Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যিৰি 48:11 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

11 মোৱাব সৰু কালৰে পৰা নিশ্চিন্তভাৱে আছে, আৰু সি নিজৰ গেদৰ ওপৰত সুস্থিৰে আছে, এক পাত্ৰৰ পৰা আন পাত্ৰত ঢলা হোৱা নাই, আৰু সি বন্দী-অৱস্থালৈ যোৱাও নাই; এই কাৰণে তাৰ সুস্বাদ তাতে আছে আৰু তাৰ দগ্ধ পৰিৱৰ্ত্তন হোৱা নাই।

অধ্যায়টো চাওক কপি কৰক




যিৰি 48:11
16 পৰস্পৰ সংযোগসমূহ  

আমাৰ প্রাণে বহন কৰিব পৰাতকৈ লোকসকলৰ বিদ্রূপ আৰু অহঙ্কাৰীবোৰৰ অপমান অধিক হ’ল।


ঈশ্বৰ, যি জন অৱশেষ অনাদি কালৰে পৰা আছে; তেওঁ শুনিব আৰু তেওঁলোকক উত্তৰ দিব। [চেলা] যি মানুহৰ পৰিবৰ্ত্তন নাই; তেওঁলোকে ঈশ্বৰক ভয় নকৰে।


অশিক্ষিত সেই লোকসকল যেতিয়া বিপথে যায়, তেতিয়া তেওঁলোকৰ মৃত্যু হয়। মূৰ্খৰ নিৰপেক্ষতাই তেওঁলোকক ধ্বংস কৰিব।


আমি মোৱাবৰ অহংকাৰ, আৰু তেওঁৰ গৰ্বৰ কথা শুনিলোঁ, তেওঁৰ আত্মগৌৰৱ, আৰু তেওঁৰ ক্রোধৰ বিষয়েও শুনিলো; কিন্তু তেওঁৰ আত্মগৌৰৱ মূল্যহীন।


পৃথিৱী সম্পূৰ্ণকৈ শূন্য আৰু লুট কৰা হ’ব; কিয়নো যিহোৱাই এই কথা কৈছে,


বাহিনীসকলৰ যিহোৱাই এই পৰ্ব্বতত সকলো জাতিৰ বাবে চৰ্বিযুক্ত আহাৰৰ ভোজ, নিৰ্বাচিত দ্ৰাক্ষাৰস, কোমল মাংস, ক’ম পৰিমাণে ভোজ যুগুত কৰিব।


তোমাৰ মঙ্গলৰ সময়ত মই তোমাক কৈছিলোঁ; কিন্তু তুমি, “মই নুশুনো” বুলি ক’লা। তুমি যে মোৰ বাক্য পালন নকৰা, এয়ে লৰা কালৰে পৰা তোমাৰ দস্তুৰ।


এই হেতুকে, যিহোৱাই কৈছে, “গতিকে চোৱা, এই দিনবোৰ আহি আছে, যি দিনা মই ঢালিবলৈ মানুহ পঠিয়াম সেই দিন আহিছে সেই দিনা তেওঁলোকে তাক ঢালিব, তাৰ পাত্ৰবোৰ শুদা কৰিব আৰু তাৰ ঘটবোৰ ডোখৰ ডোখৰ কৰিব।


আমি মোৱাবৰ অহঙ্কাৰৰ বিষয়ে শুনিলোঁ, যে সি বৰ গৰ্ব্বী; তাৰ অভিমান, অহংকাৰ, দৰ্প আৰু মনৰ গৰ্ব্বৰ কথা আমি শুনিলোঁ।


বাবিলৰ ৰজা নবূখদনেচৰে মোক গ্ৰাস কৰিলে, মোক গুৰি কৰিলে, মোক শূণ্যপাত্ৰ কৰিলে, মোক নাগৰ দৰে গিলি পেলালে, মোৰ সু-স্বাদু বস্তুৰে উদৰ পূৰ কৰিলে, আৰু মোক বাহিৰলৈ পেলালে।


সেই নীনবি শুদা আৰু উচ্ছন্ন; প্রতিজনৰ ভয়ত মন পমি গৈছে আৰু আঁঠুৱে আঁঠুৱে লগালগি হৈছে, সকলোৰে বেদনা, আৰু সকলোৰে মুখ বিবৰ্ণ হৈছে।


কিয়নো যদিও লুণ্ঠন কৰোঁতা সকলে তেওঁলোকক খালি কৰি উলিয়াই পঠিয়ালে আৰু তেওঁলোকৰ দ্ৰাক্ষালতাৰ ডালবোৰ নষ্ট কৰিলে তথাপিও যিহোৱাই ইস্ৰায়েলৰ মহত্ত্বৰ দৰে যাকোবৰ মহত্ত্ব পুনৰায় স্থাপন কৰিব।


সেই সময়ত মই এটা চাকি ল’ম আৰু যিৰূচালেমৰ সকলো ঠাইতে বিচাৰিম; যিসকলে তেওঁলোকৰ দ্রাক্ষাৰসতে সন্তুষ্ট থাকে আৰু মনতে কয়, ‘যিহোৱাই মঙ্গল কি অমঙ্গল একোৱেই নকৰিব’ তেওঁলোকক দণ্ড দিম।


আৰু নিশ্চিন্তে থকা জাতি সমূহৰ ওপৰত মই অতিশয় অসন্তুষ্ট হৈছোঁ; কিয়নো মই কেৱল অলপ অসন্তুষ্ট হোৱাত, তেওঁলোক অমঙ্গলৰ অৰ্থে সাহায্য কৰোঁতা হ’ল।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন