46 তিনি দিনৰ পাছত তেওঁলোকে যীচুক মন্দিৰত পালে। তেওঁ অধ্যাপক সকলৰ মাজত বহি তেওঁলোকৰ কথা শুনি আছিল আৰু নানা প্ৰশ্ন সুধি আছিল।
পাছত “তৃতীয় দিনা মোৰ ওচৰলৈ আকৌ আহিবা”, ৰজাই কোৱা এই কথাৰ দৰেই যাৰবিয়াম আদি কৰি সকলো লোক তৃতীয় দিনা ৰহবিয়ামৰ ওচৰলৈ আহিল।
তেতিয়া ৰহবিয়ামে তেওঁলোকক ক’লে, “তিনি দিনলৈ আতৰি থকা, তাৰ পাছত মোৰ ওচৰলৈ ঘূৰি আহা৷” তেতিয়া লোকসকল গুচি গ’ল।
মই যেন ক্লান্ত জনক বহন কৰিব পৰা বাক্য ক’ব পাৰোঁ, সেয়ে শিক্ষা দিয়া সকলৰ এজন বুলি, প্রভু যিহোৱাই মোক কথা কোৱা জিভা দিলে। তেওঁ প্ৰতিটো পুৱাতেই মোক সজাগ কৰে, এনে কি, শিক্ষা লাভ কৰা সকলৰ দৰে তেওঁ মোৰ কাণ সজাগ কৰে।
যোনা যেনেকৈ তিনি দিন তিনি ৰাতি ডাঙৰ মাছৰ পেটৰ ভিতৰত আছিল, তেনেকৈ মানুহৰ পুত্ৰও তিনি দিন তিনি ৰাতি মাটিৰ তলত থাকিব।
সেই সময়ৰ পৰা যীচুৱে তেওঁৰ শিষ্য সকলক জনাবলৈ ধৰিলে যে, তেওঁ অৱশ্যেই যিৰূচালেমলৈ যাব লাগিব, আৰু তাত পৰিচাৰক, প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলৰ পৰা অনেক দুখভোগ পাই মৃত্যুভোগ কৰি তিন দিনৰ দিনা পুনৰায় উঠিব লাগিব।
আৰু যি সকলে তেওঁৰ কথা শুনিলে, তেওঁলোক সকলোৱে তেওঁৰ বুদ্ধি আৰু উত্তৰত বিস্ময় মানিলে।
এদিন তেওঁ শিক্ষা দি থকা সময়ত কেইজনমান ফৰীচী আৰু বিধানৰ অধ্যাপক তাত বহি আছিল। তেওঁলোক গালীল আৰু যিহূদা অঞ্চলৰ বিভিন্ন গাওঁ আৰু যিৰূচালেম নগৰৰ পৰাও আহিছিল। ৰোগী সুস্থ কৰিবলৈ প্ৰভুৰ শক্তি যীচুৰ লগত আছিল।
যীচুৱে উত্তৰ দি তেওঁক ক’লে, “আপুনি ইস্ৰায়েলৰ শিক্ষক হৈয়ো এইবোৰ কথা নুবুজে নে?
কিন্তু তেতিয়া গমলীয়েল নামৰ এজন ফৰীচী, যি জন সকলো মানুহৰে সন্মানিত বিধানৰ এজন অধ্যাপক, তেওঁ থিয় হ’ল আৰু পাঁচনি সকলক অলপ সময়ৰ কাৰণে বাহিৰলৈ নিবৰ বাবে নির্দেশ দিলে।
তেওঁলোকে বিধানৰ অধ্যাপক হবলৈ ইচ্ছা কৰে, কিন্তু তেওঁলোকে নিজৰ কথা নিজেই নুবুজে বা যি বিষয়ে জোৰ দি কয়, সেই সম্বন্ধেও নাজানে৷