Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যোহন 16:32 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

32 চোৱা, এনে সময় আহিছে, আৰু প্রকৃতে এনে সময় আহিব, যেতিয়া তোমালোকে নিজ নিজ সা-সম্পত্তিত গোট গোট হৈ থাকিবা আৰু মোক অকলশৰীয়াকৈ এৰি যাবা, তথাপি মই অকলশৰীয়া নহওঁ, কিয়নো পিতৃ মোৰ লগত আছে।

অধ্যায়টো চাওক কপি কৰক




যোহন 16:32
22 পৰস্পৰ সংযোগসমূহ  

“হে তৰোৱাল! তুমি মোৰ মেৰ-ছাগ ৰখীয়াৰ অহিতে, মোৰ লগৰীয়া পুৰুষজনৰেই অহিতে সাৰ পোৱা”- এয়ে বাহিনীসকলৰ যিহোৱাৰ ঘোষণা। “মেৰ-ছাগ ৰখীয়াজনক আঘাত কৰা, তেতিয়া মেৰ-ছাগবোৰ ছিন্ন-ভিন্ন হৈ যাব! কিয়নো মই ক্ষুদ্ৰসকলৰ ওপৰত মোৰ হাত চলাম।


তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “এই ৰাতি তোমালোক সকলোৱে মোক এৰি যাবা; কিয়নো লিখা আছে, ‘মই মেৰৰখীয়াক আঘাত কৰিম তাতে জাকৰ মেৰবোৰ ছিন্ন-ভিন্ন হৈ যাব৷’


মোক যি জনে পঠালে, তেওঁ মোৰ লগত আছে। তেওঁ মোক অকলশৰীয়াকৈ ৰখা নাই, কিয়নো মই সদায় তেওঁৰ সন্তোষজনক কাম কৰোঁ।”


তথাপি যদি বিচাৰ কৰোঁ, তেনেহলে মোৰ সোধ-বিচাৰ সত্য; কিয়নো মই অকলশৰীয়া নহওঁ; মইতো আছোঁৱেই, আৰু মোক পঠোৱা পিতৃও আছে।


তাতে যীচুৱে তেওঁলোকক ক’লে, “তোমালোক সকলোৱে মোৰ কাৰণে বিঘিনি পাবা; কিয়নো এনে লিখা আছে যে, ‘মই মেৰৰখীয়াক আঘাত কৰিম, তাতে মেৰবোৰ সিচঁৰতি হৈ যাব।’


কিন্তু ভাববাদী সকলৰ শাস্ত্ৰীয় বচন সিদ্ধ হ’বলৈ এই সকলো ঘটিল।” তেতিয়া সকলো শিষ্যই তেওঁক এৰি পলাই গ’ল।


তাতে সেই দুজন শিষ্য পুনৰ নিজৰ ঘৰলৈ গুচি গ’ল।


এইবোৰ কথা উপমাৰে মই তোমালোকক ক’লো, যি সময়ত মই তোমালোকক উপমা দিব নোৱাৰিম, প্ৰকাশকৈ পিতৃৰ কথা জনাম, এনে সময় আহিছে।


মানুহবোৰে নাম-ঘৰৰ পৰা তোমালোকক বাহিৰ কৰিব, সেই কালত তোমালোকক বধ কৰোঁতা প্ৰতিজনে ঈশ্বৰৰ সেৱা কৰিছোঁ বুলি ভাবিব, এনে কাল আহি আছে।


কিন্তু যি কালত স্বৰূপ ভকত সকলে আত্মাৰে আৰু সত্যেৰে পিতৃৰ ভজনা কৰিব, এনে কাল আহিছে, এনে কি এতিয়াই সেই সময় হৈছে; কিয়নো পিতৃয়ে এনেকুৱা ভকত সকলকহে বিচাৰে।


যীচুৱে তেওঁক ক’লে, “হে নাৰী, মোৰ কথা বিশ্বাস কৰা! এনে কাল আহিছে যেতিয়া তোমালোকে পিতৃ ঈশ্বৰৰ ভজনা এই পর্বতত নাইবা যিৰূচালেমত নকৰিবা।


যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “মানুহৰ পুত্ৰ মহিমান্বিত হ’বৰ সময় হৈছে।


এই কথা শুনি বিস্মিত নহ’ব; কিয়নো এনে সময় আহিছে, যি সকল মৈদামত আছে, তেওঁলোক সকলোৱে মনুষ্য পুত্রৰ মাত শুনিব


আপোনালোকক সঁচাকৈয়ে কওঁ, যি সময়ত মৃত লোকে ঈশ্বৰৰ পুত্ৰৰ মাত শুনিব, এনে সময় আহি আছে, বৰং আহি পালেহি আৰু যি সকলে শুনিব, তেওঁলোক জীৱ।


পাছত যীচুৰ সৈতে থকা সকলোৱে তেওঁক ত্যাগ কৰিলে আৰু পলাল৷


স্তিফানক বধ কৰা কথাত চৌলৰো সন্মতি আছিল। সেই সময়ত যিৰূচালেমত থকা মণ্ডলীৰ বিৰুদ্ধে বৰ তাড়না হৈছিল আৰু পাঁচনি সকলৰ বাহিৰে আন বিশ্বাসী সকল সমগ্র যিহূদা আৰু চমৰীয়া দেশৰ ঠায়ে ঠায়ে সিচঁৰিত হৈ গ’ল।


যীচুৱে তেওঁলোকক ক’লে, “এতিয়া বিশ্বাস কৰিছা নে?”


তেতিয়া তেওঁ সেই শিষ্যকো ক’লে, “চোৱা, সৌৱা তোমাৰ মাতৃ”! সেই সময়ৰে পৰা সেই জন শিষ্যই তেওঁক নিজৰ ঘৰলৈ লৈ গ’ল।


আমি জাহাজত উঠিলো কিন্তু তেওঁলোকে নিজ নিজ ঘৰলৈ উলটি গল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন