Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যাত্ৰা 36:4 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

4 সেয়ে পবিত্ৰ স্থানত কাম কৰি থকা সকলো দক্ষতাসম্পন্ন লোকসকল কামৰ পৰা আহিল।

অধ্যায়টো চাওক কপি কৰক




যাত্ৰা 36:4
6 পৰস্পৰ সংযোগসমূহ  

ঈশ্বৰৰ যি অনুগ্ৰহ মোক দিয়া হ’ল, তাৰ দ্বাৰাই দক্ষ ঘৰ-সাজোঁতাৰ দৰে মই ভিত্তিমূল স্থাপন কৰিলোঁ আৰু তাৰ ওপৰত আনে সাজে। কিন্তু কেনেকৈ তেওঁ তাৰ ওপৰত সাজিছে, সেই বিষয়ত প্রত্যেকেই যেন সাৱধান হয়।


তাতে প্ৰভুৱে ক’লে, “নিজৰ ভৃত্য সকলক উচিত সময়ত নিৰূপিত আহাৰ দিবলৈ, প্ৰভুৱে সিহঁতৰ ওপৰত যাক গৰাকী পাতিব এনে বিশ্বাসী আৰু বুদ্ধিমান ঘৰগিৰী কোন?


এই কাৰণে বুদ্ধিমান আৰু বিশ্বাসী দাস কোন জন হয়, উচিত সময়ত আহাৰ দিবলৈ যি জন দাসক প্ৰভুৱে সিহঁতৰ ওপৰত গৰাকী পাতিলে সেই জন নহয় নে?


তাতে কাম কৰোঁতা সকলে কাম কৰাত, তেওঁলোকৰ দ্বাৰাই সম্পূৰ্ণকৈ কাৰ্য সমাধা কৰা হ’ল; এইদৰে তেওঁলোকে ঈশ্বৰৰ গৃহ আচল নক্সাত মজবুত কৰি প্ৰতিষ্ঠা কৰিলে।


তেওঁলোকে, পবিত্ৰ-স্থানৰ নিৰ্মাণ কাৰ্যৰ বাবে ইস্ৰায়েলী লোকসকলে আনি দিয়া সকলো উপহাৰ মোচিৰ পৰা গ্রহণ কৰিলে। লোকসকলে প্ৰতি ৰাতিপুৱা মোচিৰ আগত ইচ্ছাকৃত ভাৱে দান আনিছিল।


তেওঁলোকে মোচিক ক’লে, “যিহোৱাই যিবোৰ কাম কৰিবলৈ আজ্ঞা দিছিল, সেই কাৰ্যৰ বাবে প্রয়োজনীয় বস্তুতকৈ লোকসকলে অধিক বস্তু আনি আছে।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন