গতিকে, তোমালোকে মোক ইয়ালৈ পঠোৱা নাই, ঈশ্বৰেহে পঠালে; তেওঁ মোক ফৰৌণৰ এজন পিতৃৰ স্থানত ৰাখিলে আৰু তেওঁৰ গোটেই পৰিয়ালৰ অধিপতি কৰিলে। ইয়াৰোপৰি তেওঁ মোক গোটেই মিচৰ দেশৰ ওপৰত শাসনকৰ্ত্তা পাতিলে।”
যোহন 19:27 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেতিয়া তেওঁ সেই শিষ্যকো ক’লে, “চোৱা, সৌৱা তোমাৰ মাতৃ”! সেই সময়ৰে পৰা সেই জন শিষ্যই তেওঁক নিজৰ ঘৰলৈ লৈ গ’ল। |
গতিকে, তোমালোকে মোক ইয়ালৈ পঠোৱা নাই, ঈশ্বৰেহে পঠালে; তেওঁ মোক ফৰৌণৰ এজন পিতৃৰ স্থানত ৰাখিলে আৰু তেওঁৰ গোটেই পৰিয়ালৰ অধিপতি কৰিলে। ইয়াৰোপৰি তেওঁ মোক গোটেই মিচৰ দেশৰ ওপৰত শাসনকৰ্ত্তা পাতিলে।”
যোচেফে তেওঁৰ পিতৃ, ভাই-ককাই আৰু পিতৃৰ পৰিয়ালৰ সকলোকে আহাৰ যোগান ধৰিলে, আৰু তেওঁলোকৰ ল’ৰা-ছোৱালীৰ সংখ্যা অনুসাৰে যোগান ধৰিলে।
তেতিয়া ৰজাই উত্তৰ দি তেওঁলোকক ক’ব, ‘মই তোমালোকক সঁচাকৈ কওঁ, মোৰ ভাইবোৰৰ মাজত সৰু এটিলৈকো যি কৰিছিলা, সেয়া মোলৈহে কৰিছিলা’।
পাছত তেওঁৰ চাৰিওফালে বহি থকা লোক সকলক চাই তেওঁ ক’লে, “এওঁলোকলৈ চোৱা, এওঁলোকেই মোৰ আই আৰু মোৰ ভাই;
যি জগত তেওঁৰ নিজৰেই, তেওঁ সেই ঠাইলৈ আহিল, কিন্তু তেওঁৰ নিজৰ লোকেই তেওঁক গ্ৰহণ নকৰিলে।
চোৱা, এনে সময় আহিছে, আৰু প্রকৃতে এনে সময় আহিব, যেতিয়া তোমালোকে নিজ নিজ সা-সম্পত্তিত গোট গোট হৈ থাকিবা আৰু মোক অকলশৰীয়াকৈ এৰি যাবা, তথাপি মই অকলশৰীয়া নহওঁ, কিয়নো পিতৃ মোৰ লগত আছে।