যিৰি 9:25 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 যিহোৱাই কৈছে, চোৱা, এনে দিন আহিছে, যে, সেই দিনা মই চুন্নৎ হোৱাসকলক অচুন্নৎ বুলি দণ্ড দিম। |
হে যিহূদাৰ লোক, হে যিৰূচালেম নিবাসীসকল, তোমালোকে যিহোৱাৰ উদ্দেশ্যে চুন্নৎ হোৱা, নিজ নিজ হৃদয়ৰ অগ্ৰচৰ্ম্ম গুচাই পেলোৱা, নতুবা তোমালোকৰ কাৰ্যৰ দুষ্টতাৰ বাবে মোৰ ক্ৰোধাগ্নি জ্বলি উঠি কোনেও নুমাব নোৱাৰাকৈ দগ্ধ কৰিব।
সিহঁতৰ উটবোৰ চিকাৰৰ বস্তু যেন হ’ব, আৰু সিহঁতৰ পশুসমূহ লুট দ্ৰব্য হ’ব। আৰু কুমৰ গুৰিত ডাঢ়ি-চুলি কটা আটাইবোৰকে মই সকলো ফালে বায়ুত উড়ুৱাই দিম; আৰু যিহোৱাই কৈছে, মই সিহঁতৰ সকলো ফালৰ পৰা সিহঁতলৈ আপদ আনিম।
তুমি বিদেশীসকলৰ হাতত অচুন্নৎসকলৰ দৰে মৰিবা, কিয়নো মই এই কলোঁ!’ এয়ে প্ৰভু যিহোৱাৰ ঘোষণা।”
এইদৰে তুমি প্ৰতাপত আৰু মহত্ত্বত এদনৰ গছবোৰৰ মাজত কাৰ সদৃশ? তথাপি পৃথিৱীৰ অধোভাগলৈ এদনৰ গছবোৰে সৈতে তোমাকো নমোৱা হ’ব; তৰোৱালৰ দ্বাৰাই হত হোৱাসকলে সৈতে অচুন্নৎসকলৰ মাজত তুমিও পৰি থাকিবা! ফৰৌণ আৰু তাৰ আটাই লোক সকলৰ এইৰূপ গতি হ’ব!” এয়েই প্ৰভু যিহোৱাই কৰা ঘোষণা!
হে ইস্ৰায়েল বংশ, তোমালোকে মোক আহাৰ, অৰ্থাৎ তেল আৰু তেজ উৎসৰ্গ কৰা সময়ত, মোৰ গৃহটি অপবিত্ৰ কৰিবৰ কাৰণে মোৰ ধৰ্মধামত ভৰি দিবলৈ অচুন্নৎ হৃদয়ৰ আৰু অচুন্নৎ মাংসৰ বিজাতীয়সকলক মোৰ ধৰ্মধামলৈ যে আনিলা, তোমালোকৰ আটাই ঘিণলগীয়া কাৰ্যৰ মাজত সেইটোৱেই তোমালোকৰ পক্ষে যথেষ্ঠ হওক; তোমালোকৰ আটাই ঘিণলগীয়া কাৰ্যৰ বাহিৰেও তোমালোকে মোৰ নিয়মটি ভাঙিলা।
তোমালোকে নিজ নিজ মূৰৰ চুলি ঘুৰণীয়াকৈ নাকাটিবা আৰু নিজ নিজ দাড়িৰ চুক অশুৱনীকৈ নুখুৰাবা।
মইও তেওঁলোকৰ বিপৰীত আচৰণ কৰি তেওঁলোকক শত্ৰুবোৰৰ দেশলৈ অনাকো স্বীকাৰ কৰে, বিশেষকৈ যদি তেওঁলোকে নিজৰ অচুন্নৎ মন নম্ৰ কৰে, আৰু নিজৰ পাপৰ দণ্ড যোগ্য যেন মানে,
“পৃথিৱীৰ সকলো ফৈদৰ মাজৰ পৰা মই কেৱল তোমালোককেই বাচি ললোঁ। এই কাৰণে তোমালোকৰ সকলো পাপ কার্যৰ বাবে মই তোমালোকক দণ্ড দিম।।
কিয়নো মাত্ৰ বাহ্যিকভাৱে ইহুদী হলেই প্ৰকৃত ইহুদী হব নোৱাৰি আৰু মাংসত কৰা যি বাহিৰৰ চুন্নৎ সেই জনো চুন্নৎ নহয়;
কিন্তু যি জন ভিতৰে ইহুদী, তেওঁহে ইহুদী হয়; আৰু আখৰেৰে নহয়, কিন্তু আত্মাৰে, হৃদয়ৰ যি চুন্নৎ, সেয়েহে চুন্নৎ; তেওঁৰ প্ৰশংসা মানুহৰ পৰা নহয় কিন্তু ঈশ্বৰৰ পৰাহে হয়।
যোনাথনে তেওঁৰ ডেকা অস্ত্ৰবাহকক ক’লে, “আহা, আমি সেই অচুন্নৎ নগৰ ৰক্ষী সৈন্য দলক অতিক্ৰম কৰি যাওঁ, যিহোৱাই হয়তো আমাৰ পক্ষে কাম কৰিব; কাৰণ বহু লোকৰ পৰাই হওঁক বা কম সংখ্যক লোকৰ পৰাই হওঁক, উদ্ধাৰ কৰিবলৈ যিহোৱাক বাধা কৰোঁতা কোনো নাই।”
তেতিয়া দায়ুদে নিজৰ ওচৰত থিয় হৈ থকা লোকসকলক সুধিলে, “সেই পলেষ্টীয়াজনক যিজনে বধ কৰি ইস্ৰায়েলৰ পৰা অপমান দূৰ কৰিব, সেইজনলৈ কি কৰা যাব? কিয়নো সেই অচুন্নৎ ফিলিষ্টীয়াজন নো কোন, সি যে জীৱন্ত ঈশ্বৰৰ সৈন্যসকলক ইতিকিং কৰিব?”