লূক 22:51 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেতিয়া যীচুৱে সমিধান দি ক’লে, “ইয়াকো সহন কৰা।” পাছে তেওঁৰ কাণ খন চুই, তেওঁক সুস্থ কৰিলে। |
তেতিয়া তেওঁৰ বিৰুদ্ধে অহা প্ৰধান পুৰোহিত, মন্দিৰৰ সেনাপতি আৰু পৰিচাৰক সকলক যীচুৱে ক’লে, “যেনেকৈ ডকাইতৰ বিৰুদ্ধে ওলাই আহা, তেনেকৈ মোৰ বিৰুদ্ধেও তোমালোকে তৰোৱাল আৰু টাঙোন লৈ ওলাই আহিলা নে?
মই তেওঁলোকৰ লগত থকা সময়ত, তুমি যি নাম মোক দিছা, তোমাৰ সেই নামত মই তেওঁলোকক ৰক্ষা কৰিলোঁ; আৰু মই তেওঁলোকক পহৰা দিলোঁ; তাতে তেওঁলোকৰ এজনো বিনষ্ট নহ’ল, কেৱল বিনাশৰ পুত্ৰহে শাস্ত্ৰীয় বচন সিদ্ধ কৰিবলৈ বিনষ্ট হ’ল।
মই, যি পৌল, নিজে খ্ৰীষ্টৰ মৃদু আৰু কোমল স্বভাৱেৰে আপোনালোকক মিনতি কৰিছোঁ - মই আপোনালোকৰ সাক্ষাতে নম্ৰ কিন্তু অসাক্ষাতে আপোনালোকৰ প্ৰতি সাহিয়াল৷