সেইবাবে যিহোৱাই ক’লে, “মই মোৰ দৃষ্টিৰ পৰা ইস্ৰায়েলক যেনেকৈ দূৰ কৰিলোঁ, তেনেকৈ যিহূদাকো দূৰ কৰিম। মই যি নগৰক মনোনীত কৰি লৈছিলোঁ, সেই যিৰূচালেমক আৰু যি গৃহৰ সম্বন্ধে মই কৈছিলোঁ, ‘মোৰ নাম তাত থাকিব’ সেই গৃহক মই অগ্রাহ্য কৰিম।
যিৰি 23:33 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 “আৰু যেতিয়া এই জাতিবোৰে, বা ভাববাদীয়ে বা পুৰোহিতে তোমাক সুধিব, ‘যিহোৱাৰ ভাৰ-বাক্য কি?’ তেতিয়া তুমি তেওঁলোকক কবা, ভাৰ-বাক্য কি? যিহোৱাই কৈছে মই তোমালোকক দূৰ কৰি দিম। |
সেইবাবে যিহোৱাই ক’লে, “মই মোৰ দৃষ্টিৰ পৰা ইস্ৰায়েলক যেনেকৈ দূৰ কৰিলোঁ, তেনেকৈ যিহূদাকো দূৰ কৰিম। মই যি নগৰক মনোনীত কৰি লৈছিলোঁ, সেই যিৰূচালেমক আৰু যি গৃহৰ সম্বন্ধে মই কৈছিলোঁ, ‘মোৰ নাম তাত থাকিব’ সেই গৃহক মই অগ্রাহ্য কৰিম।
তেওঁ ওলাই গৈ আচা’ৰ লগত সাক্ষাৎ কৰি তেওঁক ক’লে, “হে আচা, আৰু হে যিহূদাৰ আৰু বিন্যামীনৰ আটাই লোকসকল, তোমালোকে মোৰ কথা শুনা: তোমালোক যেতিয়ালৈকে যিহোৱাৰ লগত থাকিবা, তেতিয়ালৈকে তেৱোঁ তোমালোকৰ লগত আছে৷ যদি তোমালোকে তেওঁক বিচাৰা, তোমালোকে তেওঁক পাবা; কিন্তু যদি তোমালোকে তেওঁক ত্যাগ কৰা, তেন্তে তেৱোঁ তোমালোকক ত্যাগ কৰিব।
মই মোৰ গৃহ ত্যাগ কৰিলোঁ; মোৰ আধিপত্য এৰি দিলোঁ। মই মোৰ প্ৰাণৰ প্ৰিয়াক শত্ৰূ হাতত শোধাই দিলোঁ।
আৰু তোমালোকৰ ভাইসকলক, এনে কি, ইফ্ৰয়িমৰ গোটেই বংশক যেনেকৈ দূৰ কৰি পেলালোঁ, তেনেকৈ তোমালোককো মোৰ সম্মুখৰ পৰা দূৰ কৰি পেলাম।
যদিওবা কোনোৱে সন্তান সকলক ডাঙৰ-দীঘল কৰে, সেই সন্তান সকলৰ মৃত্যু ঘটাই মই তেওঁলোকক সন্তানহীন কৰিম; তেওঁলোকৰ এজনো অৱশিষ্ট নাথাকিব। যেতিয়া মই তেওঁলোকৰ ওচৰৰ পৰা আঁতৰি যাম, তেওঁলোকৰ অৱশ্যেই সন্তাপ হ’ব।
হদ্ৰক দেশৰ বিৰুদ্ধে যিহোৱাৰ বাক্য হ’ল আৰু দম্মেচকত তেওঁৰ আশ্ৰয় হ’ল; কিয়নো ইস্ৰায়েল আটাই ফৈদৰ ওপৰত থকাৰ দৰে মনুষ্য জাতিৰ ওপৰত যিহোৱাৰ দৃষ্টি হ’ব।