অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




যোহন 4:47 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেওঁ যেতিয়া শুনিলে যে যীচু যিহুদীয়াৰ পৰা গালীল প্ৰদেশলৈ ঘূৰি আহিছে, তেতিয়া তেওঁ যীচুৰ ওচৰলৈ গৈ অনুৰোধ কৰি ক’লে, যীচুৱে যেন আহি তেওঁৰ ল’ৰাক সুস্থ কৰি দিয়ে; কিয়নো তেওঁৰ ল’ৰা জন তেতিয়া মৰোঁ মৰোঁ অৱস্থাত আছিল।

অধ্যায়টো চাওক



যোহন 4:47
12 পৰস্পৰ সংযোগসমূহ  

ঈশ্বৰ আমাৰ আশ্ৰয় আৰু বল, সঙ্কটৰ সময়ত বিচাৰা মাত্ৰে পাব পৰা ঈশ্বৰ।


হেৰোদ যেতিয়া যিহুদীয়াৰ ৰজা আছিল, তেতিয়া যিহুদীয়াৰ বৈৎলেহম নামৰ ঠাইত যীচুৰ জন্ম হ’ল৷ সেই সময়ত পূব দেশৰ পৰা কেইজনমান জ্যোতিষী পণ্ডিতে যিৰূচালেমলৈ আহি সুধিলে,


সেই বাটেদি নাচৰতীয়া যীচু আহি থকা বুলি শুনি, তেওঁ আটাহ পাৰি ক’বলৈ ধৰিলে, “হে দায়ুদৰ সন্তান যীচু, মোক দয়া কৰক!”


আৰু সেই ঠাইৰ নাম-ঘৰৰ যায়ীৰ নামেৰে এজন অধিকাৰীয়ে আহি যীচুৰ চৰণত পৰিল আৰু তেওঁৰ ঘৰলৈ যাবৰ বাবে তেওঁক বিনয় কৰিলে;


মাৰ্থাই যীচুক ক’লে, “হে প্ৰভু, আপুনি ইয়াত থকা হ’লে, মোৰ ভাই নমৰিলহেঁতেন;


যি ঠাইত যীচু আছিল, মৰিয়মে সেই ঠাই পাই, তেওঁৰ চৰণত পৰি ক’লে, “হে প্ৰভু, আপুনি ইয়াত থকা হ’লে, মোৰ ভাই নমৰিলেহেঁতেন।”


তেতিয়া তেওঁ যিহুদীয়া প্রদেশ এৰি পুনৰ গালীল প্ৰদেশলৈ গ’ল।


যীচুৱে পুণৰ যিহুদীয়াৰ পৰা গালীল প্ৰদেশলৈ গৈ এইটো দ্বিতীয় আচৰিত চিন দেখুৱালে।


তাতে লুদ্দা নগৰ যাফোৰ ওচৰ হোৱাত, আৰু পিতৰো তাতে আছে বুলি শুনি, শিষ্য সকলে তেওঁৰ ওচৰলৈ দুজন মানুহ পঠিয়াই মিনতি কৰালে, বোলে, “পলম নকৰি আমাৰ ইয়ালৈ আহক।”