লোহাৰ দণ্ডৰে তুমি তেওঁলোকক ভাঙি পেলাবা; কুমাৰৰ মাটিৰ পাত্ৰৰ দৰে তুমি তেওঁলোকক চূর্ণ-বিচূর্ণ কৰিবা।”
যিৰি 48:12 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 এই হেতুকে, যিহোৱাই কৈছে, “গতিকে চোৱা, এই দিনবোৰ আহি আছে, যি দিনা মই ঢালিবলৈ মানুহ পঠিয়াম সেই দিন আহিছে সেই দিনা তেওঁলোকে তাক ঢালিব, তাৰ পাত্ৰবোৰ শুদা কৰিব আৰু তাৰ ঘটবোৰ ডোখৰ ডোখৰ কৰিব। |
লোহাৰ দণ্ডৰে তুমি তেওঁলোকক ভাঙি পেলাবা; কুমাৰৰ মাটিৰ পাত্ৰৰ দৰে তুমি তেওঁলোকক চূর্ণ-বিচূর্ণ কৰিবা।”
কুমাৰৰ পাত্ৰ ভঙাৰ দৰে তেওঁ তাক ভাঙিব; অলপো নৰখাকৈ তাক ডোখৰ ডোখৰ কৈ ভাঙিব; তাতে জুইশালৰ পৰা জুই লবলৈ, বা চৌবাচ্চা পৰা পানী তুলিবলৈ তাৰ টুকুৰাবোৰৰ মাজৰ এডোখৰো পোৱা নাযাব।
তেওঁলোকৰ বৰ লোকসকলে নিজ নিজ অধীনৰ দাসবোৰক পানীৰ বাবে পঠাইছে। তেওঁলোকে জলাধাৰবোৰৰ ওচৰলৈ গৈ পানী নাপাই শুদা পাত্ৰ লৈ উলটি আহিছে; তেওঁলোকে লাজ পাই মুখ বিবৰ্ণ কৰিছে, আৰু তেওঁলোকৰ মূৰ ঢাকিছে।
হে মেৰ-ছাগ ৰখীয়াবোৰ, তোমালোকে হাহাঁকাৰ আৰু কাতৰোক্তি কৰা; আৰু হে মেৰ-ছাগৰ জাকৰ প্ৰধান লোকসকল, তোমালোক ছাইত বাগৰা। কিয়নো তোমালোকৰ হত্যাৰ দিন আহি পৰিল; মই তোমালোকক ছিন্ন-ভিন্ন কৰিম, তাতে তোমালোক মনোহৰ পাত্ৰৰ দৰে পতিত হবা।
চোৱা, মই মানুহ পঠাই উত্তৰ দিশত থকা আটাই গোষ্ঠীক আনিম, ইয়াক যিহোৱা কৈছে: মই মোৰ দাস বাবিলৰ ৰজা নবূখদনেচৰৰ ওচৰলৈ মানুহ পঠাই, এই দেশৰ, ইয়াৰ নিবাসীসকলৰ, আৰু চাৰিওফালে থকা এই আটাইবোৰ জাতিৰ বিৰুদ্ধে তেওঁলোকক আনিম; আৰু মই তেওঁলোকক নিঃশেষে বিনষ্ট কৰিম, আৰু মই এওঁলোকক আচৰিতৰ ও ইচ্ ইচ্ কৰাৰ বিষয় আৰু এওঁলোকৰ ঠাই চিৰকলীয়া ধ্বংসস্থান কৰিম।
মোৱাব সৰু কালৰে পৰা নিশ্চিন্তভাৱে আছে, আৰু সি নিজৰ গেদৰ ওপৰত সুস্থিৰে আছে, এক পাত্ৰৰ পৰা আন পাত্ৰত ঢলা হোৱা নাই, আৰু সি বন্দী-অৱস্থালৈ যোৱাও নাই; এই কাৰণে তাৰ সুস্বাদ তাতে আছে আৰু তাৰ দগ্ধ পৰিৱৰ্ত্তন হোৱা নাই।
ইস্ৰায়েল বংশই নিজ বিশ্বাসৰ ভূমি বৈৎএলৰ বিষয়ে লাজ পোৱাৰ দৰে মোৱাবেও কমোচৰ বিষয়ে লাজ পাব।
মোৱাব উচ্ছন্ন হ’ল, আৰু তাৰ নগৰবোৰ ধুঁৱা হৈ উড়ি গ’ল আৰু তাৰ মনোনীত ডেকা লোকসকল বধৰ ঠাইলৈ নামি গ’ল, বাহিনীসকলৰ যিহোৱা নামেৰে প্ৰখ্যাত ৰজাই ইয়াক কৈছে।
মোৱাবৰ সকলো ঘৰৰ চালত, আৰু তাৰ চকবোৰৰ সকলোফালে বিলাপ শুনা গৈছে; কিয়নো যিহোৱাই কৈছে ভাল নোপোৱা কোনো পাত্ৰৰ নিচিনাকৈ মই মোৱাবক ভাঙি পেলালোঁ।
প্ৰত্যেক নগৰলৈ বিনাশক আহিব আৰু কোনো নগৰ ৰক্ষা নাপাব; যিহোৱাৰ বাক্য অনুসাৰে তলভূমি বিনষ্ট হ’ব, সমতলো বিনষ্ট হ’ব।
কিয়নো যদিও লুণ্ঠন কৰোঁতা সকলে তেওঁলোকক খালি কৰি উলিয়াই পঠিয়ালে আৰু তেওঁলোকৰ দ্ৰাক্ষালতাৰ ডালবোৰ নষ্ট কৰিলে তথাপিও যিহোৱাই ইস্ৰায়েলৰ মহত্ত্বৰ দৰে যাকোবৰ মহত্ত্ব পুনৰায় স্থাপন কৰিব।