হে ঈশ্বৰ, তুমি মোৰ ভিতৰত শুদ্ধ অন্তৰ সৃষ্টি কৰা; মোৰ অন্তৰত এক নতুন আৰু সুস্থিৰ আত্মা স্থাপন কৰা।
লূক 8:35 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেতিয়া মানুহবোৰে এই ঘটনা চাবলৈ ওলাই আহিল আৰু যীচুৰ ওচৰলৈ আহি দেখিলে যে, যি মানুহ জনৰ পৰা ভূত ওলাই গৈছিল, সি কাপোৰ পিন্ধি সচেতন আৰু জ্ঞান পোৱা হৈ যীচুৰ চৰণৰ ওচৰত বহি আছে৷ ইয়াকে দেখি আটাইলোকে ভয় কৰিলে। |
হে ঈশ্বৰ, তুমি মোৰ ভিতৰত শুদ্ধ অন্তৰ সৃষ্টি কৰা; মোৰ অন্তৰত এক নতুন আৰু সুস্থিৰ আত্মা স্থাপন কৰা।
সেইবাবে অনেক লোকসকলৰ মাজত মই তেওঁৰ অংশ দিম, আৰু তেওঁ বহুতৰ সৈতে লুটদ্ৰব্য ভাগ কৰিব; কাৰণ তেওঁ নিজৰ জীৱন মৃত্যুলৈ প্রকাশিত কৰিলে, আৰু আইন ভঙ্গ কৰাসকলৰ সৈতে গনিত হ’ল। তেওঁ অনেকৰ পাপৰ ভাৰ বহন কৰিলে, আৰু আইন ভঙ্গ কৰাসকলৰ কাৰণে মধ্যস্হতা কৰিলে।
সমগ্র চিৰিয়া দেশতে তেওঁৰ খ্যাতি বিয়পি পৰিল আৰু লোক সকলে নানা ধৰণৰ বেমাৰ আৰু যন্ত্রণাত আক্রান্ত লোক, ভূতে পোৱা লোক, মৃগী ৰোগী আৰু পক্ষাঘাতগ্রস্ত আদি নানা ধৰণৰ ৰোগী সকলক তেওঁৰ ওচৰলৈ লৈ আহিল। যীচুৱে তেওঁলোকক সুস্থ কৰিলে।
আৰু যীচুৰ ওচৰলৈ আহি, সেই ভূতে পোৱা মানুহ জনক, অৰ্থাৎ বাহিনীয়ে পোৱা জনক কাপোৰ পিন্ধি, শুদ্ধ মনেৰে বহি থকা দেখা পাই লোক সকলে ভয় কৰিলে৷
শেষত তেওঁ চেতনা পাই ক’লে, ‘মোৰ পিতৃৰ ওচৰত বহুত চাকৰে পেত ভৰাই খাবলৈ পাই কিন্তু ইয়াত মই ভোকৰ জ্বালাত মৰিছোঁ।
তিনি দিনৰ পাছত তেওঁলোকে যীচুক মন্দিৰত পালে। তেওঁ অধ্যাপক সকলৰ মাজত বহি তেওঁলোকৰ কথা শুনি আছিল আৰু নানা প্ৰশ্ন সুধি আছিল।
তাতে যীচুৱে বামত উঠোতে, নগৰৰ এটা ভূতে পোৱা মানুহ তেওঁৰ আগত উপস্থিত হ’ল৷ সি বহু দিনৰ পৰা কাপোৰ পিন্ধা নাছিল আৰু ঘৰতো থকা নাছিল কিন্তু মৈদামবোৰতহে থাকিছিল।
“মই যিহুদী মানুহ, কিলিকিয়া দেশৰ তাৰ্চ নগৰ মোৰ ওপজা ঠাই, কিন্তু এই নগৰত প্ৰতিপালিত হৈ, গমলীয়েল অধ্যাপকৰ চৰণত ঠিকমতে আমাৰ পূৰ্ব-পুৰুষ সকলৰ পৰা প্ৰচলিত বিধানৰ শিক্ষা পালোঁ; আৰু আজি আপোনালোক যেনে হৈ আছে, ময়ো সেইদৰে ঈশ্বৰলৈ উৎসাহী হৈ আছিলোঁ;
যি কোনোৱে পাপ-আচৰণ কৰে, তেওঁ চয়তানৰ; কিয়নো চয়তানে আদিৰে পৰা পাপ কৰি আছে। চয়তানৰ কৰ্ম ধ্বংস কৰিবৰ কাৰণে ঈশ্বৰৰ পুত্ৰ প্ৰকাশিত হ’ল।