পুৰোহিত জনৰ হ’ব।


যীচুৱে তেওঁলোকক ক’লে, “মোক পঠোৱা জনৰ ইচ্ছা পালন কৰা, আৰু তেওঁৰ কাৰ্য সিদ্ধ কৰাই মোৰ আহাৰ।