লূক 12:42 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তাতে প্ৰভুৱে ক’লে, “নিজৰ ভৃত্য সকলক উচিত সময়ত নিৰূপিত আহাৰ দিবলৈ, প্ৰভুৱে সিহঁতৰ ওপৰত যাক গৰাকী পাতিব এনে বিশ্বাসী আৰু বুদ্ধিমান ঘৰগিৰী কোন? |
যি জনে ডিমৰু গছক যত্ন কৰে, সেই জনে তাৰ ফল খাবলৈ পায়; আৰু যি জনে নিজৰ মালিকক সুৰক্ষা দিয়ে, তেওঁ সন্মান পায়।
তেওঁ ৰাতিপুৱা নহওঁতেই সাৰ পায়, আৰু ঘৰৰ সকলোকে খাবলৈ আহাৰ দিয়ে, আৰু তেওঁ নিজৰ দাসীসকলক কাম ভগাই দিয়ে।
মই যেন ক্লান্ত জনক বহন কৰিব পৰা বাক্য ক’ব পাৰোঁ, সেয়ে শিক্ষা দিয়া সকলৰ এজন বুলি, প্রভু যিহোৱাই মোক কথা কোৱা জিভা দিলে। তেওঁ প্ৰতিটো পুৱাতেই মোক সজাগ কৰে, এনে কি, শিক্ষা লাভ কৰা সকলৰ দৰে তেওঁ মোৰ কাণ সজাগ কৰে।
যি মেৰ-ছাগৰ ৰখিয়াসকলে তেওঁলোকক চৰাব, মই তেওঁলোকৰ ওপৰত এনে ৰখীয়াসকলক নিযুক্তি কৰিম; তেতিয়া তেওঁলোকে আৰু ভয় নকৰিব আৰু বিহবল নহব; আৰু তেওঁলোকৰ মাজৰ কোনো নাইকিয়া নহব”, ইয়াকে যিহোৱাই কৈছে।
তোমালোকে তেল খোৱা, তোমালোকে নোমেৰে পিন্ধা কাপোৰ কৰি লোৱা! তোমালোকে হৃষ্টপুষ্ট মেৰ-ছাগবোৰ বধ কৰা! কিন্তু জাকক হ’লে তোমালোকে প্ৰতিপালন নকৰা।
তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “গতিকে, স্বর্গৰাজ্যৰ বিষয়ে শিক্ষা পোৱা প্রত্যেক জন বিধানৰ অধ্যাপক এনে এজন শিষ্যত পৰিণত হয়, যি জনে এজন গৃহস্থৰ দৰে নিজৰ ভঁৰালৰ পৰা নতুন আৰু পুৰণি উভয় বস্তু বাহিৰলৈ উলিয়াই।”
পাছত গধূলি সময়ত, সেই দ্ৰাক্ষাবাৰীৰ গৰাকীয়ে নিজৰ কর্মচাৰীক ক’লে, ‘বনুৱা সকলক মাতি শেষৰ জনৰ পৰা আৰম্ভ কৰি, প্ৰথম জনলৈকে প্রত্যেককে মজুৰী দিয়া।’
তেতিয়া যোহনে তেওঁৰ দুজন শিষ্যক মাতি আনি প্ৰভুৰ ওচৰত শুধিবৰ বাবে পঠিয়ালে যে, “আহিব লগা জন আপুনিয়ে নে? নে আমি আন কোনো এজনৰ বাবে অপেক্ষা কৰি থাকিম?”
আপোনালোকে নিজৰ বাবে আৰু পবিত্ৰ আত্মাই যি সকলৰ মাজত আপোনালোকক অধ্যক্ষ পাতিলে, সেই সকলোৱে সাৱধান হৈ, ঈশ্বৰে নিজৰ তেজেৰে যি মণ্ডলীক কিনিলে, সেই মণ্ডলীক প্ৰতিপালন কৰক।
কিন্তু মই যদি পলমো কৰোঁ, তথাপি তুমি সত্যতাৰ স্তম্ভ আৰু ভিক্তিমুল স্ৱৰূপ যি ঈশ্বৰৰ গৃহ, অৰ্থাৎ জীৱনময় ঈশ্ৱৰৰ মণ্ডলীত কেনে আচাৰ-ব্যৱহাৰ কৰিব লাগে, সেই বিষয়ে জানিবৰ বাবে এইবোৰ কথা তোমালৈ লিখিলোঁ; কিয়নো মণ্ডলী হৈছে সত্যৰ স্তম্ভ আৰু ভিত্তিমুল৷
যি যি পৰিচাৰক সকলে উত্তমৰূপে পৰিচালনা কৰে, বিশেষকৈ যি সকলে বাক্য আৰু শিক্ষাত পৰিশ্ৰম কৰে, তেওঁলোক দুগুণ সমাদৰৰ যোগ্য-পাত্ৰ বুলি গণিত হওক।
তুমি বাক্য ঘোষণা কৰা; সময়ত আৰু অসময়তো উৎসাহী হোৱা; সম্পূর্ণ ধৈৰ্য আৰু উপদেশেৰে অনুযোগ কৰা, ডবিওৱা আৰু উদগোৱা।
অধ্যক্ষকৰ বাবে এয়ে প্ৰয়োজনীয়, যিহেতু তেওঁ ঈশ্বৰৰ লোক সকলৰ পৰিচাৰক; সেয়েহে, তেওঁ নিষ্কলংক হোৱা উচিত৷ তেওঁ অহংকাৰী, অলপতে ক্ৰোধী, মদপী, প্ৰহাৰক আৰু কুচ্ছিত, লাভ বিচৰা হব নালাগে৷
আপোনালোকে আপোনালোকৰ নায়ক সকলক মান্য কৰি তেওঁলোকৰ বশীভূত হওক; কিয়নো হিচাপ দিব লগা লোক সকলৰ দৰে তেওঁলোকে আপোনালোকৰ প্ৰাণৰ কাৰণে প্ৰহৰী কাৰ্য কৰিছে; এতেকে তেওঁলোকে যেন সেই কৰ্ম আৰ্ত্তস্বৰেৰে নকৰি আনন্দেৰে কৰিব পাৰিব, তাৰ কাৰণে তেওঁলোকৰ বশীভূত হওক; কিয়নো আৰ্ত্তস্বৰেৰে কৰিলে আপোনালোকৰ একো হিত নহ’ব।
আপোনালোকৰ যি নায়ক সকলে আপোনালোকক ঈশ্বৰৰ বাক্য কৈ গ’ল, তেওঁলোকক সোঁৱৰণ কৰক; আৰু তেওঁলোকৰ জীৱন, আচৰণৰ শেষগতি চাই-চিন্তি, তেওঁলোকৰ বিশ্বাসৰ অনুকাৰী হওক।
মোচি সঁচাকৈয়ে ঈশ্বৰৰ সমস্ত গৃহৰ সেৱকৰূপে বিশ্বাসী আছিল। ভৱিষ্যতত যি যি কোৱা হ’ব, সেই সকলোৰে সম্বন্ধে মোচিয়ে সাক্ষ্য দি আছিল
আপোনালোকে যেনেকৈ প্ৰতিজনে অনুগ্ৰহৰ বৰ পালে, তেনেকৈ ঈশ্বৰৰ বহুবিধ অনুগ্ৰহৰূপ ধনৰ উত্তম তত্ৱাৱধায়কৰদৰে, আপোনালোকে পৰস্পৰক সেৱা শুশ্ৰূষা কৰক;