28 কিন্তু পৌলে চিঞৰি বৰ মাতেৰে ক’লে, “নিজৰ ক্ষতি নকৰিব৷ আমি সকলো ইয়াতে আছোঁ।”
মোৰ নিজ ভাই বা নিজ বন্ধুৰ দৰেই তেওঁলোকৰ কাৰণে মই শোক প্রকাশ কৰিলোঁ; মই মাতৃহাৰাৰ দৰে শোকার্ত হৈ মূৰ তল কৰি ফুৰিলোঁ।
যদি মোৰ বন্ধুৰ প্রতি মই অপকাৰ কৰি আছোঁ, বা বিনা কাৰণতে মই মোৰ শত্রুৰ পৰা কিবা বস্তু লৈছোঁ,
নৰ-বধ নকৰিবা।
কিন্তু যি জনে মোক বিচাৰি নাপায়, তেওঁ নিজৰ অনিষ্ট কৰে। যিসকলোৱে মোক ঘিণ কৰে, তেওঁলোকে মৃত্যুক ভাল পায়।”
অতিশয় দুষ্ট নহবা, আৰু অজ্ঞানীও নহবা; কিয় তুমি সময়ৰ আগেয়ে মৰিবা?
তুমি নিজ সন্তান সকলৰ প্ৰতিকাৰ নাসাধিবা বা তেওঁলোকৰ বিৰুদ্ধে আখেজ নাৰাখিবা; কিন্তু নিজ ওচৰ-চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা; মই যিহোৱা।
কিন্তু মই তোমালোকক কওঁ, তোমালোকৰ শত্ৰুক প্ৰেম কৰিবা আৰু তোমালোকক তাড়না কৰা সকলৰ বাবে প্ৰাৰ্থনা কৰিবা,
তেতিয়া যীচুৱে সমিধান দি ক’লে, “ইয়াকো সহন কৰা।” পাছে তেওঁৰ কাণ খন চুই, তেওঁক সুস্থ কৰিলে।
তেতিয়া যীচুৱে ক’লে, “হে পিতৃ, এওঁলোকক ক্ষমা কৰা; কিয়নো এওঁলোকে কি কৰিছে, সেই বিষয়ে নাজানে।” পাছত তেওঁলোকে চিঠি খেলি তেওঁৰ বস্ত্ৰ ভগাই ললে।
কাৰাগাৰৰ অধ্যক্ষই টোপনিৰ পৰা সাৰ পাই কাৰাগাৰৰ দুৱাৰবোৰ মুকলি দেখি, নিজৰ তৰোৱাল উলিয়াই আত্মঘাতী হবলৈ বিচাৰিলে। কিয়নো তেওঁ ভাৱিলে যে, কয়দীবোৰ পলাই গ’ল।
তেতিয়া কাৰাগাৰৰ অধ্যক্ষই কাৰোবাক চাকি আনিবলৈ কৈ ভিতৰলৈ দৌৰি গ’ল আৰু ভয়তে কঁপি কঁপি পৌল আৰু চীলৰ আগত উবুৰি খাই পৰিল।
সাৱধান, কোনেও যেন অপকাৰৰ সলনি কাৰো অপকাৰ নকৰে। কিন্তু পৰস্পৰৰ আৰু সকলোৰে কাৰণে যি উত্তম, তেনে কৰ্ম কৰিবলৈ যেন চেষ্টা কৰে।