Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যোহন 11:32 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

32 যি ঠাইত যীচু আছিল, মৰিয়মে সেই ঠাই পাই, তেওঁৰ চৰণত পৰি ক’লে, “হে প্ৰভু, আপুনি ইয়াত থকা হ’লে, মোৰ ভাই নমৰিলেহেঁতেন।”

অধ্যায়টো চাওক কপি কৰক




যোহন 11:32
10 পৰস্পৰ সংযোগসমূহ  

মাৰ্থাই যীচুক ক’লে, “হে প্ৰভু, আপুনি ইয়াত থকা হ’লে, মোৰ ভাই নমৰিলহেঁতেন;


আৰু যীচুৰ চৰণত উবুৰি হৈ পৰি তেওঁৰ স্তুতি কৰিবলৈ ধৰিলে; সেই লোক জন, চমৰীয়া আছিল।


ইয়াকে দেখি চিমোন পিতৰে যীচুৰ চৰণত পৰি ক’লে, “প্ৰভু মই এজন পাপী মানুহ, আপুনি মোৰ ওচৰৰ পৰা আতৰি যাওক।”


আৰু সেই ঠাইৰ নাম-ঘৰৰ যায়ীৰ নামেৰে এজন অধিকাৰীয়ে আহি যীচুৰ চৰণত পৰিল আৰু তেওঁৰ ঘৰলৈ যাবৰ বাবে তেওঁক বিনয় কৰিলে;


মই, যোহনেই এইবোৰ কথা শুনিলোঁ আৰু এই সকলো দেখিলোঁ; যেতিয়া মই এনে শুনি-দেখি সেই দূত জনক যি জনে এই সকলোকে মোক দেখুৱালে তেওঁক প্ৰণিপাত কৰিবলৈ তেওঁৰ চৰণত পৰিলো।


আৰু সেই জীৱিত প্ৰাণী চাৰিটাই ক’লে, “আমেন”! আৰু সেই পৰিচাৰক সকলে সমৰ্পিত হৈ মাটিত পৰি আৰাধনা কৰিলে’।


যেতিয়া তেওঁ সেই নুৰাটো ল’লে তেতিয়া জীৱিত প্ৰাণী চাৰিটা আৰু সেই চৌবিশ জন পৰিচাৰকে নিজে মেৰ-পোৱালি জনৰ সন্মুখলৈ আহি উবুৰি হৈ পৰিল৷ তেখেত সকলৰ হাতত গাইপতি বীণা আৰু পবিত্ৰ লোক সকলৰ প্ৰাৰ্থনা স্বৰূপ সুগন্ধি ধূপেৰে পৰিপূৰ্ণ সোণৰ বাটি আছিল।


কিন্তু তেওঁলোকৰ কোনো কোনোৱে ক’লে, “যি জনে এজন অন্ধৰ চকু মুকলি কৰিলে, তেওঁ এই মানুহ জনৰো মৃত্যু নহবলৈ এনে একো কৰিব নোৱাৰিলেহেঁতেন নে?”


সেই ৰাজকর্মচাৰী জনে তেওঁক ক’লে, “মহাশয়, দয়া কৰি মোৰ ল’ৰাটিৰ মৃত্যু নহওতেই আহক!”


এওঁ সেই জনী মৰিয়ম, যি গৰাকীয়ে পাছত প্রভুৰ ওপৰত বহুমূল্য সুগন্ধি তেল ঢালি নিজৰ চুলিৰে প্রভুৰ চৰণ মচি মচি সানি দিছিল। তেওঁৰে ভায়েক এই লাজাৰ অসুস্থ আছিল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন