Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




লেবীয়া 10:13 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

13 কোনো পবিত্ৰ ঠাইত তাক ভোজন কৰিবা; কিয়নো যিহোৱাৰ অগ্নিকৃত উপহাৰবোৰৰ মাজত সেয়ে তুমি আৰু তোমাৰ পুত্ৰসকলে পাবলগীয়া ভাগ, কাৰণ মই এই আজ্ঞা পালোঁ।

অধ্যায়টো চাওক কপি কৰক




লেবীয়া 10:13
7 পৰস্পৰ সংযোগসমূহ  

তেতিয়া তেওঁ মোক ক’লে, “পৃথক কৰা ঠাইৰ সন্মুখত থকা উত্তৰ আৰু দক্ষিণৰ কোঁঠালিবোৰ পবিত্ৰ কোঁঠালি; যিহোৱাৰ ওচৰত থকা পুৰোহিতসকলে তাত অতি পবিত্ৰ বস্তু ভোজন কৰে; তাত তেওঁলোকে অতি পবিত্ৰ বস্তুবোৰ, ভক্ষ্য নৈবেদ্য, পাপাৰ্থক বলি আৰু দোষাৰ্থক বলি থয়; কিয়নো সেই ঠাই পবিত্ৰ।


মোচিয়ে হাৰোণক আৰু তেওঁৰ অৱশিষ্ট পুত্ৰ ইলিয়াজৰ আৰু ঈথামৰ এই দুজনক ক’লে, “যিহোৱাৰ অগ্নিকৃত উপহাৰবোৰৰ অৱশিষ্ট ভক্ষ্য নৈবেদ্য লৈ গৈ, বেদীৰ কাষত খমীৰ নোহোৱাকৈ ভোজন কৰিবা। কিয়নো সেয়ে অতি পবিত্ৰ।


আৰু দোলনীয় উপহাৰ যি সোঁ ফালৰ কৰঙনটো, তাক তুমি তোমাৰ পো-জীসকলেৰে সৈতে কোনো শুচি ঠাইত ভোজন কৰিবা। কিয়নো ইস্ৰায়েলৰ সন্তান সকলৰ মঙ্গলাৰ্থক বলিৰ পৰা তাক তোমাৰ আৰু তোমাৰ সন্তান সকলক পাবলগীয়া ভাগ বুলি দিয়া হ’ল।


সেই ভক্ষ্য নৈবেদ্যৰ বাকীখিনি হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ কাৰণে হ’ব; যিহোৱাৰ অগ্নিকৃত উপহাৰবোৰৰ মাজত সেয়ে অতি পবিত্ৰ।


ইয়াৰ অৱশিষ্ট ভাগ হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে ভোজন কৰিব; খমীৰ নিদিয়াকৈ কোনো পবিত্ৰ ঠাইত সেই ভাগ ভোজন কৰিব।


সেইবোৰ মোৰ বাবে সংৰক্ষিত অতি পবিত্ৰ বস্তু, তোমালোকে এইবোৰ নিশ্চয় খাবা। প্ৰতিজন পুৰুষে সেইবোৰ নিশ্চয় খাব লাগিব। সেইবোৰ মোৰ বাবে সংৰক্ষিত তোমাৰ পক্ষে পবিত্ৰ হ’ব।


প্ৰতিজনৰ পবিত্ৰীকৃত বস্তু তেওঁৰেই হ’ব। যিকোনো বস্তু যেতিয়া কোনো এজন লোকে পুৰোহিতক দিব, তাকো তেওঁৰেই হ’ব।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন