তেতিয়া ৰজাৰ খং উঠিল আৰু দিবলগীয়া আটাইখিনি ঋণ পৰিশোধ নকৰা পর্যন্ত দাস জনক যাতনাকাৰীৰ হাতত শোধাই দিলে।
লূক 12:59 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 মই আপোনালোকক কওঁ, শেষ পইচাটোও পৰিশোধ নকৰালৈকে কোনো প্ৰকাৰে আপুনি কাৰাগাৰৰ পৰা মুক্ত হব নোৱাৰিব৷” |
তেতিয়া ৰজাৰ খং উঠিল আৰু দিবলগীয়া আটাইখিনি ঋণ পৰিশোধ নকৰা পর্যন্ত দাস জনক যাতনাকাৰীৰ হাতত শোধাই দিলে।
তেতিয়া তেওঁৰ বাওঁফালে থকাবোৰক কব, ‘হেৰ মোৰ পৰা আতৰি থকা সকল, চয়তান আৰু তাৰ দূতবোৰৰ কাৰণে যুগুত কৰি থোৱা অনন্ত জুইলৈ তোমালোক গুচি যোৱা।
মই তোমালোকক স্বৰূপকৈ কওঁ, যেতিয়ালৈকে দিবলগীয়া ধনৰ শেষ পইচাটি পর্যন্ত আদায় নিদিয়া, তেতিয়ালৈকে তোমালোকে তাৰ পৰা কোনোমতে ওলাব নোৱাৰিবা।
এতিয়া তোমাৰ আৰু আমাৰ মাজত এক মহাশূন্য স্থাপন কৰা আছে৷ আমি ইচ্ছা কৰিলেও ইয়াৰ পৰা তুমি থকা ঠাইলৈ যাব নোৱাৰো আৰু তোমাৰ তাৰ পৰা ইচ্ছা কৰিলেও কোনো ইয়ালৈ আহিব নোৱাৰা’।
ভাইসকল, আপোনালোকৰ কাৰণে আমি সদায় ঈশ্বৰক ধন্যবাদ দিওঁ; আমি এনেদৰে ধন্যবাদ কৰা উচিত, কাৰণ আপোনালোকৰ বিশ্বাস অতিশয়ৰূপে বৃদ্ধি পাইছে আৰু আপোনালোক সকলোৱে প্রেমত পৰস্পৰৰ প্রতি উপচি পৰিছে;